নাইয়াৰ মাছুদ(ইংৰাজী: Naiyer Masud; (জন্ম: ১৯৩৬ – ২৪ জুলাই, ২০১৭)[1] এগৰাকী ভাৰতীয় উৰ্দু পণ্ডিত আৰু উৰ্দু চুটি গল্প অফছানাৰ লেখক।[2][3][4]

নাইয়াৰ মাছুদ
জন্ম ১৯৩৬
লক্ষ্ণৌ, ভাৰত
মৃত্যু ২৪ জুলাই, ২০১৭ (৮১ বছৰ)
পেচা অধ্যাপক
ভাষা উৰ্দু
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰণ গল্প
উল্লেখনীয় কৰ্মৰাজি তাঊচ চমন কী মেইনা
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (২০০১)
সৰস্বতী সন্মান (২০০৭)

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নাইয়াৰৰ জন্ম হৈছিল আৰু জীৱনৰ প্ৰায় গোটেই সময়খিনি তেওঁ ইয়াতে পাৰ কৰিছিল। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পাৰ্চিয়ান ভাষাৰ অধ্যাপক ৰূপে তেওঁ চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰিছিল।

মাছুদৰ দেউতাকৰ নাম আছিল মাছুদ হাছান ৰিজৱী। তেৱোঁ লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পাৰ্চিয়ান ভাষাৰ অধ্যাপক আছিল আৰু উৰ্দু দাস্তানৰ এই পণ্ডিতগৰাকীয়ে ১৯৭০ চনত সাহিত্য আৰু শিক্ষাৰ বাবে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। ব্যংগ লেখক আজহাৰ আছিল মাছুদৰ ডাঙৰ ভাতৃ।

কৰ্মজীৱন আৰু স্বীকৃতি সম্পাদনা কৰক

মাছুদে তেওঁৰ সাহিত্য জীৱনত কেইবাখনো উল্লেখযোগ্য কিতাপ লিখিছিল। তেওঁ এগৰাকী অনুবাদকো আছিল আৰু কাফ্‌কাৰ বহুখিনি ৰচনা অনুবাদ কৰিছিল। তেওঁ তেওঁৰ চুটি গল্পসমূহৰ বাবে আটাইতকৈ বেছি জনাজাত আছিল আৰু এইবোৰ গাঞ্জিফা, চিমিয়া, ইটাৰ-এ-কাফুৰ আৰু তাঊচ চমন কী মেইনা সংকলনত প্ৰকাশ পইছে। তাঊচ চমন কী মেইনা গল্প সংকলনখনৰ বাবে তেওঁক ২০০১ চনত উৰ্দু ভাষাৰ সাহিত্য অকাডেমি বঁটা আৰু ২০০৭ চনৰ সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল।

এনুৱেল অৱ উৰ্দু ষ্টাডিজৰ ১৯৯৭ চনৰ সংখ্যাটো নাইয়াৰ মাছুদ বিষয়ক আছিল।[5]

তথ্যসূত্ৰ সম্পাদনা কৰক