নেতাই ধুবুনী ঘাট

ধুবুৰী নগৰৰ এটা অঞ্চল

নেতাই ধুবুনী ঘাট ধুবুৰী জিলাৰ বৰো বাজাৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। নগৰৰ পৰা ঘাট লৈ দূৰত্ব প্ৰায় ৩ কিলোমিটাৰ আৰু গুৰু টেগ বাহাদুৰ পথেৰে ১৫ মিনিটৰ কম সময়ত পোৱা যায়।[1][2]

নেতাই ধুবুনী ঘাট

নেতাই ধুবুনী ঘাট, ধুবুৰী
নেতাই ধুবুনী ঘাট is located in Assam
নেতাই ধুবুনী ঘাট
অসম মানচিত্ৰত নেতাই ধুবুনী ঘাটৰ অৱস্থান
ভূ-স্থানাংক 26°01′21″N 89°59′35″E / 26.0224777°N 89.9930051°E / 26.0224777; 89.9930051
নাম
অন্য নাম নেতাই ধুবুনীৰ ঘাট
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা ধুবুৰী
এলেকা ধুবুৰী
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী নেতাই ধুবুনী, মনসা দেৱী
প্ৰধান উৎসৱ অষ্টমী মেলা
স্থাপত্য শৈলী অসমীয়া, বঙালী
ইতিহাস
প্ৰতিস্থাপক প্ৰবাদ অনুসৰি বেউলা লক্ষিন্দৰ, ইতিহাস অনুসৰি পদ্মা পুৰাণ মনসা দেৱী

নামৰ উৎপত্তি সম্পাদনা কৰক

সুকবি নাৰায়ণদেৱৰ পদ্মা পুৰাণৰ আখ্যান মতে চান্দ সদাগৰৰ পুত্ৰ লখিন্দৰক সাপে খুঁটাৰ পাছত পত্নী বেউলাই তেওঁৰ মৃত স্বামীক লৈ নেতাই ধুবুনী ঘাট পাইছিল,[3] আৰু ইয়াতে তেওঁৰ স্বামীক জীয়াই তুলিবৰ মন্ত্ৰ লাভ কৰিছিল। আখ্যান মতে নেতাই ধুবুনীক পৌৰাণিক কন্যা হিচাপে বিবেচনা কৰা হয় যি ব্ৰহ্মপুত্ৰৰ পাৰত দেৱদেৱীসকলৰ কাপোৰ ধুইছিল।[3] এখন বৃহৎ ৰঙা কাঠামোৰ প্ৰৱেশপথে আঞ্চলিক ভাষাত লোকক স্বাগতম জনায়। স্থানীয় লোক আৰু পৰ্যটকৰ সুবিধাৰ্থে ঘাটৰ উদ্যানৰ চাৰিওফালে ৰক্ষণাবেক্ষণ দিয়া হৈছে।[4]

বিশেষত্ব সম্পাদনা কৰক

নেতাই ধুবুনী ঘাটৰ আশেপাশে চিলাৰায়ৰ মূৰ্ত্তি আৰু অষ্টমী মেলা ময়দান অৱস্থিত। ২০১৮ চনত নগৰৰ ইতিহাস সম্পৰ্কে সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে অসম পৰ্যটন বিকাশ কৰ্পোৰেচনৰ সভাপতি জয়ন্ত মল্ল বৰুৱাৰই নেতাই ধুবুনীৰ এটা মূৰ্তিৰ উদ্বোধন কৰিছে[5]


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Madhu G Nadig. "Netai Dhubuni Ghat : Curated info, timings, distance, maps ...". Madhu G Nadig. Trawel. Archived from the original on 4 October 2022. https://web.archive.org/web/20221004041003/https://www.trawel.co.in/city/Dhubri/netai-dhubuni-ghat। আহৰণ কৰা হৈছে: 19 May 2020. 
  2. "Map of Netai Dhubuni Ghat". Google map. https://www.google.com/maps/place/Netai+Dhubuni+Ghat/@26.0224777,89.9930051,17z/data=!3m1!4b1!4m5!3m4!1s0x39e2a00c0a34b86b:0x95bcde92ffdbadd2!8m2!3d26.0224729!4d89.9951938। আহৰণ কৰা হৈছে: 19 May 2020. 
  3. 3.0 3.1 নাৰায়ণদেৱ. বেউলা - লাখিন্দাৰৰ. পৃষ্ঠা. পদ্ম-পুৰাণ-ভাটিয়ালি খণ্ড. https://as.wikisource.org/wiki/%E0%A6%AC%E0%A7%87%E0%A6%89%E0%A6%B2%E0%A6%BE_-_%E0%A6%B2%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BE%E0%A7%B0. 
  4. The Assam Tribune Digital Desk (DHUBRI, March 17). "Netai Dhubuni’s statue unveiled at Dhubri". The Assam tribune. Archived from the original on 23 May 2018. https://web.archive.org/web/20180523182725/http://www.assamtribune.com/scripts/detailsnew.asp?id=mar1818/state051। আহৰণ কৰা হৈছে: 19 May 2020. 
  5. Sentinel Digital Desk (18 March 2018). "ATDC chairman unveils statues of Netai Dhubuni". The Sentinel. https://www.sentinelassam.com/news/atdc-chairman-unveils-statues-of-netai-dhubuni-and-behula-lakhinder/?infinitescroll=1। আহৰণ কৰা হৈছে: 19 May 2020.