নেপালৰ ৰাণী ঐশ্বৰ্য
ঐশ্বৰ্য ৰাজ্য লক্ষ্মী দেৱী শ্বাহ (ইংৰাজী: Aishwarya Rajya Lakshmi Devi Shah) (নেপালী: ऐश्वर्य राज्य लक्ष्मी देवी शाह) (জন্ম, ৭ নৱেম্বৰ ১৯৪৯ –মৃত্যু, ১ জুন ২০০১) ১৯৭২ চনৰ পৰা ২০০১ চনলৈ নেপালৰ ৰাণী আছিল। তেওঁক বঢ়া মহাৰাণী (बडामहारानी) বুলিও কোৱা হয়। তেওঁ ৰজা বীৰেন্দ্ৰৰ পত্নী আৰু ৰজা দীপেন্দ্ৰ, ৰাজকুমাৰ নিৰাজন আৰু ৰাজকুমাৰী শ্ৰুতিৰ মাতৃ আছিল। কাঠমাণ্ডুৰ লাজিম্পাটৰ লাজিম্পাট দৰবাৰত স্বৰ্গীয় জেনেৰেল কেন্দ্ৰ শুমশ্বৰ জং বাহাদুৰ ৰাণা আৰু শ্ৰী ৰাজ্য লক্ষ্মী দেৱী শ্বাহৰ তিনিগৰাকী কন্যাৰ ভিতৰত তেওঁ জ্যেষ্ঠ আছিল। তেওঁৰ সৌন্দৰ্যৰ বাবেও বিখ্যাত আছিল। বিশেষকৈ তেওঁৰ কেশবিন্যাস আৰু পোছাকৰ বাবে বিখ্যাত।
ঐশ্বৰ্য | |
---|---|
১৯৭২ চনত ৰাণী ঐশ্বৰ্য | |
Tenure | ১৯৭২ চনৰ ৩১ জানুৱাৰী – ২০০১ ৰ ১ জুন |
অভিষেক | ২৪ ফেব্ৰুৱাৰী ১৯৭৫ |
দাম্পত্য সঙ্গী | ৰজা বীৰেন্দ্ৰ (বি. ১৯৭০) |
সন্তান | |
নেপালৰ দীপেন্দ্ৰ নেপালৰ ৰাজকুমাৰী শ্ৰুতি নেপালৰ ৰাজকুমাৰ নিৰাজন | |
সম্পূৰ্ণ নাম | |
ঐশ্বৰ্য ৰাজ্য লক্ষ্মী দেৱী শ্বাহ | |
বাসগৃহ | ৰাণা; জন্মগতভাৱে শ্বাহ; বিবাহ সূত্ৰে |
মাতৃ | শ্ৰী ৰাজ্য লক্ষ্মী দেৱী শ্বাহ |
পিতৃ | জেনেৰেল চেণ্টাৰ চামছেৰ জং বাহাদুৰ ৰাণা |
ধৰ্ম | হিন্দু |
শিক্ষা
সম্পাদনা কৰকতেওঁ ভাৰতৰ কুৰ্চিয়াঙৰ ছেইণ্ট হেলেন কনভেণ্ট আৰু নেপালৰ জাৱালাখেলৰ ছেইণ্ট মেৰীত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ ১৯৬৩ চনত কান্তি ঈশ্বৰী ৰাজ্য লক্ষ্মী উচ্চ বিদ্যালয়ৰ পৰা এছ.এল.চি. উত্তীৰ্ণ হৈছিল। তেওঁ ত্ৰিভুৱন বিশ্ববিদ্যালয়-অনুমোদিত বিদ্যালয়, পদ্মকন্যা মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল আৰু ১৯৬৭ চনত কলা বিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[1]
পৰিয়ালৰ পটভূমি
সম্পাদনা কৰকঐশ্বৰ্য ৰাণা পৰিয়ালৰ আছিল যিয়ে ১০৪ বছৰ ধৰি নেপাল শাসন কৰিছিল। তেওঁ জেনেৰেল কেন্দ্ৰ শুমশ্বৰ জং বাহাদুৰ ৰাণা (১৯২১-১৯৮২) আৰু তেওঁৰ পত্নী শ্ৰী ৰাজ্য লক্ষ্মী শ্বাহ (১৯২৬-২০০৫)ৰ জ্যেষ্ঠ কন্যা আছিল। তাইৰ দুজন ভাতৃ আছিল। তেওঁলোকৰ নাম আছিল সুৰজ শুমছেৰ জং বাহাদুৰ ৰাণা আৰু উদয় শুমছেৰ জং বাহাদুৰ ৰাণা আৰু দুগৰাকী ভগ্নী আছিল। দুই ভগ্নীৰ নাম আছিল ক্ৰমে ৰাণী কোমল ৰাজ্য লক্ষ্মী দেৱী শ্বাহ আৰু ৰাজকুমাৰী প্ৰেমশ্য ৰাজ্য লক্ষ্মী দেৱী শ্বাহ। তেওঁৰ মৃত্যুৰ পিছত সৰু ভগ্নী কোমল নেপালৰ ৰাণী সহধৰ্মিনী হয়। ঐশ্বৰ্যৰ পৰিয়ালটো ১৯৫০ ৰ দশকলৈকে নেপালৰ কাৰ্যকৰী শাসক আছিল। ১৯৭০ চনত তেওঁ বীৰেন্দ্ৰক বিয়া কৰায়। বীৰেন্দ্ৰ তেতিয়া নেপালৰ সিংহাসনৰ উত্তৰাধিকাৰী ৰাজকুমাৰ আছিল।
