নাগাৰ্জুন

বৌদ্ধ দাৰ্শনিক


নাগাৰ্জুন (আনুমানিক ১৫০-২৫০ খ্ৰীষ্টাব্দ) আছিল গৌতম বুদ্ধৰ পিছৰ অন্যতম প্ৰভাৱশালী বৌদ্ধ দাৰ্শনিক।[1][2] শিষ্য আৰ্যদেৱৰ সৈতে ‘মহাযান’ বৌদ্ধ ধৰ্মৰ ‘গৌণ’ শাখা প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব তেওঁক দিয়া হয়। তেওঁক ‘প্ৰজ্ঞা পৰমিতা সূত্ৰ’ সম্পৰ্কীয় দৰ্শনৰ উন্নিতকৰণৰ কৃতিত্ব দিয়া হয় আৰু কিছুমান বিৱৰণী অনুসৰি তেওঁ আনুষংগিক মন্ত্ৰসমূহ নাগ (সৰ্প বা ড্ৰেগন)ৰ পৰা উদ্ধাৰ কৰি পৃথিৱীত প্ৰকাশ কৰে। তেওঁ ঔষধি ৰসায়ন বিজ্ঞানৰ ওপৰত কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ লগতে নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা বুলি ধাৰণা কৰা হয়।[2][3][4]

নাগাৰ্জুন

নাগাৰ্জুনেৰ সোণালি মূৰ্তি। অবস্থান: Samye Ling Monastery [1]
জন্ম ca. ১৫০ খ্ৰীষ্টাব্দ
দক্ষিণ ভাৰত
মৃত্যু ca. ২৫০ খ্ৰীষ্টাব্দ
ভাৰত
পেচা বৌদ্ধধৰ্মৰ শিক্ষক আৰু দাৰ্শনিক
জনা যায় মহাযান বৌদ্ধধৰ্মৰ মাধ্যমিক শাখাৰ প্ৰতিষ্ঠাতা
ধৰ্ম বৌদ্ধ

নাগাৰ্জুনৰ জীৱনৰ বিষয়ে বহুত কমেইহে জনা যায়, কিয়নো তেওঁৰ বিষয়ে যিখিনি আছে সেয়া নাগাৰ্জুনৰ মৃত্যুৰ শ শ বছৰৰ পাছতো চীনা আৰু তিব্বতী ভাষাত লিখা হৈছে। একাংশ সূত্ৰৰ মতে নাগাৰ্জুন এজন দক্ষিণ ভাৰতীয় ব্যক্তি৷ আন একাংশ পণ্ডিতৰ মতে নাগাৰ্জুন আছিল সতবাহন বংশৰ এজন ৰজাৰ উপদেষ্টা৷[5]

চতুৰ্থ-পঞ্চম শতিকাত কুমাৰজীৱে অনুবাদ কৰা জীৱনী অনুসৰি নাগাৰ্জুনৰ জন্ম ব্ৰাহ্মণ পৰিয়ালত হৈছিল। পৰৱৰ্তী সময়ত নাগাৰ্জুনে বৌদ্ধ ধৰ্মত দিক্ষিত হয়।[6]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Walser (2005) p. 1-3.
  2. 2.0 2.1 Garfield, Jay L. (1995), The Fundamental Wisdom of the Middle Way, Oxford: Oxford University Press.
  3. Walser (2005) p. 3.
  4. Garfield (1995), p. 87.
  5. Walser (2005), p. 43.
  6. Mäll, Linnart. Studies in the Aṣṭasāhasrikā Prajñāpāramitā and other essays. 2005. p. 96