নেচনেল ইউনিভাৰচিটি অৱ ছিংগাপুৰ

নেচনেল ইউনিভাৰচিটি অৱ ছিংগাপুৰ বা ছিংগাপুৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় (এন.ইউ.এছ.) (ইংৰাজী: National University of Singapore) হৈছে ছিংগাপুৰস্থিত এখন ৰাষ্ট্ৰীয় গৱেষণা বিশ্ববিদ্যালয়। ১৯০৫ চনত ষ্ট্ৰেইটছ ছেটেলমেণ্টচ এণ্ড ফেডাৰেটেড মালয় ষ্টেটছ গভৰ্ণমেণ্ট মেডিকেল স্কুল হিচাপে প্ৰতিষ্ঠা কৰা, এন.ইউ.এছ. হৈছে ছিংগাপুৰৰ আটাইতকৈ পুৰণি স্বায়ত্তশাসিত বিশ্ববিদ্যালয়।[4] বেছিভাগ ৰেংকিং অনুসৰি, ইয়াক কেৱল এছীয়-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰে নহয়, সমগ্ৰ বিশ্বৰে অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে গণ্য কৰা হয়।[5][6] এন.ইউ.এছ. হৈছে এক বিস্তৃত গৱেষণা কেন্দ্ৰিক বিশ্ববিদ্যালয়, যি বিজ্ঞান, ঔষধ আৰু দন্ত চিকিৎসা, ডিজাইন আৰু পৰিৱেশ, আইন, কলা আৰু সামাজিক বিজ্ঞান, অভিযান্ত্ৰিক, ব্যৱসায়, কম্পিউটিং আৰু সংগীতকে ধৰি বিভিন্ন শাখাত স্নাতক আৰু স্নাতকোত্তৰ দুয়োটা স্তৰতে ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।

নেচনেল ইউনিভাৰচিটি অৱ ছিংগাপুৰ
新加坡国立大学  (Chinese)
Universiti Nasional Singapura  (Malay)
স্থাপিত ১৯০৫; ১১৯ বছৰ  আগতে (1905) (কিং এডৱাৰ্ড সপ্তম চিকিৎসা বিদ্যালয়)
৮ আগষ্ট ১৯৮০; ৪৩ বছৰ আগত (1980-08-08) (নেচনেল ইউনিভাৰচিটি অৱ ছিংগাপুৰ)
ধৰণ স্বায়ত্তশাসিত বিশ্ববিদ্যালয়[1]
বৃত্তিদান S$৬.৪৬ বিলিয়ন (২০২০)[2]
(US$4.81 billion)
আচাৰ্য হালিমা য়েকব (Halimah Yacob)
সভাপতি তান ইং চে (Tan Eng Chye)
শৈক্ষিক কৰ্মচাৰী ২,৫৫৫ (২০১৮)[3]
শিক্ষাৰ্থী ৩৫,৯০৮ (২০১৮)[3]
স্নাতক শিক্ষাৰ্থী ২৭৬০৪
স্নাতকোত্তৰ শিক্ষাৰ্থী ৮৩০৪
স্থান ছিংগাপুৰ
চৌহদ আৰৱান
(১৫০ হেক্টৰ)
পূৰ্বৰ নাম ষ্ট্ৰেইটছ ছেটেলমেণ্টচ এণ্ড ফেডাৰেটেড মালয় ষ্টেটছ গভৰ্ণমেণ্ট মেডিকেল স্কুল (১৯০৫-১৯২১)
কিং এডৱাৰ্ড সপ্তম চিকিৎসা বিদ্যালয় (১৯২১-১৯৪৯)
মালয় বিশ্ববিদ্যালয়, ছিংগাপুৰ চৌহদ (১৯৪৯–১৯৬২)
ছিংগাপুৰ বিশ্ববিদ্যালয় (১৯৬২–১৯৮০)
নেন্যাং বিশ্ববিদ্যালয় (১৯৫৬–১৯৮০)
ৰং      কমলা
     নীলা
ৱেবছাইট www.nus.edu.sg

