নাঙেলী গীত অসমৰ দৰং জিলাত প্ৰচলিত একপ্ৰকাৰৰ গীত। নাঙেলী গীতক নাইলেনী বা লাইলাং বুলিও কোৱা হয়। বিহু গীতৰ দৰে ত্ৰিপদী ছন্দত ৰচিত এই নাঙেলী গীতবোৰৰ সংখ্যা 'ওঠৰ কুৰি' বুলি পৰম্পৰা প্ৰচলিত। কৃষিজীৱী সমাজখনৰ লোকসকলৰ জীৱনৰ আশা আকাংক্ষা, কামনা বাসনা, বিৰহ ব্যথা নাঙেলী গীতবোৰৰ মাজেদি প্ৰকাশ পায়।

নাঙেলী গীতসমূহ কৃষি সমাজৰ লগত জড়িত। নাঙেলী গীত কৃষিজীৱী সমাজৰ উৰ্বৰতাৰ প্ৰতীক। কৃষিজীৱী সমাজৰ বা কৃষিজীৱী লোকসকলৰ কৃষিভূমি কৰ্ষণৰ বাবে এক অপৰিহাৰ্য সঁজুলি হ'ল নাঙল। এই কৰ্ষণ কৰোঁতাসকলে সচৰাচৰ ব্যৱহাৰ কৰা গীতবোৰই নাঙেলী গীত ৰূপে জনাজাত হ'ল। কৃষিকাৰ্যৰ লগত উৰ্বৰতা বিশেষভাৱে সম্পৰ্কিত। কৃষিজীৱী সমাজে বিশেষকৈ যৌন প্ৰকাশক নৃত্য গীতৰ মাজেৰে বসুমতীক উৰ্বৰ কৰি তোলাৰ প্ৰৱণতাৰ ফলতেই বিহু নৃত্য গীত, হুদুম পূজা আদিৰ দৰে পৰম্পৰাৰ সৃষ্টি হৈছিল আৰু বৰ্তমানো বিদ্যমান। সেয়ে এই নৃত্য গীত বোৰ বাহ্যিক দৃষ্টিত অশ্লীল ধৰ্মী।[1] নাঙেলী গীতবোৰৰো মূল ভিত্তি যৌন আকাংখ্যা।

নাঙেলী গীতবোৰ সচৰাচৰ দুটা ভাগত ভগাব পাৰি - শুদ্ধ আৰু অশুদ্ধ। অশ্লীলতাৰ পৰা মুক্ত গীতখিনিকেই শুদ্ধ আৰু অশ্লীলতাযুক্ত গীতখিনিক অশুদ্ধ বোলা হয়। কিন্তু শুদ্ধ গীতৰ সংখ্যা যথেষ্ট কম। [2]

গৰখীয়াসকলৰ মাজত

সম্পাদনা কৰক

কৃষকসকলে ব্যৱহাৰ কৰা এই নাঙেলী গীতসমূহ লাহে লাহে গৰখীয়াসকলৰ মাজতহে সীমাবদ্ধ হ'ল। গাঁও অঞ্চলৰ প্ৰায়ভাগ মানুহেই কৃষিজীৱী। সেয়ে প্ৰায় প্ৰত্যেক ঘৰ মানুহৰেই গৰু-ম'হ থাকে। সেই গৰু-ম'হবোৰক দল বান্ধি গাঁৱৰ ডেকা সকলে মুক্ত পথাৰলৈ চৰাবলৈ লৈ যায়I পথাৰত গৰু-ম'হ চৰাই থাকোঁতে গৰখীয়াসকলৰ আমনি লগে। সেয়ে সময় কটাবলৈ গৰখীয়া সকলৰ মাজত এই গীতসমূহৰ প্ৰচলন আৰম্ভ হয়। ভগৱান শ্ৰীকৃষ্ণই গৰখীয়াৰ ৰূপ ধৰি লগৰীয়াসকলৰ সৈতে গোপিনী‍সকলক জোকোৱা গীতবোৰকো নাঙেলী বোলা কথাষাৰো এইক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ। শ্ৰীকৃষ্ণই নিজেই এই গীতবোৰ লগৰীয়াসকলক শিকাইছিল। নাঙেলী গীততেই এই পৰম্পৰাৰ উল্লেখ আছে।

