ধীৰনাৰায়ণ
ধীৰনাৰায়ণ (ইংৰাজী: Dhirnarayana) চুতীয়া ৰাজ্যৰ এজন ৰজা আছিল। তেওঁ আছিল চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা। পিতৃ পুৰন্দৰ পালৰ মত্যুৰ পিছত তেওঁৰ পুত্ৰ ধীৰনাৰায়ণে ১৫০০ খ্ৰীঃত সধয়াপুৰীৰ সিংহাসনত আৰোহণ কৰে ধীৰনাৰায়ণ এজন ন্যায় পৰায়ণ আৰু সাহসী ৰজা হোৱা বাবে ৰাজ্যৰ সীমা লুইত অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিহিং নদীলৈকে বিস্তাৰ কৰিছিল। উত্তৰপাৰে উত্তৰ লখিমপুৰ পাৰ হৈ বিশ্বনাথলৈকে সীমা আছিল। সীমাৰ সিপাৰে অৰ্থাৎ পশ্চিমে ভূঞাসকলে ৰাজত্ব কৰিছিল। ভুঞা সকলৰ লগত মাজে সময়ে সীমাৰ বিবাদ চলি আছিল। এই ভূঞা সকল ধীৰনাৰায়ণৰ ৰাজত্ব কালচোৱাত পৰাধীন কৰি ৰাখিছিল।
ধীৰনাৰায়ণ | |
---|---|
ৰাজত্ব | ১৫০০ – ১৫২২ |
উত্তৰাধিকাৰী | নীতিপাল |
বাসগৃহ | চুতীয়া ৰাজবংশ |
পিতৃ | পুৰন্দৰ পাল |
আহোমৰ সৈতে বিবাদ
সম্পাদনা কৰকচুতীয়া ৰাজ্যৰ দক্ষিণ- পশ্চিম অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ পশ্চিম অঞ্চলত দিহিং নদীৰ ওচৰত পানবাৰী আহোম স্বৰ্গদেউ চুহুংমুঙে জয় কৰাত বিবাদ আৰম্ভ হয়।
সধায় পুৰৰ ৰজা মহাপৰাক্ৰমী আছিল। 'প্ৰচণ্ড দুৰ্দান্ত বাহুৰে' শত্ৰু দমন কৰি ৰাজশ্ৰী খিতাপ লাভ কৰিছিল। ঢকুৱাখনা কোঁৱৰ গাঁৱত উদ্ধাৰ হোৱা তামৰ ফলিত সেই কথা লিখাৰ উপৰিও ১৪৪৪ শকত ৰস্মীকৰ বিপ্ৰক এহেজাৰ পুৰা মাটি বলৰকগুণ সহ প্ৰজাই বাস কৰি থকা হিপুৱাল নামৰ ঠাইখিনি প্ৰদান কৰিছিল। অৱশ্যে এই ঠাইখণ্ডৰ স্থিতি স্পষ্ট নহয় যদিও 'হিপুৱাল'গোৱাল গাঁওখনো হ'ব পাৰে।
সেইসময়ত আহোম ৰাজ্যৰ ৰাজধানী ' চৰগুৱা'ত আছিল। ৰাজ্যখন দিহিং আৰু দিখৌৰ মাজত আছিল। ৰজা চুহুংমুং দিহিঙ্গীয়া ফৈদৰ আছিল। সেইবাবে স্বৰ্গদেৱক দিহিঙ্গীয়া ৰজা বুলিছিল। 'শ্ৰী শ্ৰী স্বৰ্গ নাৰায়ণ' খিতাপ সৰ্বপ্ৰথমে তেওঁ গ্ৰহণ কৰে| সেই "স্বৰ্গদেৱ '। শকেৰে বছৰ লেখ-গণনা আৰম্ভ কৰে। ১৫১২ খ্ৰীঃত চুহুংমুঙে ৰাজ্য জয়ৰ পৰিকল্পনা কৰে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ হাবুঙৰ পশ্চিম অঞ্চল পানবাৰী অধিকাৰ কৰিছিল।
সেই সময়ত হাবুং অঞ্চল চুতীয়া ৰাজ্যৰ ভিতৰুৱা আছিল। হাবুঙত চুতীয়াৰ ৰাজ্যৰ বিশেষ প্ৰভাৱ থকাৰ প্ৰমাণ দিয়ে সেই অঞ্চলত উদ্ধাৰ হোৱা ভূমি দানৰ তাম ফলি বিলাকক। গৌৰী নাৰায়ণ বা ৰত্নধ্বজ পালৰ ৰাজত্ব সময়ৰ পৰা চুতীয়া ৰাজ্য পতনলৈকে তিনিশৰো অধিক বছৰ কাল ৰাজত্ব কৰিছিল।