এন.ইউ.এছ.-ৰ মুখ্য চৌহদটো ছিংগাপুৰৰ দক্ষিণ-পশ্চিম অংশত অৱস্থিত, কেণ্ট’ৰিজৰ ওচৰত, ১৫০ হেক্টৰ (৩৭০ একৰ) এলেকা জুৰি অনুষ্ঠানটো আছে;[7] ডিউক বিশ্ববিদ্যালয়ৰ সৈতে যুটীয়াভাৱে স্থাপিত স্নাতকোত্তৰ চিকিৎসা বিদ্যালয় ডিউক-এন.ইউ.এছ. মেডিকেল স্কুল,[8] আউট্ৰাম চৌহদত অৱস্থিত; ইয়াৰ বুকিট টিমা চৌহদত আইন বিভাগ আৰু লী কুয়ান য়ু স্কুল অৱ পাব্লিক পলিচি আছে। য়েল বিশ্ববিদ্যালয়ৰ সহযোগত স্থাপিত আৰু ২০২৫ চনৰ ভিতৰত অন্যান্য এন.ইউ.এছ. প্ৰতিষ্ঠানৰ সৈতে একত্ৰিত হোৱাৰ বাবে নিৰ্ধাৰিত এখন লিবাৰেল আৰ্টচ কলেজ[9], য়েল-এন.ইউ.এছ. মহাবিদ্যালয় বিশ্ববিদ্যালয় টাউনত অৱস্থিত (সাধাৰণতে ইউ টাউন বুলি জনাজাত়)। এগৰাকী নবেল বঁটা বিজয়ী, কনষ্টাণ্টিন নোভোচেলভ, ইয়াৰ অধ্যাপকসকলৰ এজন।

বুৰঞ্জী সম্পাদনা কৰক

১৯০৪ চনৰ ছেপ্টেম্বৰ মাহত, টেন জিয়াক কিমে ছিংগাপুৰত এখন চিকিৎসা বিদ্যালয় স্থাপনৰ বাবে, ষ্ট্ৰেইটছ ছেটেলমেণ্টৰ গভৰ্ণৰ ছাৰ জন এণ্ডাৰছনৰ ওচৰত আবেদন জনোৱা চীনা আৰু অন্যান্য অ-ইউৰোপীয় সম্প্ৰদায়ৰ এটি প্ৰতিনিধি দলৰ নেতৃত্ব দিছিল।[10] এণ্ডাৰছনে উল্লেখ কৰিছিল যে, আগতে আন কিছুমান আৱেদন পৰিছিল, যিবোৰ পৰ্যাপ্ত সংখ্যক শিক্ষাৰ্থী নথকাৰ বাবে আৰু স্থানীয় সম্প্ৰদায়ৰ পৰা সমৰ্থন নোপোৱাৰ বাবে কাৰ্যত পৰিণত হোৱা নাছিল।[11] ষ্ট্ৰেইটছ চাইনিজ ব্ৰিটিছ এছ’চিয়েশ্যনৰ প্ৰথম সভাপতি হোৱা টেনে সম্প্ৰদায়টোৰ পৰা ৮৭,০৭৭ ষ্ট্ৰেইটছ ডলাৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল, যাৰ ভিতৰত ১২,০০০ ডলাৰৰ ব্যক্তিগত অনুদান আছিল।[11][12][13] ১৯০৫ চনৰ ৩ জুলাইত চিকিৎসা বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াৰ নাম আছিল ষ্ট্ৰেইটছ ছেটেলমেণ্টচ আৰু ফেডাৰেটেড মালয় ষ্টেটছ গভৰ্ণমেণ্ট মেডিকেল স্কুল। এণ্ডাৰছনৰ নিৰ্দেশনাত, বিদ্যালয়খন চলাবলৈ প্ৰয়োজনীয় কৰ্মচাৰী প্ৰদান কৰা হৈছিল আৰু অলপতে খালী কৰা পাছিৰ পাঞ্জাঙৰ চৰকাৰৰ দ্বাৰা পৰিচালিত আশ্ৰয় নিবাস এটিত বিদ্যালয়খনৰ শ্ৰেণীসমূহ অস্থায়ীভাৱে আৰম্ভ কৰা হৈছিল। [11]

