দ্য কেৰালা ষ্ট’ৰী

সুদীপ্ত সেনৰ দ্বাৰা পৰিচালিত ২০২৩ চনৰ ভাৰতীয় হিন্দী ছবি

দ্য কেৰালা ষ্ট’ৰী ২০২৩ চনৰ ভাৰতীয় হিন্দী ছবি। ইয়াৰ পৰিচালক সুদীপ্ত সেন আৰু প্ৰযোজক বিপুল অমৃতলাল শ্বাহ।[2] ছবিখনত অভিনয় কৰিছে— অদা শৰ্মা, যোগিতা বিহানী, ছোনিয়া বালানী আৰু সিদ্ধি ইদনানী। কাহিনীটোত কেৰালাৰ এদল হিন্দু মহিলাৰ কাহিনী অনুসৰণ কৰা হৈছে, যিয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰি ইৰাক আৰু ছিৰিয়াৰ চৰমপন্থী সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টে’টত যোগদান কৰে।

দ্য কেৰালা ষ্ট’ৰী
পৰিচালক সুদীপ্ত সেন
ৰচনা
  • সূৰ্যপাল সিং
  • সুদীপ্ত সেন
  • বিপুল অমৃতলাল শাহ
প্ৰযোজক বিপুল অমৃতলাল শাহ
অভিনয়ত
  • অদা শৰ্মা
  • যোগিতা বিহানি
  • সোণিয়া বালানি
  • সিদ্ধি ইদনানি
সম্পাদনা সঞ্জয় শৰ্মা
সংগীত পৰিচালক বীৰেশ শ্ৰীভালসা
বিশাখ জ্যোতি
প্ৰযোজনা
কোম্পানী
সানশাইন পিকচাৰ্স
মুক্তি
৫ মে' ২০২৩ (2023-05-05)
দেশ ভাৰত
ভাষা হিন্দি
বাজেট est. ৪০ কোটি[1]

পটভূমি সম্পাদনা কৰক

‘দ্য কেৰেলা ষ্ট’ৰী’ত কেৰালাৰ বিভিন্ন অঞ্চলৰ তিনিগৰাকী যুৱতীৰ কাহিনী বৰ্ণনা কৰা হৈছে, য’ত প্ৰধানকৈ অপহৰণ কৰা আৰু পৰৱৰ্তী সময়ত জোৰ-জবৰদস্তিকৈ ইছলাম ধৰ্ম গ্ৰহণ কৰোৱা শালিনীৰ কাহিনীৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তাৰপাছত শালিনীক উগ্ৰপন্থী কৰি তোলা হয়। আৰু সন্ত্ৰাসবাদী হিচাপে আইছিছত যোগদান কৰিবলৈ বাধ্য কৰোৱা হয়।

কলা-কুশলী সম্পাদনা কৰক

  • অদা শৰ্মা - শালীনী উন্নিকৃষ্ণন/ফাতিমা
  • যোগিতা বিহানী
  • বেনেডিক্ট গেৰেট - পিটাৰ ৰড
  • ভৱন মখিজা - ভাগ্যলক্ষ্মী
  • প্ৰণয় পাচৌৰী
  • সিদ্ধি ইদনানী
  • চন্দ্ৰ শেখৰ দত্ত - প্ৰচাৰক
  • উষা সুব্ৰমণিয়ান সক্সেনা - গীতাঞ্জলিৰ মাতৃ
  • প্ৰণৱ মিশ্ৰ
  • ছোনিয়া বালানী
  • বিজয় কৃষ্ণ
  • এলিনা কৌল - হোছনা
  • ছানিয়া মিৰ - ফাৰাহ

ব্যৱসায়িক সফলতা সম্পাদনা কৰক

প্ৰথম দিনাই ভাৰতত ছবিখনে গাৰ্ডিয়ান্‌ছ অৱ দ্য গেলেক্সী ভলিউমৰ উপাৰ্জন অতিক্ৰম কৰি ₹৮.০৩ কোটি টকা উপাৰ্জন কৰে।[3] একেদিনাই মুক্তি পোৱা গাৰ্ডিয়ান্‌ছ অৱ দ্য গেলাক্সীৰ তৃতীয় খণ্ডই ₹৭ কোটি উপাৰ্জন কৰে। কেৰালা ষ্ট’ৰী ২০২৩ চনৰ বাবে ভাৰতৰ পঞ্চম সৰ্বাধিক উন্মোচনী দিনত সৰ্বাধিক উপাৰ্জনকাৰী।[4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক