নৰমুণ্ড চিকাৰ অভিযান হৈছে লোককৃষ্টিৰ অন্তৰ্ভুক্ত এটি তাৎপৰ্যপূৰ্ণ পৰম্পৰা, য'ত মানুহৰ সৈতে যুদ্ধ কৰি পৰাজিতসকলৰ মূৰ কাটি সন্মান বা ট্ৰফীৰ নিচিনাকৈ গৌৰৱত লৈ যোৱা হয়। উত্তৰ-পূব ভাৰততো বিংশ শতিকালৈকে এই প্ৰথা প্ৰচলন আছিল।

নৰমুণ্ড চিকাৰ সংস্কৃতি
—  প্ৰাচীন পৰম্পৰা  —
দেশ  ভাৰত
অঞ্চল উত্তৰ-পূব ভাৰত
বৰ্তমান অৱস্থিতি প্ৰায় বিলুপ্ত

বিভিন্ন জনগোষ্ঠীসম্পাদনা কৰক

অসমৰ উত্তৰ-পূৰ্বাঞ্চলত বাস কৰা ৱাংচুসকলে অতীজত নৰমুণ্ড চিকাৰৰ পাতনি মেলিছিল আৰু নমুণ্ডবোৰ মুৰাঙত (ডেকাচাং) সজাই যাদুঘৰৰ সৃষ্টি কৰিছিল। মূৰ চিকাৰ অভিযানৰ মাধ্যমেদি প্ৰকাশ পাইছিল পুৰুষৰ পুৰুষত্ব, ৰণকৌশলৰ পৰিপক্বতা আৰু বীৰত্বৰ চূড়ান্ত নিদৰ্শন; যাৰ অবিহনে বীৰসকলে সমাজৰ পৰা পুৰস্কাৰ স্বৰূপে পাইছিল ঘৃণা আৰু তেনে ব্যক্তিক কাপুৰুষ বুলি গণ্য কৰা হৈছিল। ৱাংচুসকলৰ মূৰ চিকাৰৰ বহুতো কাৰণ আছিল। শত্ৰুৰ প্ৰবল আক্ৰমণৰপৰা গাঁও ৰক্ষা কৰিবলৈ, শস্যতলি সাৰুৱা কৰিবলৈ আৰু সবল গাঁওবোৰ দুৰ্বল গাঁওবোৰৰ ওপৰত কৰা উৎপীড়নৰপৰা ৰক্ষা পাবলৈ ভাংচুৱে এনে ধৰণৰ দুৰ্ধৰ্ষ অভিযান কৰিবলৈ বাধ্য হৈছিল।[1]

ইতিহাসসম্পাদনা কৰক

ৱাংচু সমাজত এই অভিযান কেতিয়াৰপৰা আৰম্ভ হ'ল এতিয়ালৈকে জানিব পৰা নাই। ভাৰত আৰু ব্ৰহ্মদেশৰ মাজত থকা আন্তৰ্জাতিক সীমা বেখাৰ ওচৰত খাচা আৰু নাইচিচা, কামকা আৰু জাংগন নামে গাঁওকেইখনৰ মাজত ১৯৫২ চনত সংঘৰ্ষিত হোৱা অভিযানেই শেষ নৰমুণ্ড চিকাৰ অভিযান, যাৰ ফলত মাত্ৰ তিনিটা নৰমুণ্ডহে আনিব পাৰিছিল। অতীতত টিপ আৰু টুৱেনচাং জিলাৰ মাজত ৰাজনৈতিক আৰু ভৌগোলিক সীমা নিৰ্ধাৰণ নোহোৱাত দুয়ো অঞ্চলৰ অধিবাসীসকলৰ মাজত প্ৰায়েই অন্তৰ্দ্বন্দ্ব হৈ ৰণত পৰিণত হৈছিল। সবল গাঁওবোৰ দুৰ্বল গাঁওবোৰত আক্ৰমণ চলাই শান্তি ভংগ কৰিছিল। দুৰ্বলীলোকৰ কৃষিকৰ্মৰ পথাৰখনেই আছিল নৰমুণ্ড চিকাৰৰ অন্যতম ক্ষেত্ৰ। অৱশ্যে