দ্য পাৰছুট অৱ হেপিনেছ ২০০৬ চনত মুক্তিপ্ৰাপ্ত এখন জীৱনীমূলক আমেৰিকান নাট্য চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন গেব্ৰিয়েল মুচ্চিন'ই পৰিচালনা কৰিছিল আৰু ছবিখনৰ মুখ্য চৰিত্ৰ এগৰাকী গৃহহীন বিক্ৰেতা (চে'লছমেন) ক্ৰিছ গাৰ্ডনাৰৰ চৰিত্ৰত উইল স্মিথে অভিনয় কৰিছিল। স্মিথৰ পুত্ৰ জাদেন স্মিথে এই চলচ্চিত্ৰত ক্ৰিছ গাৰ্ডনাৰৰ পুত্ৰ ক্ৰিষ্ট'ফাৰ জুনিয়ৰৰ চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ অভিনয়ৰ ক্ষেত্ৰখনত খোজ পেলাইছিল। ষ্টিভেন কনৰাডে এই ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছিল, আৰু এই চিত্ৰনাট্য গাৰ্ডনাৰে কুইন্সি থ্ৰুপৰ সহযোগিতাত ৰচনা কৰা ২০০৬ চনৰ অতীৱ জনপ্ৰিয় স্মৃতিকথামূলক গ্ৰন্থখনৰ আধাৰত ৰচিত হৈছিল। এই গ্ৰন্থ আৰু চলচ্চিত্ৰখনত ক্ৰিছ গাৰ্ডনাৰৰ জীৱনত এবছৰ গৃহহীন হিচাপে কটাবলগীয়া পৰিস্থিতিত মুখামুখি হোৱা সংগ্ৰামৰ কাহিনী বৰ্ণিত হৈছে। [2] চলচ্চিত্ৰখনৰ শিৰোনামত থকা Happyness শব্দটোৰ আখঁজা বানান গাৰ্ডনাৰে তেওঁৰ সংগ্ৰামকালীন সময়ছোৱাত তেওঁৰ পুত্ৰক প্ৰতিপালন কৰা দিবাযত্নকেন্দ্ৰটোৰ বাহিৰৰ দেৱালত দেখা পোৱা মূৰেলৰ পৰা গ্ৰহণ কৰা হৈছে।

দ্য পাৰছুট অৱ হেপিনেছ

চিত্ৰগৃহত প্ৰদৰ্শিত ছবিৰ প'ষ্টাৰ
পৰিচালক গেব্ৰিয়েল মুচ্চিন'
চিত্ৰনাট্য ষ্টিভেন কনৰাড
ভিত্তি ক্ৰিছ গাৰ্ডনাৰ আৰু কুইন্সি থ্ৰুপৰ The Pursuit of Happyness
প্ৰযোজক
অভিনয়ত
সূত্ৰধাৰ উইল স্মিথ
চিত্ৰগ্ৰহণকাৰী ফে'ডন পাপেমাইকেল
সম্পাদনা হুইজেছ ৱিনব'ৰ্ণ
সংগীত পৰিচালক এন্দ্ৰিয়া গুৱেৰৰা
প্ৰযোজনা
কোম্পানী
পৰিবেশক ছ'নী পিকচাৰ্ছ ৰিলিজিং
মুক্তি
ডিচেম্বৰ ১৫, ২০০৬ (2006-12-15)
দৈৰ্ঘ্য
১১৭ মিনিট
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
বাজেট $৫৫ মিলিয়ন আমেৰিকান ডলাৰ [1]
সৰ্বমুঠ আয় $৩০৭.১ মিলিয়ন আমেৰিকান ডলাৰ[1]

