নয়নমণি

সুপ্ৰভা দেৱী পৰিচালিত অসমীয়া চলচ্চিত্ৰ

নয়নমণি (ইংৰাজী: Nayanmoni) ৰাজেন্দ্ৰ চলচ্চিত্ৰৰ বেনাৰত নিৰ্মিত আৰু ১৯৮৪ চনত মুক্তিপ্ৰাপ্ত এখন পূৰ্ণদৈৰ্ঘ্যৰ ৰঙীন অসমীয়া চলচ্চিত্ৰ। ছবিৰ কাহিনী, পৰিচালনা আৰু প্ৰযোজনা সুপ্ৰভা দেৱীৰ। মূল চৰিত্ৰত অভিনয় কৰিছে নিপন গোস্বামী আৰু বিদ্যা ৰাৱে। এইখনে মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া ছবি।[1] পৰিচালক সুপ্ৰভা দেৱীৰ স্বামী দ্বিজেন্দ্ৰ নাৰায়ণ দেৱ অসমীয়া ছবিৰ এজন পৰিচালক আৰু বিতৰক আছিল। স্বামীৰ সৈতে বহুকেইখন অসমীয়া ছবিৰ প্ৰযোজনা কৰা দেৱীয়ে স্বামীৰ মৃত্যুৰ পিছত নয়নমণিৰ যোগে চলচ্চিত্ৰ পৰিচালনাৰ জগতত খোজ দিছিল।[2][3]

নয়নমণি

নয়নমণিৰ এটা দৃশ্যত নিপন গোস্বামী আৰু বিদ্যা ৰাও
পৰিচালক সুপ্ৰভা দেৱী
চিত্ৰনাট্য গুণসিন্ধু হাজৰিকা
কাহিনী সুপ্ৰভা দেৱী
প্ৰযোজক সুপ্ৰভা দেৱী
অভিনয়ত নিপন গোস্বামী
বিদ্যা ৰাও
চিত্ৰগ্ৰহণকাৰী ইন্দুকল্প হাজৰিকা
সম্পাদনা মোখতাৰ আহমেদ
সংগীত পৰিচালক জিতু-তপন
মুক্তি
৬ জানুৱাৰী ১৯৮৪
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

ছবিৰ চিত্ৰনাট্য ৰচক তথা সহযোগী পৰিচালক গুণসিন্ধু হাজৰিকাই এই ছবিৰ কামত ব্যস্ত হৈ থকা অৱস্থাতে কলকাতাত এক দুৰ্ঘটনাত পতিত হৈ চিৰদিনৰ বাবে দৃষ্টিশক্তি হেৰুৱাইছিল।[1]

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

পৰাগ আৰু অৰূপ দুই ভাই ককাই। পৰাগৰ পত্নী জীনু। অৰূপে ভাল পায় মইনা ওৰফে নয়নমণিক। মাকৰ সন্মতিত দুয়োৰো বিয়া হ’ল আৰু দাম্পত্য জীৱনৰ আৰম্ভণি কৰিলে। মৰম, স্নেহ, পৰিচৰ্যাৰে নয়নমণিয়ে শাহুৱেকক বুৰাই ৰাখিলে। কিন্তু জায়েক জীনুৰ নয়নমণিৰ এই সুখ সহ্য নহ’ল। শাহুৱেকৰ পৰা তাইক আঁতৰাই পঠিয়াবলৈ কূট-কৌশল ৰচনা কৰিলে। লাহেলাহে শাহুৱেকে তাইক বেয়া পোৱা হৈ আহিল আৰু এদিন তাই ঘৰ এৰি গিৰিয়েক আৰু সন্তান দুটি লৈ ভাড়াঘৰত থাকিবলৈ বাধ্য হ’ল।

সময় গৈ থাকে। অৰূপৰ মৃত্যু হয়। অকলশৰীয়া নয়নমণিয়ে অশেষ কষ্টৰে সন্তান দুটি তুলি-তালি ডাঙৰ দীঘল কৰে। অৱশেষত পৰাগ, জীনু আৰু শাহুৱেক অনুতপ্ত হয় আৰু সকলোৱে মাথোন নয়নমণিক বিচাৰিলে।[1]

অভিনয় শিল্পী সম্পাদনা কৰক

  • নিপন গোস্বামী
  • বিদ্যা ৰাও
  • ঈশান বৰুৱা
  • বন্দনা শৰ্মা
  • গিৰিজা দাস
  • গৌৰী বৰুৱা
  • ৰবীন ডেকা
  • উপকূল বৰদলৈ
  • ৰুণু দাস
  • ৰেখা দাস
  • ক্ষিতিন বৰবৰা
  • মীনা কুমাৰী দুৱৰা
  • ডৰীন হাজৰিকা
  • ডেভিছ হাজৰিকা আদি[1]

কলা-কুশলী সম্পাদনা কৰক

সঙ্গীত সম্পাদনা কৰক

ছবিৰ সঙ্গীত পৰিচালনা জিতু-তপনৰ। গীত গাইছে বলীউডৰ প্ৰতিষ্ঠিত কণ্ঠশিল্পী সুমন কল্যাণপুৰ আৰু ভূপিন্দৰে।[4][1]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "আৰু কত দুখ দিয়া প্ৰভু, কত দুখ আৰু দিয়া, কত দূৰ নজনা বাটে যাতনাৰ বাটে নিয়া"  নিৰ্মলপ্ৰভা বৰদলৈসুমন কল্যাণপুৰ  
2. "মা তুমি খেলিবানে দেউতা খেলিবানে, আহা আহা আমি খেলোঁ, আহানা আকৌ আমি খেলোঁ"  গুণসিন্ধু হাজৰিকাসুমন কল্যাণপুৰ, ভূপিন্দৰ  
3. "ঘিটমিট আন্ধাৰৰ নিমাত ৰাতি জোনাকী পৰুৱাৰ সৌ জিকমিকনি"  সুপ্ৰভা দেৱীভূপিন্দৰ  
4. "অ’ নয়নমণি অ’ নয়নমণি কিযে মোহনীয়া তুমি, অ’ কিয়ে মোহনীয়া তুমি যেন তুমিয়ে মোৰ জীৱনসঙ্গিনী"  গুণসিন্ধু হাজৰিকাসুমন কল্যাণপুৰ, ভূপিন্দৰ  

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 Das Arunlochan (2013). ৩১১ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 263. 
  2. "Suprabha Devi passes away at 73 - First Assamese woman director, she won accolades over the years". https://www.telegraphindia.com/.+15-6-2011. https://www.telegraphindia.com/north-east/suprabha-devi-passes-away-at-73-first-assamese-woman-director-she-won-accolades-over-the-years/cid/384316। আহৰণ কৰা হৈছে: 15 January 2021. 
  3. "Debi Suprabha". Encyclopedia of Indian Cinema. https://books.google.co.in/books?id=rF8ABAAAQBAJ&pg=PA1994-IA67&lpg=PA1994-IA67&dq=nayanmoni+1984+assamese+movie&source=bl&ots=UtgJyG46Th&sig=ACfU3U1RmUrWGrQjbDmXCgNqPPzzedktEQ&hl=en&sa=X&ved=2ahUKEwiH7fLvip7uAhUS5nMBHbxvCWEQ6AEwC3oECAQQAg#v=onepage&q=nayanmoni%201984%20assamese%20movie&f=false। আহৰণ কৰা হৈছে: 15 January 2021. 
  4. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 393.