নেপালী (ইংৰাজী : Nepali) সকলৰ প্ৰধান বাসভূমি নেপাল ৰাষ্ট্ৰ । অসমৰ ভালেমান ঠাইত নেপালী লোকে বসবাস কৰে । তেওঁলোকে সুকীয়া আচাৰ-ৰীতি পালনেৰে নিজস্ব সংস্কৃতি অখুন্ন ৰাখিছে ।

অসমলৈ নেপালীসকলৰ আগমন সম্পাদনা কৰক

ইতিহাসিক সূত্ৰ মতে অষ্টম শতিকাৰ নেপালৰ ৰজা জয়দেৱ দ্বিতীয়ই কামৰূপৰ শালস্তম্ভ বংশৰ পঞ্চম ৰজা হৰ্ষবৰ্ধনৰ জীয়েক কাঞ্চনমতীক বিয়া কৰাইছিল । '১৫১৫ খৃষ্টাব্দত কামৰূপৰ কোচ বংশীয় ৰজা বিশ্বসিংহই নেপালৰ ৰজা মল্লৰ জীয়েক ৰত্নকান্তিক বিয়া কৰাইছিল ।'[১] এই সময়ছোৱাত কামৰূপ আৰু নেপালৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কই কামৰূপলৈ লেপালীসকলৰ আগমন ঘটাত সহায় কৰিছিল । ১৫শ শতিকাত নগাঁও আৰু শিৱসাগৰত স্থাপিত লেপালীসত্ৰৰূপে খ্যাত সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ ৰতিকান্ত উপাধ্যায় । ৰতিকান্ত উপাধ্যায় আছিল নেপালী ব্ৰাক্ষ্মণ । ইয়ান্দাবু সন্ধিৰ পিছৰ পৰা অসমলৈ নেপালী লোকৰ আগমন বেছিকৈ ঘটে । অসমৰ চন পৰা আবাদী মাটি, প্ৰৰ্যাপ্ত চৰণীয়া চৰ অঞ্চলে তেওঁলোকক আকৰ্ষিত কৰিছিল । বৰ্তমান অসমৰ প্ৰায় প্ৰতিখন জিলাতে নেপালী লোকে বসবাস কৰে ।

গোত্ৰ/বৰ্ণ সম্পাদনা কৰক

চাৰিটা বৰ্ণৰ লোক নেপালীসকলৰ মাজত আছে - আৰ্যগোষ্ঠীয় ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ । পূজা পাতল আৰু শাস্ত্ৰ অধ্যয়নত ব্ৰতী উপাধ্যায় আৰু শৰ্মা উপাধিৰ লোসকল ব্ৰাহ্মণ; শাসন কাৰ্যত ৰত ছেত্ৰী উপাধিধাৰী সকল ক্ষত্ৰিয়; বেপাৰ-ব‍াণিজ্য কৰাসকল বৈশ্য আৰু বিশ্বকৰ্মা, চাৰ্কি উপাধিধাৰী সকল শূদ্ৰ ।

ভাষা সম্পাদনা কৰক

নেপালীসকলৰ স্বকীয় নেপালী ভাষা আছে । অসম গোৰ্খা সন্মিলন, সদৌ অসম গোৰ্খা ছাত্ৰ সংগঠন, অসম নেপালী পৰিষদ আদি নেপালীসকলৰ অসমভিত্তিক বে-চৰকাৰী সংগঠন । নেপ‍ালী ভাষাৰ স্বকীয়তাৰ ক্ষেত্ৰত এই সংগঠনবোৰৰ ভূমিকা অপৰিহাৰ্য । '১৯৯২ চনৰ ২০ আগষ্ট তাৰিখে প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ কাৰ্যকালত সংবিধান সংশোধনীৰে নেপালী ভাষাক ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা হয় ।[২] তেতিয়াৰে পৰা ২০ আগষ্ট তাৰিখটো ভাৰতত নেপালী ভাষা হিচাপে পালন কৰা হয় ।

ধৰ্ম/উৎসৱ সম্পাদনা কৰক

নেপালীসকলৰ ধৰ্ম হিন্দু আৰু বৌদ্ধ । দহদিনীয়া দাসেই (দুৰ্গা পূজা) পাঁচদিনীয়া তিহাৰ (দেৱালী), তীজ, মকৰ সংক্ৰান্তি, ৰাখি বন্ধন, অক্ষয় তৃতীয়া, অম্বুবাচী, নাগপঞ্চমী, জন্মাষ্টমী, মহালয়া, সৰস্বতী পূজা, শিৱৰাত্ৰী, সত্যনাৰায়ন পূজা, গনেশ পূজা, একাদশী পূৰ্ণিমা আদি নেপালীসকলে পালন কৰে ।