এই চলচ্চিত্ৰখন ২০০৬ চনৰ ১৫ ডিচেম্বৰ তাৰিখে কলম্বিয়া পিকচাৰ্ছ নামৰ বিতৰকৰ জৰিয়তে মুক্তি দিয়া হৈছিল। আদিতে, চলচ্চিত্ৰখনে দৰ্শকৰ পৰা মোটামুটি ধনাত্মক সমালোচনাই লাভ কৰিছিল। ক্ৰিছ গাৰ্ডনাৰৰ চৰিত্ৰত অভিনয়ৰ জৰিয়তে উইল স্মিথে বিশ্বজুৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল। উইল স্মিথে একাডেমী বঁটা (অস্কাৰ) আৰু গ'ল্ডেন গ্ল'ৱ বঁটাৰ শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনীত হৈছিল। [3]

কাহিনীভাগ সম্পাদনা কৰক

১৯৮১ চনত ছানফ্ৰান্সিক' চহৰৰ গৃহবিহীন বিক্ৰেতা (চে'লছমেন) ক্ৰিছ গাৰ্ডনাৰে তেওঁৰ জীৱনৰ সমস্ত সঞ্চিত ধন এটা বিশেষ ধৰণৰ সৰবৰাহযোগ্য হাঁড়ৰ ঘনত্ব নিৰ্ণয়কাৰী যন্ত্ৰ(বা স্কেনাৰ)ৰ ব্যৱসায়ত বিনিয়োগ কৰে। তেওঁ এই যন্ত্ৰটোৰ কুশলতা বহু চিকিৎসকৰ ওচৰত প্ৰদৰ্শন কৰে আৰু ইয়াৰ উপযুক্ততা সাধাৰণ ৰঞ্জন ৰশ্মি(এক্স-ৰে')ৰ তুলনাত চকুতলগাধৰণে অধিক হিচাপে ব্যাখ্যা কৰে। ক্ৰিছৰ জীৱনত এই যন্ত্ৰটোৰ এক তাৎপৰ্য্যপূৰ্ণ ভূমিকা আছিল। তেওঁ যন্ত্ৰসমূহৰ অধিকাংশ বিক্ৰী কৰিবলৈ সক্ষম হয় যদিও বিক্ৰীৰ মন্থৰ গতিৰ ফলস্বৰূপে পৰিয়ালৰ ক্ৰমবৰ্দ্ধমান আৰ্থিক প্ৰয়োজন পূৰাবলৈ তেওঁ ব্যৰ্থ হয়। ফলশ্ৰুতিত আগৰেপৰা তিক্ততাপূৰ্ণ হোৱা আৰু ফাঁট মেলা সম্পৰ্কৰ পত্নী লিণ্ডা অধিক ক্ষুন্ন হৈ উঠে। লিণ্ডা হোটেলৰ কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল। এই আৰ্থিক অসুস্থিৰতাই তেওঁলোকৰ বৈবাহিক সম্পৰ্কত অধিক খহনীয়াৰ সৃষ্টি কৰে। ৫ বছৰ বয়সৰ ওচৰ চপা তেওঁলোকৰ পুত্ৰ ক্ৰিষ্ট'ফাৰৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা আছিল যদিও, আৰ্থিক সমস্যাৰ জৰ্জৰতাই তেওঁলোকৰ বৈবাহিক সম্পৰ্কলৈ যতি আনে।