১৯১২ চনত চিকিৎসা বিদ্যালয়খনে চিকিৎসক লিম বুন কেঙে আৰম্ভ কৰা কিং এডৱাৰ্ড সপ্তম মেম’ৰিয়েল ফাণ্ডৰ পৰা ১,২০,০০০ ডলাৰ লাভ কৰিছিল। পৰৱৰ্তী সময়ত, ১৯১৩ চনৰ ১৮ নৱেম্বৰত বিদ্যালয়খনৰ নাম সলনি কৰি কিং এডৱাৰ্ড সপ্তম চিকিৎসা বিদ্যালয় কৰা হয়। ১৯২১ চনত, ইয়াৰ শৈক্ষিক স্থিতি প্ৰতিফলিত কৰিবলৈ ইয়াক পুনৰ কিং এডৱাৰ্ড সপ্তম ‘কলেজ অৱ মেডিচিন’লৈ সলনি কৰা হয়। [14][15]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Post-secondary education". Ministry of Education, SingaporeMinistry of Education, Singapore. https://www.moe.gov.sg/education/post-secondary। আহৰণ কৰা হৈছে: 11 June 2015. 
  2. "Financial Report 2020". National University of Singapore and its Subsidiaries. 2021. পৃষ্ঠা: 76. https://www.nus.edu.sg/docs/default-source/annual-report/nus-financialreport-2020.pdf?t=1452. 
  3. 3.0 3.1 "Annual Report 2018". National University of Singapore. http://www.nus.edu.sg/annualreport/pdf/nus-annualreport-2018.pdf। আহৰণ কৰা হৈছে: 1 February 2019. 
  4. "Towards an “entrepreneurial university” model to support knowledge-based economic development: the case of the National University of Singapore, Poh-Kam Wong, Yuen-Ping Ho, Annette Singh". World Development 35 (6), 941-958, 2007. https://www.sciencedirect.com/science/article/abs/pii/S0305750X07000381. 
  5. "QS World University Rankings 2021" (en ভাষাত). Top Universities. 28 May 2020. https://www.topuniversities.com/university-rankings/world-university-rankings/2021। আহৰণ কৰা হৈছে: 26 November 2020. 
  6. "QS University Rankings: Asia 2021" (en ভাষাত). Top Universities. 19 November 2020. https://www.topuniversities.com/university-rankings/asian-university-rankings/2021। আহৰণ কৰা হৈছে: 26 November 2020. 
  7. "History". National University of SingaporeNUS Bulletin. http://www.nus.edu.sg/nusbulletin/general-information/history/। আহৰণ কৰা হৈছে: 29 January 2019. 
  8. "About Duke-NUS Medical School". Duke School of Medicine. https://medschool.duke.edu/education/degree-programs-and-admissions/duke-nus/about-us. 
  9. "Yale-NUS College". Yale College Undergraduate Admissions. Archived from the original on 2020-11-28. https://web.archive.org/web/20201128024934/https://admissions.yale.edu/yale-nus। আহৰণ কৰা হৈছে: 2021-11-02. 
  10. Loo Lay Yen. "National University of Singapore: A Brief Chronological History". Lib.nus.edu.sg. Archived from the original on 20 June 2016. https://web.archive.org/web/20160620012218/http://www.lib.nus.edu.sg/nusbiodata/history.htm। আহৰণ কৰা হৈছে: 2 November 2021. 
  11. 11.0 11.1 11.2 "GOVERNMENT MEDICAL SCHOOL FOR MALAYA.". The Singapore Free Press and Mercantile Advertiser (Weekly)eresources.nlb.gov.sg. 5 October 1905. https://eresources.nlb.gov.sg/newspapers/Digitised/Article/singfreepresswk19051005-1.2.36। আহৰণ কৰা হৈছে: 29 October 2020. 
  12. Zaccheus, Melody (10 February 2019). "Shedding light on life and legacy of Peranakan pioneer Tan Kim Seng" (en ভাষাত). The Straits Times. https://www.straitstimes.com/singapore/shedding-light-on-life-and-legacy-of-tan-kim-seng। আহৰণ কৰা হৈছে: 29 October 2020. 
  13. "A Legacy of Giving". medicine.nus.edu.sg. https://medicine.nus.edu.sg/giving/why-give/a-legacy-of-giving/। আহৰণ কৰা হৈছে: 29 October 2020. 
  14. Tan; Soo, Joanna Hwang. "King Edward VII College of Medicine | Infopedia". eresources.nlb.gov.sg. https://eresources.nlb.gov.sg/infopedia/articles/SIP_1087_2011-01-21.html। আহৰণ কৰা হৈছে: 30 July 2021. 
  15. "Our History - NUS Yong Loo Lin School of Medicine". NUS Yong Loo Lin School of Medicine. https://medicine.nus.edu.sg/about/our-history/। আহৰণ কৰা হৈছে: 30 July 2021.