ন'ম'ফ'বিয়া (ইংৰাজী: nomophobia) হৈছে ম'বাইল ফোনৰ অবিহনে জীৱন কটাবলৈ ভয় কৰা বা অপাৰগ হোৱা পৰিস্থিতিক বুজাবলৈ ব্যৱহাৰ কৰা এটা ব্যংগাত্মক শব্দ। ইংৰাজী Nomophobia শব্দটো হৈছে "No-mobile-phone Phobia" ৰ সংক্ষিপ্ত ৰূপ।[1][2] সাধাৰণতে সামাজিক মাধ্যমৰ প্ৰতি বা ম'বাইল ফোনৰ প্ৰতি আসক্তি বুজাবলৈ এই শব্দটোৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ কোনো নিৰ্ধাৰিত মানসম্পন্ন সংজ্ঞা নাই।[3][4]

ম'বাইল ফোনৰ ব্যৱহাৰ বহুতো সমাজত সৰ্বত্ৰ বিদ্যমান হৈ পৰিছে

অৱলোকন সম্পাদনা কৰক

যদিও বৰ্তমানৰ Diagnostic and Statistical Manual of Mental Disorders, Fifth Edition (DSM-5) ত ন'ম'ফ'বিয়াৰ উল্লেখ নাই, DSM-IV ৰ সংজ্ঞামতে ন'ম'ফ'বিয়াক এক নিৰ্দিষ্ট ফ'বিয়া হিচাপে প্ৰস্তাৱিত কৰা হৈছিল। গৱেষক বিয়ান্সী আৰু ফিলিপ্স(২০০৫) ৰ মতে ম'বাইল ফোনৰ অতিৰিক্ত ব্যৱহাৰত কিছুমান মানসিক কাৰক জড়িত হৈ থাকে।[5] ইয়াৰ ভিতৰত কোনো ব্যক্তিয়ে আত্মসন্মান লাঘৱ হোৱাৰ ভয়ত নিজকে আশ্বাস দিবলৈ ম'বাইল ফোনক অনুপযুক্তভাৱে ব্যৱহাৰ কৰে। বৰ্হিমুখী ব্যক্তিত্বৰ লোকসকলেও অতিৰিক্ত পৰিমাণে ম'বাইলৰ ব্যৱহাৰ কৰাটোও এই মানসিক কাৰকৰ ভিতৰত পৰে। কিছুমান মানসিক সমস্যা যেনে চ'ছিয়েল এন্‌জাইটি ডিজৰ্ডাৰ, পেনিক্ ডিজৰ্ডাৰ আদিও ন'ম'ফ'বিয়াৰ কাৰক হ'ব পাৰে।[6]

UK Post Office য়ে ২০০৮ চনত ন'ম'ফ'বিয়া শব্দটোৰ প্ৰথম ব্যৱহাৰ কৰিছিল। UK Post Office য়ে UK ৰ এক গৱেষণাসংস্থা yougov ক এক গৱেষণাৰ দায়িত্ব দিছিল। এই সংস্থাটোৱে ম'বাইলৰ ব্যৱহাৰকাৰীসকলে সন্মুখীন হোৱা মানসিক সমস্যাৰ সন্দৰ্ভত অধ্যয়ন কৰিছিল। এই অধ্যয়নৰ পৰা পোৱা গ'লযে ব্ৰিটেইনৰ ৫৩ % লোকে ম'বাইল ফোনৰ অবিহনে জীৱন কটাবলৈ ভয় কৰে বা চিন্তাক্লিষ্ট হয়। এই লোকসকলে তেওঁলোকৰ "ম'বাইল ফোন হেৰালে, ম'বাইল ফোনৰ বেটাৰী শেষ হ'লে বা ম'বাইলত নেটৱৰ্ক নাথাকিলে" অস্থিৰ হৈ পৰে। এই অধ্যয়নটোৱে ২১৬৩জন মানুহক সমীক্ষা কৰি পাইছিলযে ৫৮ % পুৰুষ আৰু ৪৮ % মহিলা এই ফ'বিয়াটোত আক্ৰান্ত। ইয়াৰোপৰি ৯ % লোকে তেওঁলোকৰ ম'বাইল ফোন অফ্ হৈ থাকিলে চিন্তাক্লিষ্ট হোৱা দেখা গৈছিল। সমীক্ষাটোৰ ৫৫% লোকে ব্যক্ত কৰিছিলযে পৰিয়াল আৰু বন্ধুৰ সৈতে সম্পৰ্ক হেৰুৱাই দিয়াৰ ভয়ত তেওঁলোকে ম'বাইল ফোনৰ অবিহনে জীৱন কটাবলৈ টান পায়।