এইদৰেই তেওঁৰ যন্ত্ৰ বিক্ৰীৰ বাবে ঘূৰি ফুৰোঁটে তেওঁৰ জে' টুইস্টলেৰ সৈতে সাক্ষাৎ হয়। ডিন উইটাৰ ৰেন'ল্ডছৰ এগৰাকী মুখ্য প্ৰৱন্ধক আৰু অংশীদাৰ টুইস্টলক ক্ৰিছে তেওঁৰ যন্ত্ৰটো বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিল। দুয়ো বাৰ্তালাপৰ সময়ত টেক্সিৰে যাত্ৰা কৰি থাকোঁতে ক্ৰিছে ৰুবিক কিউবৰ এটা সজ্জা পলকতে সমাধান কৰা দেখা পাই টুইস্টল বিমুগ্ধ হয়। জে'ই টেক্সিৰ পৰা নামি যোৱাৰ পিছত চালকজনক ভাৰা পৰিশোধ কৰিবলৈও ক্ৰিছৰ হাতত ফুটাকড়ি এটা নাছিল, আৰু উপায়বিহীন হৈ ক্ৰিছে তাৰ পৰা লৰ মাৰি পলাবলৈ চেষ্টা কৰে। টেক্সিৰ চালকজনে খঙতে ক্ৰিছক বাৰ্ট (বে' এৰিয়া ৰে'পিড ট্ৰেন্সিট) ষ্টেছনলৈকে পিছে পিছে খেদি যায়। সাৰিবলৈ ক্ৰিছ গাৰ্ডনাৰে এখন ৰেলত উঠি দিয়ে যদিও লৰালৰি মাজতে বিক্ৰীৰ বাবে অনা তেওঁৰ স্কেনাৰ যন্ত্ৰ এটা হেৰুৱাই পেলায়। জে' টুইস্টলৰ সৈতে গঢ় লোৱা তেওঁৰ নতুন সম্পৰ্কৰ জৰিয়তে ক্ৰিছ গাৰ্ডনাৰে জে'ৰ তত্ত্বাৱধানত এজন শিক্ষানবিচ ষ্ট'কব্ৰ'কাৰ হিচাপে কাম কৰাৰ সুবিধা লাভ কৰে। আৰ্থিক অনাটনৰ বাবে ঘৰ ভাৰা দিবলৈ অসমৰ্থ হোৱা ক্ৰিছে শিক্ষানবিচ ষ্ট'কব্ৰ'কাৰৰ বাবে হ'বলগা তেওঁৰ সাক্ষাৎকাৰৰ আগদিনা মালিকৰ দ্বাৰা উচ্ছেদ হোৱাৰ পৰা হাত সাৰিবলৈ অনিচ্ছাস্বত্বেও সেই ঘৰটোত ৰং দিবলৈ বাধ্য হয়। এইদৰে ৰং কৰি থাকোঁতেই দুজন আৰক্ষী বিষয়া আহি ক্ৰিছক তেওঁৰ দুৱাৰমুখৰ পৰাই আৰক্ষীথানালৈ লৈ যায় আৰু তেওঁক জানিবলৈ দিয়ে যে, ক্ৰিছৰ নামত বিভিন্ন পাৰ্কিং স্প'টত গোট খোৱা পাৰ্কিং টিকেটবোৰৰ কৰ পৰিশোধ কৰিব লাগিব। ইয়াৰ শাস্তি হিচাপেই গাৰ্ডনাৰক নিশাটোৰ বাবে কাৰাগাৰত আৱদ্ধ কৰি ৰখা হয়। ইয়াৰ ফলত ক্ৰিছৰ পিছৰদিনা হ'ব লগা সাক্ষাৎকাৰ অনিশ্চিত হৈ পৰে। এই সকলো বাধা বিঘিনিৰ পিছতো গাৰ্ডনাৰে পিছদিনা পুৱা সঠিক সময়তেই ডিন উইটাৰৰ কাৰ্য্যালয়ত উপস্থিত হয়। কিন্তু আৰক্ষীৰ হাজোতৰ পৰা পোনে পোনে যাবলগীয়া হোৱাৰ বাবে তেওঁ অপৰিছন্ন সাজ-পোছাকেৰেই গৈ পায়। তেওঁৰ অবিন্যস্ত উপস্থিতিৰ স্বত্বেও সাক্ষাৎকাৰগ্ৰহণকাৰীসকলৰ মন মুহিবলৈ সক্ষম হয় আৰু শিক্ষানবিচ ষ্ট'কব্ৰ'কাৰৰ অবৈতনিক পদ লাভ কৰে। উল্লেখ্য যে, ক্ৰিছ গাৰ্ডনাৰ ষ্ট'কব্ৰ'কাৰৰ এটা মাত্ৰ বেতনদেয় পদৰ বাবে সাক্ষাৎকাৰ দিবলগা ২০ জন প্ৰাৰ্থীৰ ভিতৰত এজন আছিল।

