নাহৰৰ গীত হৈছে অসমৰ প্ৰাচীন বুৰঞ্জীমূলক এক শ্ৰেণীৰ জনপ্ৰিয় কাহিনী গীত। আহোম স্বৰ্গদেউ চুকাফাৰ ৰাণী কাঞ্চনীৰ লগত নাহৰ নামৰ ডেকা এজনৰ গোপন প্ৰণয়েই এই গীতৰ ঘাই উপজীব্য। নাহৰৰ কৰুণ কাহিনীক লৈ নাহৰ-চেনামুৱাৰ গীত ৰচিত হ'ল। নাহৰৰ গীত প্ৰাচীনতম কাৰণ নাহৰ ডেকা খোৰাৰাজাৰ (১৫৫২ চনৰ পৰা ১৬০৩) কুঁৱৰী এগৰাকীৰ তোলনীয়া ল'ৰা আছিল।