ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত (ইংৰাজী: Dhirendra Chandra Dutta) আছিল এগৰাকী প্ৰগতিবাদী কবি তথা অসমৰ কমিউনিষ্ট আন্দোলনৰ অন্যতম বিপ্লৱী।

ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত
জন্ম ১৯১০
গোলাঘাট
মৃত্যু ২২ অক্টোবৰ,১৯৭২ চন
পেচা কবি
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়


জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হয় ১৯১০ চনত কৰুণাটিং চাহ বাগিচাত।[1] পিতৃ ডাঃ শৰৎচন্দ্ৰ দত্ত।[2] মাতৃ- নয়নতৰা।


শিক্ষা সম্পাদনা কৰক

  • দেৰগাঁও হাইস্কুলত ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই আনুষ্ঠানিক শিক্ষা সাং কৰে আৰু ঘৰুৱাভাৱে পঢ়িবলৈ লয়।


কৰ্মজীৱন সম্পাদনা কৰক

১৯২৮ চনত তেওঁ দেশ আৰু জাতিৰ স্বাৰ্থত স্বাধীনতা আন্দোলনত যোগদান কৰে। তাৰ বাবে দুবছৰ জেলো খাটিবলগীয়া হয়। ইয়াৰ পিছত জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদৰ্শ অনুসৰি আপোচবিহীনভাৱে কৃষক তথা বনোৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায়।


সাহিত্যৰাজি সম্পাদনা কৰক

কাব্য সংকলন সম্পাদনা কৰক

  • অভিযান (১৯৩৬)


মৃত্যু সম্পাদনা কৰক

১৯৭২ চনৰ ২২ অক্টোবৰত যোৰহাট চিভিল হস্পিটেলত ৰক্তক্ষয়ী ৰোগত মৃত্যু হয়।[3]


তথ্যসূত্ৰ সম্পাদনা কৰক

  1. অসমীয়া কাব্য পৰিক্ৰমা, অৰবিন্দ ৰাজখোৱা (সম্পা.), তৃতীয় সংস্কৰণ, ২০১৩, পৃষ্ঠা নং: ৩০৫
  2. অসমীয়া কাব্য পৰিক্ৰমা, অৰবিন্দ ৰাজখোৱা(সম্পা.), তৃতীয় সংস্কৰণ, ২০১৩, পৃষ্ঠা নং: ৩০৫
  3. অসমীয়া কাব্য পৰিক্ৰমা, অৰবিন্দ ৰাজখোৱা(সম্পা.), তৃতীয় সংস্কৰণ, ২০১৩, পৃষ্ঠা নং: ৩০৫