নোৰা পোলী

ভাৰতীয় টেনিছ খেলৈ


নোৰা মাৰ্গাৰেট পোলী (ইংৰাজী: Nora Margaret Polley, ২৯ জুলাই ১৮৯৪-১৯৮৮) গ্ৰীষ্মকালীন অলিম্পিকভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম মহিলা আছিল, যেতিয়া তেওঁ ১৯২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত টেনিছ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছিল।[1][2]

নোৰা মাৰ্গাৰেট পোলী
ব্যক্তিগত তথ্যাৱলী
জন্ম নাম নোৰা মাৰ্গাৰেট পোলী
জন্ম ২৯ জুলাই, ১৮৯৪
বেংগল, ভাৰত
মৃত্যু ১৯৮৮ (বয়স ৯৩–৯৪)
লেয়মিনষ্টাৰ, গ্ৰেট ব্ৰিটেইন
ক্ৰীড়া
দেশ  ভাৰত
ক্ৰীড়া টেনিছ

জন্ম পৰিচয় সম্পাদনা কৰক

নোৰা পোলীৰ জন্ম ভাৰতৰ বেংগলত হৈছিল, ৰেকৰ্ডে দেখুৱায় যে, তেওঁ ১৯০১ চনত ইষ্টবোৰ্ণৰ বৰ্ডিং স্কুললৈ যোৱাৰ আগতে স্কটলেণ্ডত বাস কৰি আছিল, পিছত ১৯১৫ চনত সিডনী ট্ৰেপছ পোলীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল, যি ১৯০২ চনৰ পৰা ভাৰতীয় সেনাত সেৱা কৰি আছিল আৰু পিছত মেজৰ পদলৈ পদোন্নত হৈছিল।[3]

পোলীয়ে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা ১৯২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত মহিলা একক আৰু মিশ্ৰিত ডাবলছ টেনিছ দুয়োটা প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ কানেছৰ এখন প্ৰতিযোগিতাত ছেমি ফাইনেলত উপনীত হৈ অনুষ্ঠানটোৰ বাবে সাজু হৈছিল। অলিম্পিক মহিলা এককত তেওঁ দ্বিতীয় ৰাউণ্ডত গ্ৰীক খেলুৱৈ লেনা ভালাওৰিটৌ-স্কাৰামাগাক প্ৰতিদ্বন্দ্বিতা কৰাৰ আগতে প্ৰথম ৰাউণ্ড এটাত তেওঁ বাই গৈছিল যদিও তেওঁ অৱশেষত তিনিটা ছেটত জয়লাভ কৰিছিল;[4] তৃতীয় ৰাউণ্ডত তেওঁ স্পেনিছ খেলুৱৈ লিলি এলভাৰেজৰ বিৰুদ্ধে খেলিছিল যদিও দুৰ্ভাগ্যবশতঃ তেওঁ সম্পূৰ্ণৰূপে আউটপ্লে হৈছিল আৰু পোন ছেটত ০–৬, ৩–৬ ত পৰাস্ত হৈছিল। তেওঁ ভাৰতৰ পৰা যোৱা চিডনী জেকবৰ সৈতে টীমআপ কৰে আৰু মিশ্ৰিত ডাবলছত প্ৰথম ৰাউণ্ডত জয়লাভ কৰিছিল, পিছত দ্বিতীয় ৰাউণ্ডত তেওঁলোকে এডউইন মেকক্ৰিয়া আৰু মেৰী ৱালিছৰ আইৰিছ যোৰক তিনিটা ছেটত পৰাজয় কৰিছিল।[5]

অলিম্পিকৰ পিছত একে গ্ৰীষ্মকালতে, পোলীয়ে ইংলেণ্ড ভ্ৰমণ কৰিছিল আৰু টুনব্ৰিজ ৱেলছ টেনিছ টুৰ্ণামেণ্টকে ধৰি ইংলেণ্ডৰ দক্ষিণত আৰু কেইটামান টুৰ্ণামেণ্ট খেলিছিল,[6] আৰু বেক্সহিল-অন-চিৰ এটা অনুষ্ঠানত খেলিছিল।[7] ইয়াৰ পিছত তেওঁৰ আৰু কোনো ৰেকৰ্ড পোৱা নাযায়।

মৃত্যু সম্পাদনা কৰক

১৯৮৮ চনত যুক্তৰাজ্যহেৰফৰ্ডশ্বায়াৰলেয়মিনষ্টাৰত নোৰা পোলীৰ মৃত্যু হয়।[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "When Polley made history in Paris". thehindu.com. http://www.thehindu.com/sport/tennis/when-polley-made-history-in-paris/article3635901.ece। আহৰণ কৰা হৈছে: 13 May 2017. 
  2. "First female competitors at the Olympics by country". Olympedia. https://www.olympedia.org/lists/99/manual। আহৰণ কৰা হৈছে: 26 June 2020. 
  3. 3.0 3.1 "Nora Polley". Olympics at Sports-Reference.com. https://www.sports-reference.com/olympics/athletes/po/nora-polley-1.html। আহৰণ কৰা হৈছে: 13 May 2017. 
  4. "Tennis at the 1924 Paris Summer Games: Women's Singles Round Two". Olympics at Sports-Reference.com. https://www.sports-reference.com/olympics/summer/1924/TEN/womens-singles-round-two.html। আহৰণ কৰা হৈছে: 13 May 2017. 
  5. "Tennis at the 1924 Paris Summer Games: Mixed Doubles Round Two". Olympics at Sports-Reference.com. https://www.sports-reference.com/olympics/summer/1924/TEN/mixed-doubles-round-two.html। আহৰণ কৰা হৈছে: 13 May 2017. 
  6. "Tunbridge Wells Tennis Tournament". Sevenoaks Chronicle and Kentish Advertiser. 1 August 1924. http://www.britishnewspaperarchive.co.uk/viewer/bl/0001068/19240801/059/0005। আহৰণ কৰা হৈছে: 13 May 2017. 
  7. "Chief Trophies". Bexhill-on-Sea Observer. 6 September 1924. http://www.britishnewspaperarchive.co.uk/viewer/bl/0001530/19240906/102/0005। আহৰণ কৰা হৈছে: 13 May 2017.