নীলাঞ্জনা দত্ত

ভাৰতীয় মূলৰ ইংৰাজ গণিতজ্ঞ

নীলাঞ্জনা দত্ত হ'ল এগৰাকী ভাৰতীয় বংশোদ্ভত ব্ৰিটিছ অংকবিদ। তেওঁৰ বিষয় হৈছে কোৱাণ্টাম তথ্য তত্ত্ব। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ "প্ৰায়োগিক গণিত আৰু তাত্ত্বিক পদাৰ্থবিজ্ঞান" বিভাগত তেওঁ এই বিষয়টোত ৰিডাৰ হিচাপে নিযুক্ত। ইয়াৰ উপৰি তেওঁ পেম্ব্ৰক মহাবিদ্যালয়ৰো এগৰাকী সভ্য।[1]

নীলাঞ্জনা দত্ত
বাসস্থান আমেৰিকা যুক্তৰাজ্য
ক্ষেত্ৰ
  • গাণিতিক পদাৰ্থবিজ্ঞান
  • কোৱাণ্টাম তথ্য
  • কোৱাণ্টাম পাৰিসাংখ্যিক বলবিদ্যা
কৰ্মস্থান কেমব্ৰিজ বিশ্ববিদ্যালয়;
ইক'ল' পলিটেকনিক ফেডেৰেল ডে ল'ছেন;
ষ্ট্ৰেথক্লাইড বিশ্ববিদ্যালয়;
ডাবলিন উচ্চতৰ শিক্ষাৰ প্ৰতিষ্ঠান;
চেণ্টাৰ নেশ্যনেল দি লা ৰিচাৰ্চ ছাইণ্টিফিক, (চিএনআৰএছ মাৰ্ছিলে)
শিক্ষানুষ্ঠান এথ জুৰিখ (ডক্টৰেট), যাদৱপুৰ বিশ্ববিদ্যালয় (BScবিজ্ঞানৰ স্নাতক আৰু স্নাতকোত্তৰ)
ডক্তৰেল পৰামৰ্শদাতা জুৰ্গ ফ্ৰহলিখ, ৰুডল্ফ মৰ্ফ

জন্ম সম্পাদনা কৰক

তেখেতৰ জন্ম হৈছিল ভাৰতপশ্চিম বংগ ৰাজ্যত। কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেখেতে স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত ছাহা নিউক্লিয়াৰ পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠানৰ পৰা বিজ্ঞানত স্নাতকোত্তৰ অৰ্জন কৰে। ১৯৯৫ চনত তেখেতে জুৰিখ, ইটিএইচ্ছৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। জুৰ্গ ফ্ৰহলিখ আৰু ৰুডল্ফ মৰ্ফৰ অধীনত তেখেতে সেই গৱেষণাকাৰ্য সম্পন্ন কৰে। তেখেতৰ গৱেষণাৰ বিষয় আছিল কোৱাণ্টাম পাৰিসাংখ্যিক বলবিদ্যা আৰু কোৱাণ্টাম হল প্ৰভাৱ[2]

কৰ্মজীৱন সম্পাদনা কৰক

তেখেতেৰ কেইখনমান কৰ্মস্থলী হৈছে-

  • চেণ্টাৰ নেশ্যনেল দি লা ৰিচাৰ্চ ছাইণ্টিফিk,
  • ডাবলিন উচ্চতৰ শিক্ষাৰ প্ৰতিষ্ঠান,
  • ষ্ট্ৰেথক্লাইড বিশ্ববিদ্যালয়,
  • ইক'ল' পলিটেকনিক ফেডেৰেল ডে ল'ছেন।

২০০১ চনত তেখেত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গণিত বিভাগৰ এগৰাকী স্বীকৃত অধ্যাপক হৈ পৰে। তদুপৰি, নীলাঞ্জনা গুপ্তা পেম্ব্ৰোক মহাবিদ্যালয়ৰো এগৰাকী সভ্য হয়।

কেম্ব্ৰিজলৈ অহাৰ পিছত, নীলাঞ্জনা দত্তই কোৱাণ্টাম তথ্য তত্ত্বৰ গৱেষণাত মনোনিৱেশ কৰে। এইখন ক্ষেত্ৰৰ কোৱাণ্টাম অৱস্থা বদলিকৰণ,[3][4] ওৱান-শ্বট কোৱাণ্টাম তথ্য তত্ত্ব[5][6][7][8] , কোৱাণ্টাম তথ্য তত্ত্বত স্মৃতিৰ প্ৰভাৱ[9][10] দৰে বিষয়লৈ তেখেতে বৰঙনি আগবঢ়ায়। আৰ্টাৰ একেৰ্ট, জুৰ্গ ফ্ৰহলিখ, আলেক্সজেণ্ডাৰ হলেভ', ৰিছাৰ্ড জোজছা, মেৰি বেথ ৰুছকাই, আণ্ড্ৰেছ উইণ্টাৰ আদি গৱেষক-অধ্যাপকে তেখেতক এইসমূহ গৱেষণাত সহায় কৰে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. http://www.qi.damtp.cam.ac.uk/person/nd255?page=2
  2. Datta, Nilanjana (1995). Low-temperature phase diagrams of quantum lattice systems and properties of the edge of the laughlin liquid (PhD). doi:10.3929/ethz-a-001503668. 
  3. Christandl, Matthias; Datta, Nilanjana; Ekert, Artur; Landahl, Andrew J. (2004). "Perfect State Transfer in Quantum Spin Networks". Physical Review Letters খণ্ড 92 (18): 187902. doi:10.1103/PhysRevLett.92.187902. PMID 15169534. 
  4. Christandl, Matthias; Datta, Nilanjana; Dorlas, Tony C.; Ekert, Artur; Kay, Alastair; Landahl, Andrew J. (2005). "Perfect Transfer of Arbitrary States in Quantum Spin Networks". Physical Review A খণ্ড 71 (3): 032312. doi:10.1103/PhysRevA.71.032312. 
  5. Datta, Nilanjana; Renner, Renato (2009). "Smooth Renyi Entropies and the Quantum Information Spectrum". IEEE Transactions on Information Theory খণ্ড 55 (6): 2807–2815. doi:10.1109/TIT.2009.2018340. 
  6. Datta, Nilanjana (2009). "Min- and Max- Relative Entropies and a New Entanglement Monotone". IEEE Transactions on Information Theory খণ্ড 55 (6): 2816–2826. doi:10.1109/TIT.2009.2018325. 
  7. Buscemi, Francesco; Datta, Nilanjana (2010). "The quantum capacity of channels with arbitrarily correlated noise". IEEE Transactions on Information Theory খণ্ড 56 (3): 1447–1460. doi:10.1109/TIT.2009.2039166. 
  8. Mosonyi, Milan; Datta, Nilanjana (2009). "Generalized relative entropies and the capacity of classical-quantum channels". Journal of Mathematical Physics খণ্ড 50 (7): 072104. doi:10.1063/1.3167288. 
  9. Albanese, Claudio; Christandl, Matthias; Datta, Nilanjana; Ekert, Artur (2004). "Mirror Inversion of Quantum States in Linear Registers". Physical Review Letters খণ্ড 93 (23): 230502. doi:10.1103/PhysRevLett.93.230502. 
  10. Datta, Nilanjana; Dorlas, Tony C. (2007). "The coding theorem for a class of quantum channels with long-term memory". Journal of Physics A: Mathematical and Theoretical খণ্ড 40 (28): 8147–8164. doi:10.1088/1751-8113/40/28/S20.