নগ্নতাৰ বিপৰীতে পোহৰ

তৈলচিত্ৰ


নগ্নতাৰ বিপৰীতে পোহৰ (ফৰাচী: Nu à contre-jour) ফৰাচী উত্তৰ-প্ৰতিবাদকাৰীৰ চিত্ৰশিল্পী পিয়েৰ বনাৰ্ডে অংকন কৰা তৈলচিত্ৰ। ১৯০৮ চনত বনাৰ্ডে এই তৈলচিত্ৰখন আঁকিছিল। [1] বৰ্তমান বেলজিয়ামৰ ৰয়েল মিউজিয়াম অৱ ফাইন আৰ্টছত ৰখা এই ছবিখন ১৯৮০ চনত বিবিচি ২ৰ অনুষ্ঠান হাণ্ড্ৰেড গ্ৰেট পেইণ্টিংছত প্ৰদৰ্শিত হৈছিল। [2]

নগ্নতাৰ বিপৰীতে পোহৰ
শিল্পী পিয়েৰে বনাৰ্ড
বছৰ ১৯০৮
বিষয় নগ্নতা
অৱস্থিতি ৰয়েল মিউজিয়াম অৱ ফাইন আৰ্টছ, বেলজিয়াম, ব্ৰেছলেছ

পিয়েৰ বনাৰ্ডৰ সংগী মাৰ্থে ডি মেৰিগনি, এই চিত্ৰখনৰ নাৰী প্ৰতিকৃতি অংকনৰ মডেল আছিল। ছবিখনত এগৰাকী নগ্ন মহিলাই টাবত স্নান কৰাৰ পিছত শৰীৰত সুগন্ধি প্ৰয়োগ কৰা দেখিবলৈ পোৱা যায়। তাই খিৰিকীৰে ঘৰত প্ৰৱেশ কৰা পোহৰৰ বিপৰীতে থিয় হৈ আছে, যিয়ে ঘৰটো উজ্জ্বল উষ্ণ ছাঁহীন পোহৰ আৰু ৰঙেৰে পূৰ্ণ কৰে। বনাৰ্ডৰ চিত্ৰসমূহৰ ‘প্ৰতিফলন’ এটা সাধাৰণ বৈশিষ্ট্য,এই চিত্ৰৰ দাপোনত প্ৰতিফলিত সোণালী ৰঙৰ চকীৰ কাষত দণ্ডায়মান অবগাহনকাৰীৰ প্ৰতিকৃতি অংকিত হৈছে। এই চিত্ৰখনৰ আয়তন ১২৪.৫×১০৯.২ ছে.মি.।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Nu à contre-jour". Musées royaux des Beaux-Arts de Belgique. https://www.fine-arts-museum.be/fr/la-collection/pierre-bonnard-nu-a-contre-jour?letter=b&artist=bonnard-pierre-1। আহৰণ কৰা হৈছে: 8 October 2020. 
  2. "Top 100 Great Paintings". www.toperfect.com. https://www.toperfect.com/100-Great-Paintings.html। আহৰণ কৰা হৈছে: 2021-01-07.