১৫৫৩ খ্ৰীঃএটা সাধাৰণ ঘটনাৰ পৰাই চুতীয়া আৰু আহোমৰ মাজত দিখৌমনখত যুদ্ধ হৈছিল। সুকুমাৰ মহন্ত নামৰ ব্যক্তিজনৰ গূহত পোৱা "অসম বুৰঞ্জী'খনৰ মতে "দিহিঙত আহোম ৰাজ্যৰ কেইজনমান লোকে নাও মেলি মাছ ধৰি আনোতে চুতীয়াৰ মাণিকচন্দ্ৰ বৰুৱাই ক'লে -"আমাৰ পানীৰ মাছ, ক'ৰ মানুহে নিয়ে নাও মেলি ধৰগৈ।" তেওঁৰ আদেশ পাই চুতীয়া মানুহ আগবাঢ়ি যোৱাত দুয়ো পক্ষৰ জোতা পোতা লাগে আৰু মাছটো হাততে চিগে। চুতীয়া মানুহকো লণ্ড ভণ্ড কৰি আহোমে দুটা চুতীয়া মানুহ ধৰি নিয়ে। এইকথা মাণিকচন্দ্ৰ বৰুৱাই খুণ্ড ৰজাৰ জোঁৱায়েকক জনালে - লুণ্ডা-মুুণ্ডা মানুহবোৰ,গাতো কলীয়া কাপোৰ,দেখোঁতেও এক বিধ দেখি আমাৰ দুটাকো ধৰি নিলে,মাছো কাঢ়ি নিলে,গাকো লণ্ড ভণ্ড কৰিলে। বিবাদৰ কথাবোৰ কথাবোৰ চুতীয়া ৰজা ধীৰনাৰায়ণে জানিব পাৰি যুদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। সেই অনুসৰি এদল সৈন্য দিখৌ মুুখলৈ পঠালে। সেই খবৰ পাই আহোম ৰজাৰ দুজন ৰাইলুঙিয়া গোঁহাইৰ নেতৃত্বত নৌ আৰু স্থল বাহিনী পঠায়।
আহোম সৈন্যৰ লগত কনচেং বৰপাত্ৰগোঁহাইও গৈছিল। চুতীয়া সেনাৰ নেতৃত্ব দিছিল মাণিকচন্দ্ৰ বৰুৱা,বৰহুলৈ বৰুৱা আৰু ডেলাই বৰাই। এই যুদ্ধত চুতীয়াৰ চাৰিহাজাৰ সৈন্য মৰিল। এহেজাৰ বন্দী হ'ল। কনচেং বৰপাত্ৰগোঁহাইয়ে বন্দী সৈন্যবোৰক পিচত বধ কৰিলে। এই যুদ্ধত আহোমে দিহিংমুখ আৰু মানদাং অঞ্চল দখল কৰি তাত নগৰ পাতিলে।
যুদ্ধত কেৱল চুতীয়া সৈন্যই মৰিল এনে নহয় আহোমৰো বহু সৈন্য বধ হৈছিল।এই ক্ষতি পূৰণ হ'বলৈ কেইবাবছৰ সময় লাগিছিল। ১৫১৭ খ্ৰীঃত ৰজা ধীৰনাৰায়ণে পৰাজয় গ্লানি মোচনৰ বাবে চেষ্টা চলায়। মুংকুৰ (নৰা) ৰজা চাও-কা ফাৰ সহায় বিচাৰিলেট। ১৫২০ খ্ৰীঃত ধীৰনাৰায়ণে মুংখ্ৰাম দূৰ্গ উদ্ধাৰৰ বাবে আহোম ৰাজ্য আক্ৰমণ কৰে। চুতীয়া সৈন্যই ডৰুৱাকটাত কোঠ মাৰি স্থল আৰু নৌ-বাহিনীৰে আক্ৰমণ কৰে। মন্ত্ৰী কাচিতৰাই আক্ৰমণ কৰাত আহোম সেনাপতি খেনমুঙৰ মূত্যু হয়। ফলত আহোম সৈন্য ছেদেলি-ভেদেলি হৈ পলাল। কাচিতৰাই দিহিংমুখত থকা মুংখ্ৰাম দূৰ্গ অবৰোধ কৰে। যুদ্ধত আহোমৰ সৈন্য অজস্ৰ মৰা পৰিল। যুদ্ধত জয়ী হৈ ধীৰ নাৰায়ণে তাত শাসনৰ সু-ব্যৱস্থাৰ কৰিলে। চেঁচাঁমুখত সৈন্যক কোঠ মাৰি থাকিবলৈ আদেশ কৰিলে।
ৰজা ধীৰনাৰায়ণে যুদ্ধ জয়ৰ আনন্দ উল্লাসত যজ্ঞ পাতিলে। ব্ৰাহ্মণক দান দক্ষিণা কৰিলে। তাম্ৰপত্ৰ কৰি ভূমি দান কৰিলে। ইয়াৰ পিচতে নিজ কন্যা সাধনীক বিয়া দিয়ে। [1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ গোপীনাথ বৰদলৈ. চুতীয়া বুৰঞ্জী.