দেওবাৰ ( IPA: [rabibāra] ) সপ্তাহৰ এটা দিন। ইয়াৰ স্থান শনিবাৰৰ পিছত আৰু সোমবাৰৰ আগত। ইহুদী ধৰ্মীয় পঞ্জিকা অনুসৰি আৰু কিছুমান খ্ৰীষ্টান সম্প্ৰদায়ৰ মতে ই সপ্তাহৰ প্ৰথম দিন। পশ্চিমীয়া বহু দেশত দেওবাৰক সপ্তাহৰ শেষ দিন বুলি গণ্য কৰা হয়। পৃথিৱীৰ বেছিভাগ দেশতে দেওবাৰটো বন্ধৰ দিন। দেওবাৰক ৰবিবাৰ বুলিও কোৱা হয়। ৰবি হৈছে সূৰ্য্য দেৱতাৰ আন এটা নাম।

ছল ইউষ্টিটিয়া (ধাৰ্মিকতাৰ সূৰ্য্য বা ধাৰ্মিকতাৰ দেওবাৰ), ইহুদী-খ্ৰীষ্টান বাইবেল, মলাখী ৪:২ৰ পৰা আহৰণ কৰা।

জ্যোতিৰ্বিদ্যাত

সম্পাদনা কৰক

জ্যোতিৰ্বিদ্যাত দেওবাৰটো ৰবী অৰ্থাৎ সূৰ্য্যৰ সৈতে সম্পৰ্কিত আৰু ইয়াক চিহ্নৰে প্ৰকাশ কৰা হয়।