মাছ মৰা ঠাই, জান-জুৰি, নৈ, গাঁও,আবাদি ভূমিখণ্ডও আছিল মূৰ চিকাৰৰ কেন্দ্ৰস্থল। তেওঁলোকে শত্ৰুৰ বাবে প্ৰতি পলে পলে নিজৰ মূৰ আগ কৰি থ'ব লাগিছিল। সাধাৰণতে ৱাংচুসকলে ইচ্ছা কৰি গাঁও আক্ৰমণ কৰিবলৈ মন মেলা নাছিল। কাৰণ ইয়াৰ ফলত অসংখ্য নৰমুণ্ড হেৰুৱাব লগা হৈছিল। এখন গাঁৱে কেতিয়াবা এটা বা একাধিক মূৰ হেৰুৱাব লগা হ'লে,শত্ৰুৰ গাঁৱৰপৰা সেই পৰিমাণে মূৰ ফিৰাই আনিবলৈ বদ্ধপৰিকৰ হৈ পৰিছিল। দুয়োেপক্ষই মানসিক ভাৰসাম্য হেৰুৱাই যুদ্ধত নামিবলগীয়া হৈছিল। যুদ্ধত জয়ী হৈ নৰমুণ্ড আৰু বন্যজন্তু চিকাৰ কৰি মূৰ আনিব পৰাটো ৱাংচু সমাজৰ বৰ গৌৰৱৰ কথা। মূৰ চিকাৰ অভিযানৰ শেষত দুয়োপক্ষই নিজ নিজ গাঁৱৰ মূৰবোৰ পাবলৈ দাবী কৰে। এনে ক্ষেত্ৰত যেতিয়া দুয়োপক্ষই সিদ্ধান্তলৈ আহিব নোৱাৰে; তেতিয়া মধ্যস্থতাকাৰী গাঁৱৰ আশ্ৰয় ল’বলগীয়া হৈছিল। মধ্যস্থতাকাৰী গাঁৱে আইনগত বিচাৰ কৰি সু-মীমাংসা কৰিব নেৱাৰিলে যুদ্ধ কৰিবলগীয়া হৈছিল। এইটো প্ৰণিধানযোগ্য যে দুখন বিবাদী গাঁৱৰ সীমা নিৰ্ধাৰণ কৰিছিল গাঁও দুখনৰ দুখন দাৰে। দুৰ্বলতা আৰু সুবিধা লৈ এটা পক্ষই আন এটা পক্ষক আক্ৰমণ কৰি নৰহত্যা কৰি নৰমুণ্ড হাতত লৈ ৰণনৃত্য কৰিলেও; আনহাতেদি নৰমুণ্ড হেৰুৱাই শোকাক্লিষ্টও হৈছিল। [2]

তিৰোতা মানুহ কাদচিৎহে মূৰ চিকাৰৰ কাৰণ হৈ পৰিছিল। গাঁৱৰ মুখিয়াল বা গাঁও প্ৰধানৰ বাদে আন গাঁৱৰপৰা বিবাহিতা নাৰী হৰণ কৰিলে, দুয়োখন গাঁৱৰ মাজত অহা-যোৱা আৰু বিনিময় পথ যুদ্ধ হৈছিল। ইয়াৰ ফলত দুখন গাঁৱৰ মাজত মহাৰণ সংঘটিত হৈছিল। তিৰোতাকো এই ক্ষেত্ৰত ৰেহাই দিয়া নহৈছিল। কোনো তিৰোতাই বিবাদী গাঁৱৰ সীমা পাৰ হ'লেই, তেওঁক বিনাদ্বিধাই শিৰশ্ছেদ কৰিছিল। ৱাংচুসকলৰ আন্তঃগাঁৱৰ মাজত ঐক্যৰ শিকলিডাল বৰ সুদৃঢ় আছিল। সেয়েহে শত্ৰুৰদ্বাৰা আক্ৰান্ত গাক ওচৰ-চুবুৰীয়াই শস্য, গৰু, মেঠোন আৰু অন্যান্য প্ৰয়োজনীয় বস্তুৰে সাহায্য আগবঢ়াইছিল। মূৰ হেৰুৱাই শোকাকুল হোৱা পৰিয়ালক সমবেদনা জনাইছিল। ৱাংচুৰ এনে আৰ্হি আদৰ্শনীয়। ৰণক্ষেত্ৰত সহায় কৰিবলৈ অহা আন্তঃগাঁৱেও একাধিক নৰমুণ্ড পোৱাৰ সুযোগ আছিল। অৱশ্যে সাহায্য দিয়া গাঁৱখনে যুদ্ধত অনা নৰমুণ্ডবোৰৰ ওপৰত কোনো দাবী কৰিব নোৱাৰিছিল। ৱাংচু সমাজত গাঁও-প্ৰধানৰ স্থান তথা ক্ষমতা গাঁৱৰ ভিতৰত সৰ্বোচ্চ। অৱশ্যে কোনোৱে ক্ষমতাৰ অপব্যৱহাৰ কৰি অত্যাচাৰীও হৈছিল। গাঁও-প্ৰধানে নতুনকৈ খাজনা লগাব, জৰিমনা কৰিব, গুৰুতৰ অপৰাধত কঠোৰ শাস্তি বিহিব, বহু কন্যা বিবাহ কৰাব আৰু দোষীক গাঁৱৰপৰা বহিষ্কাৰ কৰিব পাৰিছিল। তেওঁৰ অবিহনে গাঁও সুৰক্ষিত তথা সুশৃংখলিত নহৈছিল। সেয়েহে তেওঁ এনে ৰণ অভিযানত প্ৰায়েই অংশগ্ৰহণ নকৰিছিল। কাৰণ গাঁও-প্ৰধানৰ মূৰ হেৰুৱাটো তেওঁলোকৰ বাবে লজ্জাজনক আৰ দুৰ্ভাগ্যজনক। কেতিয়াবা তেওঁৰ মূৰ শত্ৰুৱে নিয়াৰ লগে লগে তেওঁৰ দলে ভয়ত নেতৃত্বহীন হৈ পিয়াপি দি পলাইছিল। গাঁও-প্ৰধানজন গাঁও শাসনত যিদৰে পৰিপক্ব,সেইদৰে ৰণকৌশলতো পৈণত। গাঁওপ্ৰধানজন অবিবেচক হলে বা অন্য গাঁও আক্ৰমণ কৰাত হস্তক্ষেপ কৰিলে; গাঁওবাসী আৰু গাঁও-প্ৰধানৰ মাজত মতদ্বৈত হৈ ৰণ-বিগ্ৰহলৈ ৰূপান্তৰিত হৈছিল; যাৰ ফলত সবল বা দুৰ্বল গৱে অশেষ নিকাৰ ভুঞ্জিব লগা হৈছিল। এবাৰ আক্ৰমণত প্ৰবৃত্ত হোৱা গাঁৱৰ লোকসকল ৰণকৌশলত বিভজ্ঞ হৈছিল আৰু হঠাৎ হোৱা আক্ৰমণ কম সময়ৰ ভিতৰতে বাধাগ্ৰস্ত কৰিব পাৰিছিল। ভাংচুৰ বয়োজ্যেষ্ঠসকলেৰে গঠিত মন্ত্ৰণা সভাৰআলোচনাক্ৰমে গাঁও-প্ৰধানে নমুণ্ড চিকাৰৰ পাতনি মেলিছিল। কালক্ৰমত এনে ধৰণৰ গধুৰ দায়িত্ব মুৰাং বা ডেকাচাংবোৰলৈ হস্তান্তৰিত হৈছিল। ৱাংচুসকলৰ মৰাং আছিল আবিয়ৈসকলৰ ৰাতিৰ আৱাসস্থল, কলা-কৃষ্টিৰ প্ৰশিক্ষণ কেন্দ্ৰ, য’ত যুদ্ধ বিদ্যাৰ আখৰা কৰা হৈছিল, সু-গৃহস্থী হোৱাৰ অভিজ্ঞতা পাইছিল, ৰাতি গাঁৱৰক্ষী বাহিনী কৰ্তব্য পালন কৰি গাঁও শান্তিত ৰাখিছিল, কৃষিকৰ্মৰ প্ৰশিক্ষণ পাইছিল, লোক সাহিত্যৰ চৰ্চা কৰিছিল আৰু আন্তঃগাঁৱৰ মাজত সংহতি স্থাপন কৰিছিল।