ঐশ্বৰ্যৰ কনিষ্ঠ ভগ্নী প্ৰেক্ষাইও শ্বাহ ৰাজবংশত বিবাহ পাশত আৱদ্ধ হৈছিল। জ্ঞানেন্দ্ৰ আৰু বীৰেন্দ্ৰৰ ভাতৃ ৰাজকুমাৰ ধীৰেন্দ্ৰক বিয়া কৰায় আৰু তেওঁ প্ৰাসাদৰ গণহত্যাত নিহত হৈছিল। ১৯৮০ ৰ দশকত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল।[2]২০০১ চনৰ ১২ নৱেম্বৰত হেলিকপ্টাৰ দুৰ্ঘটনাত ৰাজকুমাৰী প্ৰেক্ষা নিহত হৈছিল।
নেপালৰ ৰাণী
সম্পাদনা কৰক১৯৭২ চনত ৰজা মহেন্দ্ৰৰ মৃত্যুহোৱাৰ পিছত বীৰেন্দ্ৰ ৰজা আৰু তেওঁৰ সহধৰ্মিনী ঐশ্বৰ্য ৰাণী হয়। ঐশ্বৰ্য উদ্যমী, স্পষ্টবাদী আৰু সৌন্দৰ্য আৰু বুদ্ধিমত্তাৰ মগজুৰ এগৰাকী মহিলা আছিল।[3] তেওঁ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰিছিল। ৰাণী ঐশ্বৰ্যই তেওঁৰ স্বামীক তেওঁৰ জীৱনৰ প্ৰতিটো দুৰ্যোগৰ সময়ত সমৰ্থন কৰিছিল। তেওঁ এগৰাকী দূৰদৰ্শী মহিলা আছিল যি দেশ আৰু দেশৰ নাগৰিকৰ প্ৰয়োজনীয়তা বুজিব পাৰিছিল। দেশৰ মানুহে তেওঁৰ স্বামীৰ প্ৰতি তেওঁৰ সমৰ্থনক তেওঁৰ প্ৰভাৱশালী প্ৰকৃতি হিচাপে লৈছিল। কিন্তু সময়ৰ লগে লগে ৰাণী ঐশ্বৰ্যৰ তেওঁৰ স্বামীৰ ওপৰত আধিপত্য হ্ৰাস পাইছিল আৰু তেওঁক তেওঁৰ স্বামীৰ বাবে এক যত্নশীল সঙ্গী হিচাপে দেখা গৈছিল। সময়ৰ লগে লগে তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল।[4]
সাহিত্য কৰ্ম
সম্পাদনা কৰকতেওঁ সাহিত্যৰ প্ৰতিও আগ্ৰহী আছিল আৰু চাদানী শ্বাহ নামেৰে ছদ্মনামত 'আফনাই আকাশ আফনাই পাৰিবেশ' শীৰ্ষক সংগ্ৰহ কৰা গ্ৰন্থত ডজনৰো অধিক কবিতা লিখিছিল। এই সংকলনটি নেপালী সাহিত্যৰ প্ৰবীণ সমালোচকসকলৰ দ্বাৰা চাদানী শ্বাহৰ লিখনিৰ ওপৰত সমালোচনাৰ সন্মুখীন হৈছে। তেওঁ এগৰাকী বিখ্যাত গীতিকাৰও আছিল আৰু তেওঁৰ গানবোৰ ৰেডিঅ নেপাল আৰু নেপাল টেলিভিছনৰ দ্বাৰা সঘনাই সম্প্ৰচাৰিত হৈছিল।
হত্যা
সম্পাদনা কৰক২০০১ চনৰ ১ জুনত ৰাণী ঐশ্বৰ্যক তেওঁৰ স্বামী ৰজা বীৰেন্দ্ৰৰ সৈতে তাইৰ পুত্ৰ ৰাজকুমাৰ নিৰাজন আৰু তেওঁৰ ছোৱালী ৰাজকুমাৰী শ্ৰুতিক নেপালৰ ৰাজপ্ৰাসাদৰ ভিতৰতে গুলীয়াই হত্যা কৰা হৈছিল। [5]এইটো ব্যাপকভাৱে বিশ্বাস কৰা হয় যে হত্যাৰ উদ্দেশ্য আছিল দেৱযানী ৰাণাৰ সৈতে সিংহাসনৰ উত্তৰাধিকাৰী ৰাজকুমাৰৰ লগত বিবাহৰ তীব্ৰ বিৰোধিতা কৰা বাবে। বন্দুকৰ গুলীৰ আঘাতত ৰাণী ঐশ্বৰ্যৰ মুখখন ইমানবেয়াকৈ বিকৃত হৈ পৰিছিল যে, বহুলভাৱে উপস্থিত থকা ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়া শোভাযাত্ৰাৰ বাবে, ইয়াক তেওঁৰ সদৃশতা থকা পোৰ্চেলিনৰ মুখাৰে ঢাকি ৰখা হৈছিল।
সন্মান আৰু বঁটা
