অংকীয়া নাটকৰ আদৰ্শত নৱবৈষ্ণৱ যুগৰ পৰৱৰ্তী কালত উজনি অসমত এশ্ৰেণীৰ নাটক আৰু অভিনয় কলাৰ সৃষ্টি হৈছিল- যাক 'ধুৰা নাট'বা 'ভাওনা' নাট আখ্যা দিব পাৰি।[1] এইবিধ নাট আৰু অভিনয়-কলা অংকীয়া নাট আৰু ভাওনাৰ লোক ৰূপ (folk form)মাথোঁন।[1] কেইখনমান ধুৰা নাটৰ উদাহৰণ হ'ল-খটাসুৰ বধ, বঘাসুৰ বধ, নহুষ-উদ্ধাৰ, কুলাচল বধ, সুভদ্ৰাহৰণ আদি। লোক সমাজৰ ৰুচি আৰু আচৰণে এইবিধ নাটত প্ৰাধান্য পাইছিল। লোক সমাজৰ মনোৰঞ্জনৰ উদেশ্যে আগত ৰাখি এই নাটবোৰৰ সৃষ্টি হৈছিল।

অংকীয়া নাট আৰু ধুৰা নাটৰ মাজত পাৰ্থক্য সম্পাদনা কৰক

অংকীয়া নাটৰ উদেশ্য হৈছে ভক্তি ধৰ্ম প্ৰচাৰ কৰা আৰু ইয়াত দাক্ষিণাত্যৰ প্ৰবৃত্তিৰ স্থিতি লক্ষ্য কৰা যায়। আনহাতে ধুৰা নাটত ভক্তি ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ নকৰি স্থূল হাস্যৰস সৃষ্টিৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়। এইফালৰ পৰা এইশ্ৰেণীৰ নাটত প্ৰাধান্য লাভ কৰিছে ওড্ৰ-মাগধী প্ৰবৃত্তিয়ে।[2] ধুৰা নাটত ব্ৰজাৱলী ভাষাৰ প্ৰয়োগৰ বিপৰীতে পুৰণি অসমীয়া ভাষাৰ পয়োভৰ লক্ষ্য কৰা যায়। গদ্যৰ প্ৰয়োগ দেখা নাযায়।

ধুৰা নাট আৰু খুলীয়া ভাওনাৰ সাদৃশ্য সম্পাদনা কৰক

খুলীয়া ভাউৰীয়া আৰু ধুৰা নাটৰ বিষয়বস্তু আহৰন কৰা হয় বধকাব্যৰ পৰা। খুলীয়া ভাউৰীয়াৰ সংলাপৰ দৰে এইবিধ নাটকৰ সংলাপবোৰ পদ আৰু পয়াৰত পোৱা যায়। খুলীয়া ভাউৰীয়াৰ ওঝা বা ওজাৰ নিচিনাকৈ ইয়াতো সূত্ৰধাৰে সোঁহাতৰে চোঁৱৰ ঘূৰাই ঘূৰাই খোলৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰি অভিনয়ৰ আৰম্ভণিৰ সূচনা কৰে আৰু গীত-নৃত্য আৰু বাদ্যৰ সহায়ৰে নাট্যানুষ্ঠানভাগক পৰিণতিৰফালে আগবঢ়াই নিয়ে। খুলীয়া ভাউৰীয়াৰ দৰে এইবিধ নাটতো সংস্কৃত শ্লোক, ভটিমা আদিৰ ওপৰত গুৰুত্ব দিয়াৰ বিপৰীতে যুদ্ধ বিগ্ৰহ,গুৰুত্ব দিয়া হয় লম্ফ-জম্ফপূৰ্ণ প্ৰত্যুক্তি আৰু ব্যংগ-কৌতুকৰ ওপৰত। বহুৱা চৰিত্ৰই দুয়োবিধ নাটকতেই প্ৰাধান্য পায়। ভাৱৰীয়াবিলাকৰ মুখা ব্যৱহাৰৰ ক্ষেত্ৰতো দুয়াবিধ নাটকৰ মাজতে সাদৃশ্য পৰিলক্ষিত হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 ড° সতেন্দ্ৰনাথ শৰ্মা. পৃষ্ঠা. ৯৯. 
  2. ড° অজিৎ শইকীয়া (সম্পাদক). পৃষ্ঠা. ২১.