বিভিন্ন পৰম্পৰাসম্পাদনা কৰক

ৱাংচুৱে যুদ্ধযাত্ৰা কৰাৰ আগতে পুৰোহিতৰদ্বাৰা মঙ্গল চাই শুভাশুভ নিৰ্ণয় কৰিছিল। পুৰোহিতে কলপাত এখন, কেইবাডোখৰ কৰি গাঁঠি দিছিল আৰু ইয়াৰদ্বাৰা ৰণযাত্ৰাৰ পৰিণতিৰ শুভাশুভ ইঙ্গিত দিছিল। এনে ধৰণৰ চিয়াৰত ক্ৰিয়াকাণ্ডকাৰীজন নিশ্চিত হলেই আক্ৰমণত জয়ী হ'ব বুলি দৃঢ় বিশ্বাস কৰিছিল। মঙ্গলে অশুভ বুলি ঠাৰ দিলেই মূৰ কটা অভিযান বন্ধ ৰাখিছিল। যুঁজাৰুসকলৰ সাজ-পাৰবোৰৰৰ বৈশিষ্ট্য আছিল। যুঁজাৰুৰ হাতত দা, যাঠী, বন্দুক আৰু বৰ্ম অপৰিহাৰ্য। শিৰত গাহৰিৰ নোম আৰু দাঁতেৰে তৈয়াৰী জাখৰ আৰু কাণৰ লতিত ছাগলীৰ দাঁত ওলোমাই শোভাবৰ্ধন কৰিছিল। গাৰ বিশেষ অংগত উল্কি দিয়াৰো প্ৰথা আছিল। গাঁৱৰ সকলো মানুহ যুদ্ধলৈ যোৱাটো নিষিদ্ধ। ‘নিউমাই’ নামৰ এটি বিশেষ দলে প্ৰথমে মূৰ কটা অভিযানৰ ভূমিকা ল'ব লাগিছিল। অভিজ্ঞ নিউমাই দলৰ সহযোগী দলক ফানু’ বোলা হৈছিল, যি দলে নিউমাই দলৰপৰা ৰণ-কৌশল শিকি ল’ব লাগিছিল। বন্দুকটো কান্ধত দুয়োফালে সমানে ৰাখি, দাৰ নালত খামুচি ধৰি নিঃশব্দে কেইবাটাও শাৰী হৈ যুঁজলৈ আগবঢ়াৰ প্ৰথা আছিল। শত্ৰু আক্ৰমণৰ বেলা তেওঁলোেক আঘাতপ্ৰাপ্ত বাঘিনীজনীৰ দৰে ক্ৰোধান্বিত হৈ পৰিছিল। তেওঁলোকেজোপোহাৰ আঁৰ লৈ শত্ৰুৰ আলেখ-লেখ চাই আছিল আৰু সময় উপস্থিত হলেই, প্ৰথমজনে দ্বিতীয়জনলৈ এখিলা গছপাত ছিঙি দিয়াৰ ৰীতি আছিল। পাতখিলা হাত বাগৰি শাৰীটোৰ শেষৰ যুঁজাৰুজনৰ হাতত পৰিছিলগৈ। শত্ৰুৱে গম পাব নোৱাৰাকৈ নিস্তব্ধ হৈ থাকিবলৈ কোৱাই গছপাতখিলা পঠোৱাৰ অৰ্থ। হঠাৎ ইঙ্গিত পালেই যুঁজাৰুহঁতে বন্দুক খাঁজে আৰু শত্ৰুৰ ওপৰত বাঘৰ লেখীয়াকৈ জঁপিয়াই পৰে। ইয়াৰ লগে লগে ৰণ আহ্বান ধ্বনি দি শত্ৰুলৈ গুলী নিক্ষেপ কৰে, দাৰে নৰমুণ্ড কাটে,আৰু যাঠিৰে খোঁচে। ছিঙা মূৰবোৰ একাষত গোটাই শত্ৰুৰ গাঁৱলৈ তীব্ৰবেগে গৈ গাঁওখন জুই লগাই পুৰি পেলাইছিল। ভঁৰালবোৰ ভাঙি পেলাইছিল আৰু পোহনীয়া জীৱ- জন্তুবোৰ খেদাই নিজ গাঁৱলৈ লৈ আহিছিল। আক্ৰমণৰ শেষত খাঙত ভৰাই শত্ৰুৰ মূৰ, হাত, ভৰি আদি হৰ্ষোক্কাসে নৃত্য-গীতেৰে দশোদিশ কঁপাই তুলিছিল। নৰমুণ্ডবোৰ যি কোনোৱে অনা নিষিদ্ধ। গাঁও-প্ৰধানজনৰ মূৰ সাধাৰণ মানুহে অনাত বাধা আছিল। অজ্ঞাতে কোনো বীৰে এনে ভুল কৰিলে গালি-শপনি পাৰিছিল আৰু জীৱিত কালত ৰাহ,কুকুৰা, ছাগলী আদি খোৱাৰপৰা বঞ্চিত হৈছিল। এনে নীতি মানি নচলিলে কুষ্ঠ ৰোগ হয় বুলি তেওঁলোকে দৃঢ় বিশ্বাস কৰিছিল।

উল্লেখযোগ্য যে শত্ৰুৰ মূৰ কাটি যুঁজাৰুৱে পিতল বা কাঠৰ খোদিত কৃত্ৰিম মূৰ ডিঙিত ওলোমাই পিন্ধিব লাগিছিল। শত্ৰুৰ হাত কাটি অনা বীৰে কাঠৰ তৈয়াৰী কৃত্ৰিম হাত এখন ডিঙিত ওলোমাই লৈ ফুৰিছিল আৰু ভৰি কটা বীৰে অবিকল কাঠৰ ভৰি এখন খাওত ভৰাই লোৱাৰ প্ৰথা আছিল। শত্ৰুৰ মূৰবোৰ গাঁৱলৈ আনি গাঁও-প্ৰধানজনৰ গৃহৰ সন্মুখত দীঘল বাঁহ এডাল পুতি মুণ্ডবোৰ থিয় কৰি ৰাখিছিল। নৰমুণ্ডবোৰ চিনাক্ত কৰিবৰ বাবে লাওখোলাই প্ৰতি এটা বা ততোধিক ফুটা কৰিছিল। ইয়েই প্ৰমাণ কৰিছিল যে কোনটো মূৰ গাঁও-প্ৰধানৰ তথা গাঁও-প্ৰধানৰ পৰিয়ালৰ। অন্যান্য ফৈদৰ ব্যক্তিৰ মুকুটতহে বিন্ধা দিয়াৰ ব্যৱস্থা আছিল। চিকাৰ অভিযন সমাপ্তিৰ পাঁচদিনৰ পাছত সৰ্বসাধাৰণ লোকৰপৰা পৃথক কৰি ৰাখিবৰ বাবে যুঁজাৰুসকলক গাৰ বিশিষ্ট অংশত উল্কি দি শশাভাবৰ্ধন কৰিছিল। এনে ধৰণৰ প্ৰথাৰ মাজত আদিম মানৱ মনৰ আত্মৰক্ষা তথা আত্মৰক্ষাৰ ভাব নিহিত আছিল। উল্কি দিয়া উৎসৱ আড়ম্বৰেৰে অনুষ্ঠিত হোৱাৰ পাছদিনাখন যুঁজাৰুসকলক আনন্দেৰে থাকিবলৈ দিছিল। সেই দিনাখন যুঁজাৰুৰ গৃহলৈ কাকো যাবলৈ দিয়া নহৈছিল। আনকি কথা-বতৰা পতাও নিষিদ্ধ আছিল। হৰ্ষোল্লাসে নিজ গাঁৱলৈ ঘূৰি