ন্যূনতম সংকটজনক প্ৰজাতি

এটা প্ৰাণীৰ জনসংখ্যা আৰু বিলুপ্তিৰ আশংকা নিৰ্ধাৰণ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাই (IUCN) বহুতো বিভাগ নিৰ্ধাৰণ কৰিছে।[1] প্ৰজাতিসমূহক ৰঙা তালিকাৰ নটা শ্ৰেণীৰ ভিতৰত যিকোনো এটাত স্থান দিয়া হয়: বিলুপ্ত, অৰণ্যত বিলুপ্ত, ঘোৰ সংকটজনক, বিলুপ্তপ্ৰায়, অসুৰক্ষিত, সংকটাসন্ন, ন্যূনতম উদ্বেগজনক, অপৰিমিত তথ্য আৰু অমূল্যাঙ্কিত প্ৰজাতি।[2] পূৰ্বতে ইয়াৰে কিছুমান প্ৰাণীৰ বৰ্ণনাৰ বাবে ন্যূনতম সংকটজনক (Lower risk) বা কম সংকটজনক নামৰ এটা বিভাগ ব্যৱহাৰ কৰিছিল।

কম বা ন্যূনতম সংকটজনক প্ৰজাতি

আইচিইউএনে সংজ্ঞায়িত কৰিছে যে কম সংকটজনক সংৰক্ষণ স্থিতিৰ প্ৰাণীবোৰৰ জীয়াই থকাটো নিশ্চিত কৰিব পৰাকৈ জনসংখ্যাৰ মাত্ৰা যথেষ্ট বেছি থাকে।[3] এই মৰ্যাদা থকা জীৱ-জন্তুবোৰে ভাবুকি বা বিলুপ্ত হোৱাৰ সম্ভাৱনা নাথাকে। কিন্তু প্ৰাকৃতিক দুৰ্যোগ বা কিছুমান মানুহৰ কাৰ্য্যকলাপৰ ফলত ইহঁত এই দুয়োটা শ্ৰেণীবিভাজনলৈ সলনি হ'ব পাৰে।[4]

আগতে এই শ্ৰেণীবিভাজনক তিনিটা প্ৰকাৰত উপবিভক্ত কৰা হৈছিল:

  • সংৰক্ষণ নিৰ্ভৰ - য'ত বৰ্তমানৰ সংৰক্ষণ ব্যৱস্থা বন্ধ কৰাৰ ফলত ইয়াক উচ্চ বিপদৰ স্তৰত শ্ৰেণীভুক্ত কৰা হ'ব পাৰে।
  • সংকটাসন্ন - অদূৰ ভৱিষ্যতে বিপদৰ সন্মুখীন হ’ব পাৰে কিন্তু বৰ্তমান মাপকাঠী পূৰণ কৰিব পৰা নাই।
  • ন্যূনতম উদ্বেগজনক - য'ত ওপৰৰ দুয়োটাৰে কোনোটোৱেই প্ৰযোজ্য নহয়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Raw Data to Red List". IUCN Red List of Threatened Species. https://www.iucnredlist.org/assessment/process। আহৰণ কৰা হৈছে: June 23, 2023. 
  2. "IUCN Red List of Threatened Species" (en ভাষাত). www.iucn.org. https://www.iucn.org/resources/conservation-tool/iucn-red-list-threatened-species। আহৰণ কৰা হৈছে: 2023-05-26. 
  3. "lower risk species (IUCN)". www.eionet.europa.eu. https://www.eionet.europa.eu/gemet/en/concept/4921। আহৰণ কৰা হৈছে: 2023-05-18. 
  4. "What are the differences between endangered, threatened, imperiled, and at-risk species? | U.S. Geological Survey". www.usgs.gov. https://www.usgs.gov/faqs/what-are-differences-between-endangered-threatened-imperiled-and-risk-species। আহৰণ কৰা হৈছে: 2023-04-25.