এই গীতবোৰত গৰখীয়া সকলে কোনো বাদ্যৰ সহায় নলয়। অৱশ্যে কেতিয়াবা বাঁহী ব্যৱহাৰ কৰে। [3] উন্মুক্ত গৰুৰ বিচৰণভূমিত প্ৰায় নাৰী সংগতিবিহীন জীৱন যাপন কৰা গৰখীয়া সকলেই এই নাঙেলী গীতবোৰৰ ধাৰক আৰু বাহকৰূপে পৰিগণিত হ'ল।

পথাৰত গৰু চৰাই থাকোঁতে আমনি লাগে বাবে গৰখীয়া সকল দুটা দলত ভাগ হৈ নাঙেলী গীতৰ মাজেৰে ইটোৱে আনটোক ঠাট্টা মস্কৰা কৰিবলৈ লয়। ইটো দলে সিটো দলক পৰাস্ত কৰিবলৈ পৰিয়ালৰ সদস্যকো সাঁঙুৰি গীত জোৰে । নাঙেলী গীত শ্ৰম লাঘৱৰ কাজিয়া। ইয়াত কোনেও কাকো শাৰীৰিকভাৱে আক্ৰমণ নকৰে। অৱশ্যে কাজিয়াই দ্ৰুত গতি লোৱা দেখিলে বৰ গৰখীয়াজনে সাংগীতিক অৰিয়া-অৰিত হস্তক্ষেপ কৰে। এনেদৰেই গৰখীয়া সকলে গীতৰ মাজেৰে ৰং-তামাচা কৰে আৰু আবেলি ঘৰমুৱা হয়। [4] আন কিছুমান নাঙেলী গীতৰ মাজেৰে বিহু গীতৰ দৰেই গৰখীয়াসকলৰ প্ৰেম ভালপোৱাৰ ভাৱ প্ৰকাশ পায়।

নাঙেলী গীতৰ উদাহৰণ

সম্পাদনা কৰক

নাঙেলী গীতৰ এক উদাহৰণ[5]:

মহৰ শিং কেঁকোৰা মহৰ শিং বেকোঁৰা/মহৰ শিং ভাঙিল ঐ যুঁজত।
অমুকা পৈয়েৰক জুকাই তই নলবি / মহৰ শিং সোমাই দিম মুখত।

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. ড° নাৰায়ণ দাস আৰু ড° পৰমানন্দ ৰাজবংশী সম্পাদিত অসমীয়া সংস্কৃতিৰ কণিকা,প্ৰকাশন গোট, স্নাতকোত্তৰ অসমীয়া অধ্যয়ন কেন্দ্ৰ,অসমীয়া বিভাগ,প্ৰাগজ্যোতিষ মহাবিদ্যালয়,গুৱাহাটী -৭৮১০০৯,প্ৰথম প্ৰকাশ মে' ১৯৯৬, পৃষ্ঠা - সংখ্যা ২০৩
  2. ড° নাৰায়ণ দাস আৰু ড° পৰমানন্দ ৰাজবংশী সম্পাদিত অসমীয়া সংস্কৃতিৰ কণিকা,প্ৰকাশন গোট, স্নাতকোত্তৰ অসমীয়া অধ্যয়ন কেন্দ্ৰ,অসমীয়া বিভাগ,প্ৰাগজ্যোতিষ মহাবিদ্যালয়,গুৱাহাটী -৭৮১০০৯,প্ৰথম প্ৰকাশ মে' ১৯৯৬, পৃষ্ঠা - সংখ্যা ২০৩
  3. দৰং জিলাৰ ঐতিহ্যপূৰ্ণ লোককৃষ্টি - নাঙেলী গীত,ৰ'জলীনা কলিতা,জনমভূমি,পৃষ্ঠা ৮,২৯ এপ্ৰিল,২০২০
  4. দৰং জিলাৰ ঐতিহ্যপূৰ্ণ লোককৃষ্টি - নাঙেলী গীত,ৰ'জলীনা কলিতা,জনমভূমি,পৃষ্ঠা ৮,২৯ এপ্ৰিল,২০২০
  5. ড° নাৰায়ণ দাস আৰু ড° পৰমানন্দ ৰাজবংশী সম্পাদিত অসমীয়া সংস্কৃতিৰ কণিকা,প্ৰকাশন গোট, স্নাতকোত্তৰ অসমীয়া অধ্যয়ন কেন্দ্ৰ,অসমীয়া বিভাগ,প্ৰাগজ্যোতিষ মহাবিদ্যালয়,গুৱাহাটী -৭৮১০০৯,প্ৰথম প্ৰকাশ মে' ১৯৯৬, পৃষ্ঠা - সংখ্যা ২০৩