ধনশিৰি নদী (ইংৰাজী: Dhansiri River) হৈছে অসমগোলাঘাট জিলা আৰু নাগালেণ্ডৰ ডিমাপুৰ জিলাৰ মুখ্য নদী। এই নদীখন নাগালেণ্ডলাইছাং শৃংগ (Laisang peak)ৰ পৰা উৎপত্তি হৈছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৩৫২ কিঃমিঃ। ই দক্ষিণৰ পৰা উত্তৰলৈ বৈ গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ। এই নদীৰ অৱবাহিকাৰ মুঠ কালি হৈছে ১২২০ বৰ্গ কিঃমিঃ।[1]

ধনশিৰি নদী
দেশ  ভাৰত
প্ৰদেশ অসম, নাগালেণ্ড
উৎস লাইছাং শৃংগ (Laisang peak)
 - অৱস্থান নাগালেণ্ড, উত্তৰ-পূৰ্বাঞ্চল, ভাৰত
মোহনা ব্ৰহ্মপুত্ৰ নদী
দৈৰ্ঘ্য ৩৫২ কিমি (২১৮.৭২ মাইল)
অৱবাহিকা ১,২২০ বৰ্গকিমি (৪৭১.০৪ বৰ্গমাইল)

জীৱ জগত সম্পাদনা কৰক

ধনশিৰি নদীখন কাৰ্বি আংলং জিলা আৰু নাগালেণ্ড সীমান্তয়েদি বৈ আহোঁতে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত বিভিন্ন জীৱ-জন্তু পোৱা যায়। ইয়াৰ একাষে ধনশিৰি সংৰক্ষিত বনাঞ্চল আৰু আনটো কাষত ইণ্টাঙ্কি ৰাষ্ট্ৰীয় উদ্যান (Intanki National Park).[2] ৰাষ্ট্ৰীয় উদ্যান আৰু ধনশিৰি নদীৰ পাৰত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ পোৱা যায়।[3]

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Geography of Golaghat". Government of Assam. http://golaghat.gov.in/geograph.htm। আহৰণ কৰা হৈছে: 2007-12-21. 
  2. Choudhury, A.U. (2009). A Naturalist in Karbi Anglong. Revised 2nd edn. (1st pub. 1993), Gibbon Books, Guwahati, India. 152pp.
  3. "Brief documentation of Dhansiripar Block". Government of Nagaland. Archived from the original on 2007-06-27. http://dimapur.nic.in/files/dhansiripar.html। আহৰণ কৰা হৈছে: 2007-12-21. 

বাহ্যিক সংযোগ সম্পাদনা কৰক

স্থানাংক: 26°40′N 93°45′E / 26.667°N 93.75°E / 26.667; 93.75