অহা দলটোক গাঁৱৰ আবাল-বৃদ্ধ বনিতাই আদৰণি জনোৱাৰ প্ৰথা আছিল। বীৰসকলৰ নিজ নিজ পৰিয়ালৰ মানুহে ভাত, মাংস আৰু চুঙাত মদ লৈ গাঁৱৰ সীমাত অপেক্ষা কৰিছিল। তাতেই বীৰসকলে চুঙাত মদ খাইছিল আৰু ভাত-পানী খাই জননী জন্মভূমিলৈ শ্ৰদ্ধা নিবেদন কৰিছিল। গাঁৱত বিজয়ী বীৰৰ সন্মান বাঢ়ে। গাঁৱত অনুষ্ঠিত উৎসৱ-অনুষ্ঠানত তেওঁলোকক নৃত্য-গীতেৰে আমোদ যোগান ধৰিছিল। আওপকীয়াভাৱে ইয়ো বীৰসকলক অভ্যৰ্থনা জনোৱাৰ প্ৰথা আছিল। যুদ্ধত জয় হোৱাৰ বাতৰি প্ৰথমে গাঁও-প্ৰধান জনাই শত্ৰুৰ, মূৰ, হাত আদি চমজাই দিয়াৰ ৰীতি আছিল। গাঁও-প্ৰধানে বিজয়ৰ বাৰ্তা পাই পুৰোহিত ‘গামপা’ক মতাই আনি বিজয়ৰ মুকুটখিনিৰ দায়িত্ব অৰ্পণ কৰিছিল, যি মুকুটখিনি চাফা কৰি ৰ'দত শুকুৱাই ‘পানু সংৰক্ষিত কৰিছিল। গাঁও-প্ৰধানে গাৰ অংগ-প্ৰত্যংগবোৰক লৈয়ে নিতৌ কৰ্তব্যত ৰত আছিল। উল্লিখিত বাঁহডালৰ আগলিটো কাটি ঠোলা বনাই সুসজ্জিত কৰি মূৰ, ভৰি আদি ওলোমাই থোৱাৰ ব্যৱস্থা আছিল। ইয়াৰ অন্তত বাঁহডাল গাঁৱৰ এমুৰত পুতি থোৱাৰ ৰীতি আছিল। বাঁহল তেওঁলোকে অতি পৱিত্ৰ বুলি ভাবি কাকো স্পৰ্শ কৰিবলৈ নিদিছিল। অৱশ্যে গামপা আৰু 'ৱাংচামপা'ৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম আছিল। অভিযানত অনা নমুণ্ডবোৰৰ লগত জড়িত ক্ৰিয়াকাণ্ডবোৰ গামপাইসমাধান কৰিব পাৰিছি। মূৰ, হাত, ভৰি আদিৰ মঙহ কিছুদিনৰ পাছত পচি উৱলি গলে, পুৰোহিত গামপাই মলিয়ন বস্তুবোৰ এৰুৱাই গাহৰিক খুৱাইছিল। এইলেখীয়া মাংস খাবলৈ বৰ তৃপ্তি লাগে বুলি তওঁলোকে ধাৰণা কৰিছিল। ইয়াৰ পাছত লাওখোলা আৰু হাত-ভৰিৰ কংকালবোৰ শাৰী শাৰীকৈ বান্ধি মুৰাঙৰ বেৰত আঁৰি থৈছিল। নৰমুণ্ড চুলিবোৰ কাটি গাঁও-প্ৰধান আৰু ৰণুৱাৰ

