শ্ৰীকৃষ্ণৰ জন্ম আৰু জাতকৰ্মক লৈ সমগ্ৰ অসমত তিনিটা উৎসৱ প্ৰচলিত: জন্মাষ্টমী, নন্দোৎসৱ আৰু পঁচতি। জন্মাষ্টমীৰ পিছদিনা ৰাতিপুৱাৰেপৰা সত্ৰ আৰু নামঘৰত অনুষ্ঠিত হয় নন্দোৎসৱ। ল'ৰা-ছোৱালীসকলে সেইদিনা বোকা ভাওনা বা পেক যাত্ৰা কৰে। অৱশ্যে বোকাৰ লগত গোবৰ অথবা আনদ্ৰব্য মিশ্ৰণ কৰাৰ নিয়ম নাই। তিৰোতাসকলক বোকা দিয়া নহয়। কোনো কোনো কীৰ্তন-ঘৰৰ চোতালত পৰ্যাপ্ত পৰিমাণে মিঠাতেল ঢালি ঠাইডোখৰ পিছল কৰি লৈ ইজনে-সিজনক পিছলাই পেলাই ধেমালি কৰে। দক্ষিণ কামৰূপৰ ৰাজাপুখুৰী সত্ৰত পালন কৰা নন্দোৎসৱ তাৎপৰ্যপূৰ্ণ। তাত কীৰ্তন-ঘৰৰ চোতালৰ মাটি চহাই বোকা কৰি ৰাইজ বোকাত লুতুৰি-পুতুৰি হৈ তাল-নাগাৰাৰ চেৱে চেৱে নৃত্য কৰে- ব্ৰজবাসীসকলে কৰা হৰ্ষোল্লাসৰ স্মৃতি মনত পেলায়। নন্দোৎসৱৰ বোকা-ভাওনাৰ অনুৰূপ অনুষ্ঠান গুজৰাটতো দেখা যায়।[1]

নন্দোৎসৱ
নন্দোৎসৱ
বৰপেটা সত্ৰৰ নন্দোৎসৱ উপলক্ষে অনুষ্ঠিত বোকা ভাওনা বা পেক যাত্ৰাৰ দৃশ্য
পালন কৰে অসমীয়া
প্ৰকাৰ ধৰ্মীয় উৎসৱ, ভাৰতীয় উৎসৱ

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. অসমৰ সংস্কৃিত কোষ, ড॰ নাৰাষণ দাস, পৰমানন্দ ৰাজবংশী, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, দ্বিতীয় প্ৰকাশ, ২০১৪, পৃষ্ঠা-৩৫৩,