উচ্চবৰ্ণৰ লোকসকলে লগুণ পৰিধান কৰে । হোম যজ্ঞ পাতিলে মূৰৰ চুলি খুৰাই টিকণী ৰাখে ।

মৃতকক দাহ কৰে । পিতৃ-মাতৃৰ বিয়োগ হ'লে এবছৰলৈ বগা সাজ পিন্ধে । ১২ দিনত দহা, ১৫ আৰু ৩০ দিনৰ লগতে মাহে মাহে পিণ্ড দিয়ে । এবছৰলৈ পিতৃ ঢুকালে দৈ নাখায়, মাতৃ ঢুকালে এৱা গাখীৰ নাখায় ।

নেপালীসকলে বৈদিক পৰম্পৰা অনুসৰি হোমযজ্ঞ কৰি বিবাহ কাৰ্য সমাপন কৰে । বৰভাৰ পেলোৱা, আঙুঠি পিন্ধোৱা, জোৰোণ আদি নিয়মৰ প্ৰচলন আছে । দৰাক বেউলা আৰু কইনাক বেউলী বোলে । বিয়াৰ তিনি-চাৰি দিনৰ পিছত দৰা-কইনা কইনাৰ ঘৰলৈ কেইদিনমান থকাকৈ আহে । মিতিৰ চিন‍াকী দি মান ধৰা কাৰ্য নেপালীসকলৰ মাজত আছে ।

কবি ভানুভক্ত আচাৰ্যৰ জন্মদিন ১৩ জুলাইত প্ৰতিবছৰে ভানুজয়ন্তী প‍ালন কৰে ।

সাজপাৰ/আ-অলংকাৰ সম্পাদনা কৰক

পুৰুষসকলে জাতিগত ভাবে চৌৰং-চুৰুৱালটুপী, ৱাচকোট, জোতা, মাফলা আৰু ধুতি ব্যৱহাৰ কৰে । সম্ৰান্ত মহিলাই ষোল্লহতীয়া শাৰী(ফৰিয়াঁ), দীঘলহতীয়া চোলা(চৌকদী), ককালত বন্ধা কাপোৰ(পটুকী), মূৰ ঢকা কাপোৰ(পচেউৰী) ব্যৱহাৰ কৰে ।

নাকফুলি, বোলাকি, চন্দ্ৰসাৰ, তুংগ্ৰী, কুন্দল, বালা, মটেমণি, পোৱালমণি, ভৰিত পিন্ধা অলংকাৰ বাল্লিৰ আদিৰ উপৰি কপালত সোনৰ ফোট, ভৰিত ৰূপৰ কল্লী আদি নেপালী মহিলাই পৰিধান কৰে ।

খাদ্য সম্ভাৰ সম্পাদনা কৰক

গাখীৰ, ক্ৰীম, দৈ, ঘোল আদি তেওঁলোকৰ প্ৰধান খাদ্য । ঢকন নামৰ এবিধ খাদ্য অত্যন্ত খৰচী । গৰুৰ ঘিউত জহা চাউল ভাজি গাখীৰত সিজাই লং, ইলাচী, চেনী ইত্যাদিৰে 'কুৰাউনী' বনায় । বিবাহ উৎসৱত মাছ-মাংসৰ প্ৰচলন আছে । ভাতৰ লগত সিজোৱা আৰু ভজা শাক-পাচলী খায় ।

বাদ্যযন্ত্ৰ/সংগীত/নৃত্য সম্পাদনা কৰক

মৃদঙ্গ, বীণা, তবলা, মাদল, চিতাৰ, বাঁহী, সাৰস্ত্ৰী, নাগাৰা, টিলিঙা, শহনাই, নিসিংহে আদি বাদ্য ব্যৱহাৰ কৰে । ন-বিধ বাদ্যৰ সমষ্টিক নৌমতি বাজা, পাঁচবিধ বাদ্যৰ সমষ্টিক পঙ্কে বাজা বোলে । বিবাহ উৎসৱত বাদ্য-যন্ত্ৰৰ ব্যৱহাৰ অপৰিহাৰ্য ।

গীতসমূহৰ ভিতৰত ঝাউৰে, দোহৰী, গানেই আদি লোকগীত প্ৰধান । ভজন কীৰ্তন, সবাই গীতৰ প্ৰচলনো আছে ।

নৃত্যৰ ভিতৰত মাৰুলী নৃত্য, ধাননাচ, সঙ্গিনী আদি প্ৰধান । প্ৰত্যকবিধ নৃত্যৰে ভংগীমা ভিন্ন ।

উৎস সম্পাদনা কৰক

১- জনগোষ্ঠীয় চেতনা প্ৰবাহ; চন্দিকা দত্ত কোঞৰ, স্বপ্না চেতিয়া গগৈ(সম্পা.) পৃষ্ঠা-১৯২।

২- উল্লিখিত, পৃষ্ঠা - ১৯৩,অসমৰ লোক সংস্কৃতি - বিৰিঞ্চি কুমাৰ বৰুৱা