নাদু-ভংগী হ'ল সত্ৰীয়া নৃত্যৰ এটা ভাগ। এই নাদু-ভংগী নাচত তিনিযোৰা নটুৱাই (গোপ-গোপী) নাচে। সত্ৰৰ নতুন শিকাৰু সকলে এই নাচ শিকে।[1]

সত্ৰীয়া নৃত্যৰ এক ভংগীমা

নাদু-ভংগী নাচ দুই প্ৰকাৰৰ: ৰামদানি আৰু গীতৰ নাচ।[1]

নাদু-ভংগী নাচত পূৰ্বতে উল্লেখ কৰি অহা তিনিযোৰ নটুৱাৰ ভিতৰত প্ৰথম যোৰাই কৃষ্ণৰ, দ্বিতীয় যোৰাই গোপীৰ আৰু তৃতীয় যোৰাই ঝুমুৰৰ সাজ পিন্ধি নাচিবলৈ লয়। নাদু-ভংগীৰ সাজ সম্পৰ্কে নাৰায়ণ চন্দ্ৰ গোস্বামীয়ে এনেদৰে কৈছে[1]

"ককালত ৰঙা বা পাটৰ চুৰিয়া , ভৰিত নূপূৰ গাত চুটি হাতৰ বুকুফুলা ক'লা চোলা।মূৰত ৰঙা, হালধীয়া বা বগা কাপোৰ। তাৰ ওপৰত বনকৰা নটুৱা টুপী, হাতত বাজু।"

পৰিৱেশন শৈলী

সম্পাদনা কৰক

নাদু-ভংগী নাচৰ ৰামদানি অংশত দুখনি তাল বজোৱা হয়।এই দুখনি তালেৰেই বাজনা শেষ কৰা হয়।এই নাচত ৰক্ত তাল বজোৱা হয়। শংকৰদেৱৰ কীৰ্ত্তন স্থাপনৰ দিনটোত নাদু-ভংগী নৃত্যৰ বাবে সাৰংগ ৰাগত "অ সখি পেখো মদন গোপাল...." বৰগীতটি গোৱাৰ নিয়ম প্ৰচলিত হৈ আছে।বৰগীতটি গাই শেষ হোৱাৰ লগে লগে নাদু-ভংগী নাচৰো সামৰণি পৰে।[1]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 অসমীয়া সংস্কৃতি কণিকা.