গাৰ্ডনাৰৰ অবৈতনিক শিক্ষানবিচৰ পদক লৈ তেওঁৰ পত্নী লিণ্ডা মুঠেও সন্তুষ্ট নাছিল, আৰু শেষত তেওঁ ক্ৰিছ আৰু পুত্ৰ ক্ৰিষ্ট'ফাৰক পৰিত্যাগ কৰি নিউইয়ৰ্কলৈ গমন কৰে। লিণ্ডাৰ ভগ্নীৰ সংগীজনৰ নিউইয়ৰ্কত থকা নতুন ৰেস্তোঁৰাখনত লিণ্ডাই এটা সংস্থাপন পোৱাৰ আশা আছিল। লিণ্ডাই স্পষ্টভাৱে একমাত্ৰ পুত্ৰ ক্ৰিষ্ট'ফাৰ জুনিয়ৰৰ একক মাতৃৰ দায়িত্ব পালন কৰিবলৈ অপাৰগ বুলি কোৱাত শেষত পুত্ৰৰ দায়িত্ব পিতৃৰ ওপৰতে সঁপাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ মাজতে ক্ৰিছৰ বেংক একাউন্ট অদেয় আয়কৰৰ শাস্তিস্বৰূপে জব্দ হয়, আৰু পুত্ৰ ক্ৰিষ্ট'ফাৰৰ সৈতে ক্ৰিছ গাৰ্ডনাৰ উচ্ছেদিত হয়। ইয়ে ক্ৰিছ গাৰ্ডনাৰ আৰু তেওঁৰ পুত্ৰৰ জীৱনলৈ আন এক জটিল সংকট নমাই আনে। তেওঁৰ হাতত পৰিশেষত গৈ মাথো ২২ মাৰ্কিন ডলাৰহে থাকেগৈ, গৃহহীন হৈ তেওঁ আশ্ৰয় ল'বৰ বাবে মূৰৰ ওপৰত এখন চালিৰো অভাৱত পৰে। পৰিস্থিতৰ চক্ৰত ক্ৰিছ গাৰ্ডনাৰ আৰু পুত্ৰৈ এনিশা বাৰ্ট আস্থান এটাৰ স্নানাগাৰত আশ্ৰয় ল'বলগীয়া হয়। এনেকৈয়ে অন্য দিনবিলাকত পিতা-পুত্ৰই গৃহহীনসকলৰ আশ্ৰয়স্থল, বাৰ্ট আস্থান আদিত আশ্ৰয় ল'বলৈ ধৰিলে। কেতিয়াবা হাতত জোৰাকৈ ধন থাকিলে দুয়ো কেতিয়াবা সস্তীয়া হোটেলতো আশ্ৰয় লয়। পিছত এদিন ঘটনাক্ৰমে, ক্ৰিছ গাৰ্ডনাৰে আগেয়ে বাৰ্ট আস্থানত হেৰুওৱা তেওঁৰ স্কেনাৰ যন্ত্ৰটো ঘূৰাই পায়। তেওঁ সেইটো এজন চিকিৎসকক বিক্ৰী কৰিবলৈ সক্ষম হয়, আৰু তেওঁৰ ওপৰত ন্যস্ত বিক্ৰীৰ দায়িত্ব সম্পূৰ্ণ কৰিব পাৰে।