দুজনৰ ভিতৰত এজন ন'ম'ফ'বিয়াত আক্ৰান্ত ব্যক্তিয়ে তেওঁলোকৰ ম'বাইল ফোন কেতিয়াও বন্ধ কৰি নথয়।

গৱেষণাত পোৱা তথ্য সম্পাদনা কৰক

১৯৮৩ চনত বজাৰত ম'বাইল ফোন ওলোৱাৰ লগে লগে মানৱসমাজলৈ অভূতপূৰ্ব পৰিৱৰ্তন আহিল। প্ৰযুক্তিৰ পৰিবৰ্তনৰ লগে লগে দৈনন্দিন সমাজ ব্যৱস্থালৈও নানা ধৰণৰ প্ৰত্যাহ্বানৰ লগতে বিভিন্নধৰণৰ ফ'বিয়াৰো উৎপত্তি হ'বলৈ ধৰিলে।

Shambare, Rugimbana & Zhowa (২০১২) নামৰ গৱেষক কেইজনে ম'বাইল ফোনক একবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ "ড্ৰাগবিহীন আসক্তি" বুলি অভিহিত কৰিছে। তেওঁলোকে উল্লেখ কৰিছেযে এজন কলেজীয়া ছাত্ৰই দৈনিক ন ঘণ্টা পৰ্যন্ত ম'বাইল ফোনৰ ব্যৱহাৰ কৰিব পাৰে। প্ৰযুক্তিৰ ওপৰত এনেধৰণৰ নিৰ্ভৰশীলতাই প্ৰযুক্তিক আধুনিক জীৱনৰ চালক হিচাপে পৰিগণিত কৰিছে। এনেধৰণৰ নিৰ্ভৰশীলতা "প্ৰযুক্তি পেৰাডক্স"ৰো উদাহৰণ–যি একেসময়তে স্বত্ৰন্ত আৰু দাস।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Charlie D'Agata Nomophobia: Fear of being without your cell phone. CBS News. April 3, 2008.
  2. Archana Jayakumar (April 3, 2008). "Break free from Nomophobia, drunkorexia". Mid-day.com. Archived from the original on April 4, 2008. https://web.archive.org/web/20080404075714/http://www.mid-day.com/web/guest/lifeatwork/lifeatwork/article?_EXT_5_articleId=1071008&_EXT_5_groupId=14। আহৰণ কৰা হৈছে: 2011-08-10. 
  3. Aboujaoude, Elias (2018-10-29). "Problematic Internet use two decades later: apps to wean us off apps". CNS Spectrums খণ্ড 24 (4): 371–373. doi:10.1017/S109285291800127X. ISSN 1092-8529. PMID 30507371. 
  4. Brandless Support (28 June 2012). "Nomophobia: The Fear of Being Without a Gnome...er, Phone". SocialTechPop. Archived from the original on 8 August 2016. https://web.archive.org/web/20160808131512/http://socialtechpop.com/nomophobia-the-fear-of-being-without-a-gnome-er-phone/। আহৰণ কৰা হৈছে: 15 June 2016. 
  5. Adriana Bianchi and James G. Philips (February 2005). "Psychological Predictors of Problem Mobile Phone Use". CyberPsychology & Behavior খণ্ড 8 (1): 39–51. doi:10.1089/cpb.2005.8.39. PMID 15738692. 
  6. King, A. L. S., A. M. Valença & A. E. Nardi (2010). "Nomophobia: the mobile phone in panic disorder with agoraphobia: reducing phobias or worsening of dependence?". Cognitive and Behavioral Neurology খণ্ড 23 (1): 52–54. doi:10.1097/wnn.0b013e3181b7eabc. PMID 20299865.