নট (ইংৰাজী: Knots) জাহাজৰ গতিৰ একক। এখন জাহাজ বা আন জলযানে এঘণ্টাত ৬০৭৬১২ ফুট বা ১৮৫২ মিটাৰ বা ১.৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিলে তাক এক নট (1 Nautical Mile) বুলি জোখা হয়।

নট নামটোৰ উৎপত্তি সম্পাদনা কৰক

প্ৰাচীন কালত জাহাজৰ গতি জোখা কোনো একক নাছিল। সেয়ে নাবিকসকলে কাঠ আৰু ৰছীৰ ব্যৱহাৰেৰে জাহাজৰ গতি হিচাপ কৰি উলিয়াইছিল। ইয়াৰ বাবে তেওঁলোকে কাঠৰ খণ্ড টুকুৰা এডাল ৰচীৰে বান্ধি সাগৰত এৰে। ৰছীডালৰ আনটো মূৰ লেটা সদৃশ বস্ত্ত এটাৰ গাত মেৰিওৱা থাকে। কাঠৰ খণ্ডটোৰ ওজন এই লেটাতকৈ বেছি। ফলত জাহজে গতি কৰাৰ লগে লগে ৰছী খুলি গৈ থাকে। এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কিমান ৰছী খোল খাইছে তাৰ পৰাই জাহাজ খনৰ গতি নিৰ্ধাৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত সুবিধাৰ বাবে ৰছীডালৰ সমান দূৰত্বত কিছুমান গাঁঠি (Knot) দিয়া হ’ল। এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৰছীডালৰ কিমান গাঁঠি বা Knot খুল খাইছে তাৰ পৰা জাহাজখনৰ গতিবেগ গণনা কৰা হয়। এই গাঁঠি বা Knot শব্দৰ পৰাই জাহাজৰ গতিৰ একক ‘নট’ হয়। বৰ্তমান সময়ত কাঠ আৰু ৰছী ব্যৱহাৰ কৰা নহয়। উন্নত মানৰ যন্ত্ৰৰ সহায়ত জাহাজৰ গতিবেগ নিৰূপণ কৰা হয়।[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড, পৃষ্ঠা নং: ১১১