দৰঙ ৰাজবংশাৱলী
দৰঙ্গ ৰাজবংশাৱলী (ইংৰাজী: Darrang Rajvamsavali ) দৰঙ্গ ৰাজবংশাৱলীখন কোচ ৰজাসকলৰ দৰঙী শাখাৰ সমুদ্ৰনাৰায়ণৰ নিৰ্দেশত বলদেৱ সূয্যখড়িয়ে দৰঙ্গৰ ৰাজবংশাৱলী খন ৰছনা কৰে। সমুদ্ৰনাৰায়ণ মহাৰাজ নৰনাৰায়ণৰ ভ্ৰাতৃ শুক্লধ্বজ বা চিলাৰায়ৰ ডালৰ পৰা বঢ়া ৰজা। বংশলতা অনুসৰি চিলাৰায়ৰ পুত্ৰ ৰঘুনাৰায়নদেৱে ১৫৮১ খ্ৰীষ্টাব্দৰ পৰা তেৰ বছৰ কাল ৰাজত্ব কৰিছিল। সমুদ্ৰ নাৰায়ণ ৰঘুদেৱৰ অধস্তন সপ্তম পুৰুষ। ঐতিহাসিক তথ্যৰ ভিত্তিত সমুদ্ৰ নাৰায়ণৰ শাসন কাল ১৭৯০ খ্ৰীষ্টাব্দ বা তাতকৈ দুই এবছৰ পিছত বুলি ধৰিব পাৰি। বলদেৱ সূৰ্য্যখড়িৰ প্ৰকৃত নাম আছিল হলধৰ আৰু তেওঁৰ পাণ্ডিত্যৰ বাবে বিদ্যাবল্লভ উপাধি লাভ কৰিছিল দীনেশ্বৰ শৰ্মাদেৱে মঙ্গলদৈ বুৰঞ্জীত উল্লেখ কৰিছে।[1]
দৰঙ্গ ৰাজবংশাৱলী খনত পোনতে পুৰাণৰ আখ্যান আৰু কেবা ঠাইতো অলৌকিক ঘটনাৰ সমাবেশেৰে কোচ ৰাজবংশৰ বৰ্ণনা আগবঢ়োৱা হৈছে। দৰঙ্গ ৰাজবংশাৱলীত কোচ আৰু মেচৰ বিষয়ে এটা বৰ্ণনা আছে। সেই বৰ্ণনা অনুসৰি মাহেস্বতী বা মাহিস্মতী পুৰৰ ৰজা কীৰ্ত্তিবীৰ্য্যই অতিথি হৈ ঋষি জমদগ্নিৰ কামধেনু হৰণ কৰি নিয়ে আৰু জমদগ্নিৰ পুত্ৰ পৰশুৰামে কীৰ্ত্তিবীৰ্য্যৰ শিৰচ্ছেদ কৰি এসময়ত কামধেনু ঘুৰাই পালে। পৰশুৰাম আশ্ৰমত নথকা অৱস্থাত কীৰ্ত্তিবীৰ্য্যৰ পুত্ৰসকলে আশ্ৰমলৈ আহি জমদগ্নি মুনিৰ শিৰচ্ছেদ কৰে। পাছত পৰশুৰাম আশ্ৰমলৈ আহি এই কথা গম পাই তেওঁলোকক যুদ্ধত নিপাত কৰাৰ লগতে সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰি ক্ষত্ৰিয়কূল শেষ কৰে ।এই অৱস্থাত কীৰ্ত্তিবীৰ্য্যৰ ১২ জন পলৰীয়া পুত্ৰ পলাই আহি জলপাইগুৰিৰ জল্পীশত আশ্ৰয় লয় আৰু তাতেই মেচ কন্যা বিয়া কৰাই ঘৰ বাৰী পাতি থাকিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ পৰিয়ালতে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্ব সিংহৰ জন্ম হয়। কোচ ৰাজবংশৰ উৎপত্তি যোগিনী তন্ত্ৰৰ বিৱৰণ অনুসৰণ কৰি শিৱৰ পৰা বুলি ৰাজবংশাৱলী খনত উল্লেখ কৰা হৈছে।[1]
দৰঙ্গ ৰাজবংশাৱলী অনুসৰি হাৰিয়া মণ্ডলৰ পত্নী দুগৰাকী ,জীৰা আৰু হীৰা। এই হীৰাৰে পুত্ৰ বিশু আৰু শিশু, এওঁলোক দুজনেই কালক্ৰমে বিশ্ব সিংহ আৰু শিৱসিংহ নামেৰে জনাজাত হয়।[1]