দৰ পূজা
দৰঙৰ এবিধ পৰিবেশ্য কলা
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
দৰ-পূজা হৈছে একপ্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ পূজন। নাট্যসমল যুক্ত দৰ-পূজা, ‘শস্ত্ৰ -পূজন’ পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহকৰূপে গণ্য কৰা হয়। পুৰণি কালত কোচ-ৰজাসকলে ৰণ-যাত্ৰাৰ প্ৰাক মুহূৰ্তত দৰ পূজা উদযাপন কৰিছিল। কিন্তু ইয়াৰ দৰে বৰ্তমান দৰঙী ৰজাৰ বংশধৰসকলে দৰ-পূজা নকৰে। দৰ-পূজাৰ জৰিয়তে শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱী নাইবা ৰণচণ্ডীক শাস্ত্ৰীয় পদ্ধতিৰে পূজা নিবেদন কৰা হয়। ৰজা দিনীয়া অস্ত্ৰ-শস্ত্ৰ, যাঠি-জোং, পতাকা-নিচান আদি পূজাস্থলীলৈ উলিয়াই আনে। দৰঙী ৰজাসকলৰ বংশধৰসকলে সেই অস্ত্ৰ-শস্ত্ৰবোৰ হাতত লৈ শাৰী পাতি ৰণ যাত্ৰা কৰাৰ নিচিনাকৈ থিয় হয় আৰু যুদ্ধত প্ৰবৃত্ত হোৱাৰ ভাও প্ৰদৰ্শন কৰে। যুদ্ধ-বাদ্য ঢেপা ঢোল, বৰতাল, বৰকাঁহ, শিঙা, শংখ, নাগাৰা আদিৰ বাদ্য-বাজনাত সমগ্ৰ পূজাস্থলীখনত যুদ্ধৰ পৰিৱেশ এটাৰ সৃষ্টি হয়।[1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা, ড⁰ নবীন চন্দ্ৰ শৰ্মা