নিজৰ সীমিত কৰ্ম সময়ৰ কাৰণে অসুবিধাৰ সম্মুখীন হোৱা ক্ৰিছ গাৰ্ডনাৰে বুজি উঠিছিল যে, গ্ৰাহকৰ সৈতে অধিক যোগাযোগ আৰু লাভালাভৰ বৃদ্ধিয়েই তেওঁ ষ্ট'কব্ৰ'কাৰৰ বৈতনিক পদ লাভ কৰা একমাত্ৰ উপায়। সেয়ে তেওঁ অধিক ফলপ্ৰসুভাৱে ফোন কৰাৰ লগতে, আনকি প্ৰ'ট'ক'ল ভংগ কৰি উচ্চ-মূল্যৰ ক্ৰয়ক্ষমতাসম্পন্ন গ্ৰাহকসকলৰ সৈতে যোগাযোগ কৰাৰ কিছুমান পদ্ধতি উদ্ভাৱন কৰিছিল। ৱাল্টাৰ ৰিব'ন নামৰ এগৰাকী উচ্চ পৰ্য্যায়ৰ পেঞ্চন ফাণ্ড মেনেজাৰ ক্ৰিছ গাৰ্ডনাৰৰ প্ৰতি সমমৰ্মী হৈ পৰিছিল, আৰু আনকি তেওঁ এবাৰ গাৰ্ডনাৰ আৰু তেওঁৰ পুত্ৰ ক্ৰিষ্ট'ফাৰক San Francisco 49ers নামৰ ছানফ্ৰান্সিকৰ ফুটবল দলৰ মেচ দৰ্শন কৰিবলৈও লগত লৈ গৈছিল। সেই খেলতেই ক্ৰিছ গাৰ্ডনাৰে ৱাল্টাৰৰ বন্ধু কিছুমানৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছিল আৰু পিছলৈ তেওঁলোক ক্ৰিছৰ সম্ভাৱনাপূৰ্ণ গ্ৰাহক হিচাপে পৰিগণিত হৈছিল। প্ৰত্যাহ্বান যিয়েই নহওক কিয়, ক্ৰিছ গাৰ্ডনাৰে তেওঁৰ শোচনীয় পৰিস্থিতিৰ সম্পৰ্কে তেওঁ সহকৰ্মীসকলক জানিবলৈ দিয়া নাছিল। আনকি এবাৰ তেওঁৰ এজন উৰ্ধতন ব্যক্তি মিষ্টাৰ ফ্ৰ'মক কে'বৰ ভাৰা দিয়াৰ বাবে পাঁচ মাৰ্কিন ডলাৰ ধাৰলৈহে দিছিল, যিটো আচলতে ক্ৰিছৰ নিজৰ বাবেই বহনসাধ্য নাছিল। গাৰ্ডনাৰ ষ্ট'কব্ৰ'কাৰৰ লাইচেঞ্চ অৰ্জনকাৰী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি চলাইছিল, আৰু এই পৰীক্ষাত লাভ কৰা সাফল্যৰে তেওঁ পেছাদাৰী ষ্ট'কব্ৰ'কাৰৰ ভৱিষ্যতৰ কেৰিয়াৰ গঢ়ি তুলিছিল। ডিন উইটাৰ ৰেন'ল্ডচ সংস্থানত অবৈতনিক শিক্ষানবিচ পদৰ শেষৰ কৰ্মদিনটোত ক্ৰিছক সংস্থানৰ অংশীদাৰসকলৰ সৈতে কথা-বাৰ্তাৰ বাবে মাতি পঠিওৱা হৈছিল। মিষ্টাৰ ফ্ৰ'মে সেই বাৰ্তালাপৰ সময়ত যেতিয়া মন্তব্য কৰিলে যে, ক্ৰিছে সেইদিনা এটা নতুন চোলা পিন্ধি কামলৈ আহিছিল, তেতিয়া ক্ৰিছে ক'লে যে, যিহেতু সেইটো তেওঁৰ শিক্ষানবিচীৰ শেষৰ দিন আছিল সেয়ে তেওঁ সেই উপলক্ষে পৰিপাটিকৈ পিন্ধাটো প্ৰয়োজন হিচাপে অনুভৱ কৰিছিল। সেই কথা শুনি মিষ্টাৰ ফ্ৰ'মে মিচিকিয়াই হাঁহি মাৰি কয় যে, ক্ৰিছ গাৰ্ডনাৰে পিছৰ দিনাখন আন এযোৰ নতুন কাপোৰ পৰিধান কৰি অহা উচিত, কিয়নো ক্ৰিছ আকাংক্ষিত বৈতনিক ষ্ট'কব্ৰ'কাৰ পদৰ বাবে নিৰ্বাচিত হৈছে। এই কথা কৈয়ে ফ্ৰ'মক ক্ৰিছে আগতে এদিন কেব ভাৰা হিচাপে পাঁচ ডলাৰটো ঘূৰাই দিয়ে। নিজৰ কান্দোনক কোনোমতে বাধা দি ৰাখি ক্ৰিছে গাৰ্ডনাৰে ফ্ৰ'মক কৰমৰ্দন কৰে আৰু তাৰ পৰা লৰা-ঢপৰাকৈ তেওঁৰ পুত্ৰ ক্ৰিষ্ট'ফাৰক ৰখা দিবাযত্নকেন্দ্ৰ অভিমুখে ওলাই যায়। আৱেগেৰ আৱেশত পুত্ৰক আলিংগন কৰে। ইয়াৰ পিছতে পিতা-পুত্ৰ দুয়ো আলিবাটেৰে ধেমালি কৰি কৰি খোজকাঢ়ি ওলাই যায়। কাহিনীভাগৰ উপসংহাৰত এই কথা প্ৰকাশিত হয় যে পৰৱৰ্তীকালত ক্ৰিছ গাৰ্ডনাৰে তেওঁৰ নিজৰ বহু মিলিয়ন ডলাৰ মূল্যৰ ব্ৰ'কাৰে'জ ফাৰ্ম প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয়।