সম্পাদনা কৰকৰাষ্ট্ৰীয় সন্মান
সম্পাদনা কৰকনেপাল ৰাজ্য
- কলাৰ অফ দা অৰ্ডাৰ অফ মহেন্দ্ৰৰ সৈতে সদস্য[6]
- মেম্বাৰ গ্ৰেণ্ড ক্ৰছ অফ দা অৰ্ডাৰ অফ অনাৰ[7][8]
- মেম্বাৰ গ্ৰেণ্ড ক্ৰছ অফ দা অৰ্ডাৰ অফ দা বেনিভেলেণ্ট ৰুলাৰ।[9][10]
- মেম্বাৰ গ্ৰেণ্ড ক্ৰছ অফ দা অৰ্ডাৰ অফ গোৰ্খা দক্ষিণ বহু
- ৰজা বীৰেন্দ্ৰ ইনভেষ্টিটাৰ মেডেল (২৪ ফেব্ৰুৱাৰী ১৯৭৫)
- ৰজা বীৰেন্দ্ৰৰ স্মাৰক ৰূপালী জয়ন্তী পদক (৩১ জানুৱাৰী ১৯৯৭)
বিদেশী সন্মান
সম্পাদনা কৰক- ডেনমাৰ্ক: ডেম গ্ৰেণ্ড ক্ৰছ অফ দা অৰ্ডাৰ অফ দা ডেনব্ৰোগ
- ইজিপ্ট: গ্ৰেণ্ড ক্ৰছ অফ দা অৰ্ডাৰ অফ দা ভাৰ্চুচ (ইজিপ্ত)গুণাগুণৰ ক্ৰম, বিশেষ শ্ৰেণী
- ফিনলেণ্ড: গ্ৰেণ্ড ক্ৰছ অফ দা অৰ্ডাৰ অফ দ্য হোৱাইট ৰোজ অফ ফিনলেণ্ড|অৰ্ডাৰ অফ দ্য হোৱাইট ৰোজ
- ফ্ৰান্স: গ্ৰেণ্ড ক্ৰছ অফ দ্য নেচনেল অৰ্ডাৰ অফ মেৰিট (ফ্ৰান্স)অৰ্ডাৰ অফ নেচনেল মেৰিট[11]
তথ্যৰ উৎস
সম্পাদনা কৰক- ↑ https://news.bbc.co.uk/2/hi/south_asia/1369064.stm
- ↑ "Genealogy". Archived from the original on 13 Apr 2014. https://web.archive.org/web/20140413194756/http://freepages.genealogy.rootsweb.ancestry.com/~royalty/nepal/i53.html#I53। আহৰণ কৰা হৈছে: 21 April 2018.
- ↑ "King Birendra of Nepal". 3 June 2001. https://www.telegraph.co.uk/news/obituaries/1309622/King-Birendra-of-Nepal.html.
- ↑ "Aishwarya: Nepal's forceful queen". 5 June 2001. http://news.bbc.co.uk/2/hi/south_asia/1369064.stm.
- ↑ https://royalwatcherblog.com/2021/06/01/queen-aishwarya-of-nepal/
- ↑ "Cyranos". http://www.cyranos.ch/zzshah.jpg। আহৰণ কৰা হৈছে: December 19, 2023.
- ↑ Image pinimg.com
- ↑ Image l7.alamy.com
- ↑ Hussein, Anwar (February 17, 1986). "Queen Elizabeth II, wearing a diamond and pearl tiara and the jubilee necklace". Getty Images. Archived from the original on 7 November 2022. https://web.archive.org/web/20221107165305/http://media.gettyimages.com/photos/queen-elizabeth-ii-wearing-a-diamond-and-pearl-tiara-and-the-jubilee-picture-id509761460। আহৰণ কৰা হৈছে: December 19, 2023.
- ↑ Image c7.alamy.com
- ↑ "Bilateral relations". La France au Népal. Archived from the original on 18 October 2015. https://web.archive.org/web/20151018050841/http://www.ambafrance-np.org/Bilateral-relations,651। আহৰণ কৰা হৈছে: 21 April 2018.