নিশান্ত দেৱ (জন্ম: ২৩ ডিচেম্বৰ ২০০০) এজন ভাৰতীয় মুষ্টিযোদ্ধা।[1] উজবেকিস্তানৰ টাছকেণ্টত অনুষ্ঠিত হোৱা আই বি এ পুৰুষৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তেওঁ ৭১ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।[2]

নিশান্ত দেৱ
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ২৩ ডিচেম্বৰ, ২০০০ (২৩ বছৰ)
কাৰ্ণাল, হাৰিয়ানা, ভাৰত
ওজন ৭১ কেজি
ক্ৰীড়া
প্ৰশিক্ষক সুৰেন্দ্ৰ চৌহান

পেছাদাৰী মুষ্টিযোদ্ধা ককাকৰ পৰা অনুপ্ৰাণিত হৈ ২০১২ চনত নিশান্তই বক্সিং খেলিবলৈ আৰম্ভ কৰে। প্ৰথমে তেওঁ কৰণ ষ্টেডিয়ামত প্ৰশিক্ষক সুৰেন্দ্ৰ চৌহানৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। নিশান্তৰ দেউতাকে ৰাতিপুৱা ৪ বজাত তেওঁক জগাই প্ৰশিক্ষণলৈ লগত লৈ গৈছিল আৰু সন্ধিয়াও সেইদৰে লৈ গৈছিল যাতে তেওঁৰ পুত্ৰক ভালদৰে প্ৰশিক্ষণ দিয়া হয়।[3][4]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
    এই জীৱনীমূলক প্ৰবন্ধটো এজন ভাৰতীয় মুষ্টিযোদ্ধা সম্পৰ্কীয় এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।