অভিনয় শিল্পীসকল সম্পাদনা কৰক

  • ক্ৰিছ গাৰ্ডনাৰৰ চৰিত্ৰত উইল স্মিথ
  • জুনিয়ৰ ক্ৰিষ্ট'ফাৰ গাৰ্ডনাৰৰ চৰিত্ৰত জাদেন স্মিথ
  • লিণ্ডা গাৰ্ডনাৰৰ চৰিত্ৰত থেণ্ডি নিউটন
  • জে' টুইস্টলৰ চৰিত্ৰত ব্ৰায়ান হো
  • এলেন ফ্ৰাকেশৰ চৰিত্ৰত ডান কাষ্টেলেনেটা
  • মাৰ্টিন ফ্ৰ'মৰ চৰিত্ৰত জে'মছ কাৰেন
  • ৱাল্টাৰ ৰিব'নৰ চৰিত্ৰত কাৰ্ট ফুলাৰ
  • মিষ্ট্ৰেছ চুৰ চৰিত্ৰত তাকায়' ফিশ্চাৰ
  • ওৱেনৰ চৰিত্ৰত মাৰ্ক ক্ৰিষ্ট'ফাৰ ল'ৰেঞ্চ
  • বিশেষ ভূমিকা- স্ব-চৰিত্ৰত বিজিনেছ চ্যুট পৰিহিত ক্ৰিছ গাৰ্ডনাৰ

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "The Pursuit of Happyness". Box Office Mojo. https://www.boxofficemojo.com/movies/?id=pursuitofhappyness.htm। আহৰণ কৰা হৈছে: September 4, 2016. 
  2. Pfeiffer, Antonia (2018). "The Pursuit of Happyness" - A Hollywood Interpretation Of How To Achieve The American Dream. পৃষ্ঠা. 7. 
  3. Littleton, Cynthia (2016-01-21). "Will Smith Says He Won't Attend Oscars" (en-US ভাষাত). Variety. https://variety.com/2016/film/news/will-smith-oscars-diversity-protest-nominations-1201684878/.