নিক্স বনাম হেডেন, (ইংৰাজী: Nix v. Hedden) ১৪৯ ইউ.এছ.৩০৪ (১৮৯৩), হৈছে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ এক সিদ্ধান্ত য’ত আদালতে ৯–০ ৰায় দি শুনানি দিছিল যে আমদানি আৰু ৰপ্তানি শুল্কৰ উদ্দেশ্যে বিলাহীক ফলৰ পৰিৱৰ্তে শাক-পাচলি হিচাপে শ্ৰেণীভুক্ত কৰিব লাগে।[1] ন্যায়াধীশ হৰেচ গ্ৰেই আদালতৰ মতামত আগবঢ়াই কৈছিল যে ১৮৮৩ চনৰ শুল্ক আইনত কাৰিকৰী উদ্ভিদবিজ্ঞানৰ অৰ্থৰ পৰিৱৰ্তে "ফল" আৰু "শাক-পাচলি" শব্দ দুটাৰ সাধাৰণ অৰ্থ ব্যৱহাৰ কৰা হৈছে।

উদ্ভিদবিজ্ঞানৰ ফালৰ পৰা বিলাহী এটা ফল। অৱশ্যে সাধাৰণ ভাষাত ই এবিধ পাচলি; সেয়েহে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ৰায় দিলে যে শুল্ক নিয়মৰ উদ্দেশ্যে বিলাহী এবিধ পাচলি হে।

১৮৩৯ চনতজন নিক্সে নিউয়ৰ্ক চহৰতজন নিক্স এণ্ড কোম্পানীৰ ফল কমিছন প্ৰতিষ্ঠা কৰে। সেই সময়ত নিউয়ৰ্ক চহৰৰ উৎপাদিত সামগ্ৰীৰ ই এক অন্যতম বৃহৎ বিক্ৰেতা হৈ পৰে আৰু ফ্ল'ৰিডাৰ ভাৰ্জিনিয়া আৰু বাৰ্মুডাৰ পৰা নিউয়ৰ্কলৈকে উৎপাদিত সামগ্ৰী প্ৰেৰণ কৰা প্ৰথম কোম্পানীসমূহৰ ভিতৰত অন্যতম বিবেচিত হয়।[2]

১৮৮৩ চনত ৰাষ্ট্ৰপতি চেষ্টাৰ এ আৰ্থাৰে ১৮৮৩ চনৰ ৩ মাৰ্চৰ শুল্ক আইনত স্বাক্ষৰ কৰে। এই আইনত আমদানিকৃত শাক-পাচলিৰ ওপৰত কৰ দিব লাগিব বুলি লিখা আছিল, অৱশ্য এই কৰ ফলৰ ওপৰত প্ৰযোজ্য নহয়। জন নিক্স এণ্ড কোম্পানীয়ে প্ৰতিবাদৰ অধীনত প্ৰদান কৰা বেক ড্যুটি আদায়ৰ বাবে নিউয়ৰ্ক বন্দৰৰ কালেক্টৰ এডৱাৰ্ড এল হেডেনৰ বিৰুদ্ধে মামলা দাখিল কৰা হয়। তেওঁলোকে এই শুল্কৰ বিৰুদ্ধে যুক্তি দি কৈছিল যে উদ্ভিদ বিজ্ঞানৰ ফালৰ পৰা বিলাহী উদ্ভিদৰ ফুলৰ অংশৰ পৰা বিকশিত হোৱা বীজ ধাৰণকাৰী এক গঠন হোৱা বাবে ই এক ফলহে। .[3]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. সাঁচ:Ussc.
  2. "Virginia Truck Farms: How They Supply Food For The Great Cities.". Fruit Trade Journal and Produce Record খণ্ড 56: 14. January 20, 1917. https://books.google.com/books?id=xtlKAQAAMAAJ&q=john+nix+fruit+commission&pg=PA110। আহৰণ কৰা হৈছে: 4 October 2016. 
  3. "Garden Tomato - Solanum lycopersicum - Overview - Encyclopedia of Life" (en ভাষাত). Encyclopedia of Life. http://eol.org/pages/392557/overview। আহৰণ কৰা হৈছে: 2017-07-30.