দোৰোলা
দোৰোলা বা দোনা হৈছে কলগছৰ পটুৱাৰে নিৰ্মিত এবিধ দ-পাত্ৰ।[1] কলগছ কাটি গা-গছৰ তৰপবোৰ এৰুৱাই তাৰেই দোৰোলা তৈয়াৰ কৰা হয়। ইয়াত কেৱল কলগছৰ বাহিৰে কোনো ধৰণৰ আন পৰ্দাথৰ প্ৰয়োজন নহয়। সাধাৰণতে অসমীয়া সমাজত সেৱা-সকামত কোমল চাউল দৈ জাতীয় জলপান আৰু ভোজত আঞ্জা খাবলৈ দোৰোলা পাত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি ধাৰ্মিক কাম-কাজত বিভিন্ন ধৰণে দোৰোলা ব্যৱহাৰ হয়। দান দিয়া কাৰ্যত পাত্ৰ হিচাপে দোৰোলা ব্যৱহাৰ কৰা হয়, পূজাৰ নৈবেদ্য, ফুল-তুলসী, পদজল আদি ৰাখিবলৈ সৰুকৈ দোৰোলা সাজি লোৱা হয়। অসমীয়া সমাজত যিকোনো অনুষ্ঠান যেনে মৃতকৰ শ্ৰাদ্ধ, বিয়া আদিৰ পূৰ্বে গাঁৱৰ পুৰুষসকলে হজ হিচাপে দোৰোলা চিলোৱা কাম কৰা দেখা যায়।[2] কলগছৰ পৰা নিৰ্মাণ হোৱা বাবে ব্যৱহাৰৰ পিছত এই আৱৰ্জনাই পৰিৱেশৰ কোনো অনিষ্ট সাধন কৰিব নোৱাৰে। ই সহজে পচন যোগ্য।[3]
অন্যান্য নাম
সম্পাদনা কৰকদোৰোলাক বিভিন্ন নামেৰে জনা যায়-[1][4]
- খোল
- খালি
- দোং বা ডোং
- দোনা
- ডোঙা
- পটুৱা আদি
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 "দোৰোলা". Xobdo.org. http://www.xobdo.org/dic/%E0%A6%A6%E0%A7%8B%E0%A7%B0%E0%A7%8B%E0%A6%B2%E0%A6%BE। আহৰণ কৰা হৈছে: 16 August 2022.
- ↑ জয়ন্ত প্ৰীতম. "বৃত্তৰ পৰা বিন্দুলৈ". Xahitya.org. https://www.xahitya.org/%E0%A6%AC%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%BE-%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%81%E0%A6%B2%E0%A7%88-%E0%A6%9C%E0%A7%9F%E0%A6%A8%E0%A7%8D/। আহৰণ কৰা হৈছে: 16 August 2022.
- ↑ "Banana Plants : A Biodegradable Alternate to Plastic Bags". Biotecnika. https://www.biotecnika.org/2019/12/banana-plants-for-packaging/। আহৰণ কৰা হৈছে: 16 August 2022.
- ↑ "a deep plate made from the sheath of a banana tree. in Assamese অসমীয়া". Khandbahale. https://www.khandbahale.com/language/assamese-dictionary-translation-meaning-of-a%20deep%20plate%20made%20from%20the%20sheath%20of%20a%20banana%20tree.। আহৰণ কৰা হৈছে: 16 August 2022.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত দোৰোলা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |