নৰনাৰায়ণ সেতু
নৰনাৰায়ণ সেতু অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত অৱস্থিত এখন ৰে'লপথ সংযোগী দলং৷ ১৬শ শতিকাৰ কোঁচ ৰজা নৰনাৰায়ণৰ নামত এই সেতুখন নিৰ্মাণ কৰা হৈছে৷
নৰনাৰায়ণ সেতু | |
---|---|
নৰনাৰায়ণ সেতু নৰনাৰায়ণ সেতুখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে | |
স্থানীয় | যোগীঘোপা |
তদাৰক সংস্থা | অসম চৰকাৰ |
ডিজাইনাৰ | ট্ৰাছ ব্ৰিজ |
মুঠ দৈৰ্ঘ্য | ২.৫ কিঃমিঃ (১.৬ মাইল) |
প্ৰস্থ | ১১.৫০ মিটাৰ |
নিৰ্মাণ আৰম্ভ হয় | ১৯৮৭ চনৰ ডিচেম্বৰ মাহ |
নিৰ্মাণ ব্যয় | ৩৬৮ কোটি টকা |
মুকলি | ১৯৯৮ |
উদ্ঘাটন | ১৯৯৮ চনৰ ১৫ এপ্ৰিল |
যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰাৰ উদ্দেশ্যে ১৯৮৩ চনৰ ১১ নৱেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰিছিল৷ এই সেতুৰ দ্বাৰা অসম আৰু মেঘালয়ৰ মাজত দ্ৰুত যোগাযোগ ব্যৱস্থা গঢ়ি উঠিছে৷ ৰে'লপথে যোগীঘোপা ষ্টেছনৰ পৰা কামাখ্যা জংছনলৈ সংযোগ কৰিছে৷ এই সেতু নিৰ্মানৰ বাবে প্ৰথম সন্মতি প্ৰদান কৰিছিল ১৯৮৭ চনৰ ডিচেম্বৰ মাহত৷ ইয়াৰ ১৫ বছৰৰ পিছত ১৯৯৮ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আনুষ্ঠানিকভাৱে নৰনাৰায়ণ সেতু উদ্বোধন কৰে৷
নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য ২.২৮৪ কিলোমিটাৰ৷ বহল ১১.৫০ মিটাৰ আৰু গভীৰতা ১৮.৫০ মিটাৰ৷ এই সেতু নিৰ্মানত মুঠ ৩৬৮ কোটি টকা ব্যয় কৰা হয়৷[1]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ [1] Archived 2014-03-16 at the Wayback Machine ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২
বৰ্হি সংযোগ
সম্পাদনা কৰক