নিত্যানন্দদেৱ
নিত্যানন্দদেৱ অসমৰ মায়ামৰা সম্প্ৰদায়ৰ আদিগুৰুসকলৰ ভিতৰত অন্যতম৷[1]মায়ামৰা সম্প্ৰদায়ৰ তৃতীয় অধিকাৰ শ্ৰী হৰিৰামদেৱৰ মৃত্যুৰ পিছৰ তেওঁৰ ভায়েক নিত্যানন্দদেৱে খুটিয়াপোটা সত্ৰৰ অধিকাৰী হয়৷
চমূ জীৱনী
সম্পাদনা কৰকনিত্যানন্দদেৱৰ পিতৃ আছিল অনিৰুদ্ধদেৱৰ আদি গুৰু কৃষ্ণদেৱ৷ বাল্যকালত নিত্যানন্দদেৱ অতি চঞ্চলমতি আছিল বুলি জনা যায়৷ পঢ়া-শুনাত মনোযোগ নিদি তেওঁ সমনীয়াৰ সৈতে খেলা ধূলা কৰিয়ে সময় কটাইছিল৷ কিন্তু তেওঁ প্ৰখৰ বুদ্ধিসম্পন্ন হোৱা বাবে অনায়াসে ভাগৱতৰ পাঠ আয়ত্ব কৰি লয় আৰু পৰৱৰ্ত্তী কালত বিদগ্ধ পণ্ডিত ৰূপে খ্যাতি লাভ কৰে৷ তেওঁ ছয় বছৰ ধৰি ধৰ্মপ্ৰচাৰ কৰাৰ সময়ত ৰাজশক্তিৰ লগত নানা সংঘাতৰ সৃষ্টি হৈছিল বুলি জনা যায়৷ তথাপিও এই সময়ছোৱাতে তেওঁ কেইবাখনো তত্বপূৰ্ণ গ্ৰন্থ যেনে ’ভক্তি মংগল ঘোষা’, ’গীত শাস্ত্ৰ’, মৎস্য চৰিত্ৰ’, ’সতী চৰিত্ৰ’ আদি ৰচনা কৰি থৈ গৈছে৷ [1]
কথিত আছে যে চুৰাম্ফাৰ দিনত মায়মৰা সত্ৰৰ জয়জয় ময়ময় অৱস্থাই ৰজাক কিছু ক্ষুন্ন কৰি তোলে৷ তেওঁৰ পিতৃৰ শ্ৰাদ্ধত নিমন্ত্ৰণ লাভকৰি শিষ্য সমন্বিতে নিত্যানন্দদেৱে ৰাজপ্ৰসাদলৈ যায়৷ শ্ৰাদ্ধৰ পৰা উভতাৰ পৰত নিশা হোৱাত অভ্যাগতসকলক ৰাজভঁৰালৰ পৰা দহ-বাৰটাকৈ জোৰ দি পঠিওৱা হয়৷ নিত্যানন্দদেৱক ভৰালী বৰুৱাই বাৰকুৰিটা জোৰ দিবলৈ নিৰ্দেশ দিয়ে৷ সেইসময়ত ৰজাৰ বাহিৰে কোনেও শটা জোৰ লগাই যোৱাটো নীতিবিৰুদ্ধ বুলি গণ্য কৰা হৈছিল৷ গতিকে এই কথাত ভগা ৰজা ক্ৰোধান্বিত হৈ উঠে আৰু নিত্যানন্দদেৱক নিজৰ প্ৰতিদ্বন্দী বুলি গণ্য কৰি হত্যা কৰাৰ আদেশ দিয়ে৷ ৰজাৰ আদেশমৰ্মে চাওদাং বৰুৱাই দিখৌ নৈৰ কুঁজিবালি ঘাটত নিত্যানন্দদেৱক প্ৰাণদণ্ড দিবলৈ লৈ যায় কিন্তু নিত্যানন্দদেৱে তেওঁৰ গাত হাত লগোৱাৰ আগতেই যোগাসনত বহি বৈকুন্ঠপ্ৰয়ান কৰে৷[1]
উল্লেখযোগ্য অৱদান
সম্পাদনা কৰকধৰ্মপ্ৰচাৰৰ উপৰিও নিত্যানন্দদেৱে নানা পুথিও ৰচনা কৰি থৈ গৈছে৷ ইয়াৰ ভিতৰত ’মাৰিচ বধ’ অন্যতম৷ তাৰোপৰি তেওঁ মুঠ ১৬০ টা গীত ৰচনা কৰি থৈ গৈছে৷[1]