মাজত ভগাই দিছিল। চুলিবোৰ এহাতে মস্তকাভৰণ হিচাপে ব্যৱহাৰ কৰিছিল আৰু আনহাতেদি কাণৰ লতিত পিন্ধা ভূষণৰ লগত নানা ধৰণেৰে খাঁজি সৌন্দৰ্য বৃদ্ধি কৰিছিল। ৱাংচুৱে নৰমুণ্ডৰ চুলিযুক্ত অলংকাৰ আপুৰুগীয়া আৰু ভৌতিক গুণ নিহিত আছে বুলি বিশ্বাস কৰিছিল। অৱশ্যে গাঁও-প্ৰধান আৰু ৰণুৱাৰ বাদে আনে এনে অলংকাৰ পৰিধান কৰা নিষেধ। ফাকি দি কোনেও এনে অলংকাৰ পৰিধান কৰিব নোৱাৰিছিল। যি মৃত্যুক আগ কৰি যুদ্ধত জয়ী হৈ গাঁৱৰ যশস্যা বঢ়াব পাৰিছিল, তেওঁহে এনে মুকুট পিন্ধিব পাৰিছিল। ৱাংচুৱে লাওখোলা আৰু অন্যান্য নৰ কংকালবোৰত ভৌতিক শক্তি নিহিত আছে বুলি অদ্যাপিও বিশ্বাস কৰে।

উৎসৱসম্পাদনা কৰক

ৱাংচুসকলে ধান দোৱাৰ পাছত ধুমধামেৰে ‘গেনটাং উৎসৱ পালন কৰে। গমপাই এই উৎসৱৰ ক্ৰিয়াকাণ্ডবোৰ পালন কৰে আৰু মুৰাঙত সংৰক্ষিত লাওখোলাসমূহলৈ মদ আৰু আদা যাচে। এক প্ৰকাৰে ই মৃত ব্যক্তিসকললৈ শ্ৰদ্ধা নিৱেদন জনোৱা, যি প্ৰথা মংগলদয় ওৰফে তিত-কৰ্মীসকলৰ মাজত প্ৰচলিত। এনে প্ৰথা আজিও ৱাংচু সমাজত প্ৰচলন আছে। ইয়াৰ তাৎপৰ্য হৈছে –শস্যতলি সাৰুৱা হোৱা আৰু অত্যধিক শস্যোৎপাদনৰ জনবিশ্বাস। ৱাংচুৰ দৰে নক্তে নগাসকলেও ধান দাই ভঁৰালত সংগ্ৰহ কৰি খুটাং’ উৎসৱ মহাপয়োভৰেৰে পালন কৰে, ভোজ ভাত লাওখোলাসমূহলৈ আগ কৰি আহিছে। নক্তেসকলে দৃঢ়বিশ্বাস কৰে যে শত্ৰৰ মূৰৰ আত্মাই সেইদিনাখন ভোজ ভাত খাবলৈ আহে। অৰুণাচলৰ অন্যান্য নগা জনজাতিসকলৰ সমাজততা এনে ৰীতি অদ্যাপিও প্ৰচলিত আছে। প্ৰতিবছৰে নৰমুণ্ড চিকাৰ কৰি সংগ্ৰহ কৰা ইয়ো এটি কাৰণ ৱাংচুসকলৰ গৱে প্ৰতি একাধিক ‘মুৰাং থকাৰ উপৰিও, এখন মুখ্য মুৰাং আছিল, যাক ‘পানু’ বোলা হৈছিল, য'ত নৰমুণ্ডসমূহ থাক্ থাক্‌কৈ সজাই থোৱাৰ ব্যৱস্থা আছিল। ই একপ্ৰকাৰে নৰমুণ্ডবোৰৰ সংগ্ৰহালয়, যাক তেওঁলোকে মৃতাত্মাক ভক্তি জনোৱাৰ পৱিত্ৰালয় বুলি মানিছিল। পানু'ত থকা মূৰবোৰ বাঁহৰ ৰছীৰে শাৰী শাৰীকৈ বেৰত আটোমটোকাৰিকৈ সজায় ৰাখিছিল। পানুৱেই মূৰ চিকাৰৰ হেতু পালন কৰা ক্ৰিয়া-কাণ্ডবোৰৰ আৱাসস্থলী। পানুত থকা নৰষুণ্ডবোৰ আন গাঁৱৰ দৰ্শকে চোৱা নিষেধ। ৱাংচু দোৱানত ‘পা’ আৰু নু’ মানে ক্ৰমে মুৰাং আৰু ডাঙৰ, অৰ্থাৎ ডাঙৰ মুৰাং। ৱাংচু সমাজত পানু তথা মুৰবোৰৰ এখন বিশেষ আসন আছে, যাক বৈষ্ণৱসকলৰ নামঘৰৰ লগত ৰিজনি দিব পাৰি, যি কৃষ্টিৰ প্ৰশিক্ষণ কেন্দ্ৰ, শিল্পানুষ্ঠান, আধুনিক ক্লাবঘৰ, গৃহৰক্ষী বাহিনীৰ কেন্দ্ৰস্থল আৰু জাতীয় সংহতি স্থাপনৰ আলয়। এনে ধৰণৰ পানু আৰু মুৰাং অনুষ্ঠান ১৯৬০ চনৰ আগতে ৱাংচু সমাজত দেখিবলৈ পোৱা গৈছিল। ৱাংচুৱে মুৰাং তথা পানুৰ অধিপতিজনক বৰ শ্ৰদ্ধা আৰু ভক্তি কৰিছিল। অৱশ্যে এনে পৰ্যায়ৰ অধিপতিসকলৰ ওপৰত গাঁও-প্ৰধানজনেই শ্ৰেষ্ঠতম ব্যক্তি, যাৰ ক্ষমতা গাঁওখনৰ ভিতৰত সৰ্বোচ্চ। মুৰাঙৰ সভ্যভৰ্তি, মুৰাং ঘৰ নিৰ্মাণ কৰা আৰু সামাজিক ৰীতি-নীতিপালন কৰাৰ এটি বিশেষত্ব আছে। বিশেষকৈ মুৰাং বা পানুত থকা কাঠৰ ঢোলৰ আকৃতি বিয়াগোম নাৱৰ আকৃতিৰ। যিজন বীৰে কেইবাজনো নিহত কৰি শত্ৰুৰ মূৰ কাটিব পাৰিছিল, তেওঁক এটা বা ততোধিক নমুণ্ড দিয়াৰ প্ৰথা আছিল। যিজনে মৰ সাহসেৰে মানৱ জীৱন মৃত্যুৰ পথলৈ ঠেলি ক্ষিপ্ৰ গতিৰে শত্ৰুৰ চক্ৰবেহুত সোমাব পাৰে, তেওঁকো এটি মূৰ দিয়াৰ ৰীতি আছিল আৰু তেওঁক পৰম বীৰ স্বৰূপে স্বীকৃতি দিছিল আৰু যি নিজৰ জীৱন হৰণ-ভগনৰ দায়িত্ব ল'ব পাৰিছিল, তেওঁকো এটি মূৰ দিয়াৰ নীতি আছিল। অতীতত নমুণ্ড লাভ কৰিব পৰাটো বাচ্চু সমাজত বৰ গৌৰৱৰ বিষয় আছিল। অৱশ্যে নৰমুণ্ড আনিব নোৱাৰা আন ৰীৰসকলক এনে সন্মান নজনালেও বিজয়ৰ চিন হিচাপে মুখত উল্কি দিয়াৰ ব্যৱস্থা আছিল। অধুনা ৱাংচু সমাজত মূৰ চিকাৰ অভিযান প্ৰথা লুপ্ত হ’ল[3] যদিও ইয়াৰ স্মৃতি চিন জগতত জিলিকাই ৰাখিবৰ বাবে কৃত্ৰিম নৰমুণ্ড চিকাৰ অভিযান প্ৰথা পালি আহিছে, এইক্ষেত্ৰত যুঁজাৰুসকলে নৰমুণ্ডৰ সলনি বান্দৰৰ মূৰ খাত ভৰাই লয়। তেওঁলোকেও কাঠ বা পিতলৰ নিৰ্মিত নৰমুণ্ড মালা গাঁথি ডিঙিত আঁৰি লৈ শোভা বৃদ্ধি কৰাৰ প্ৰথা আছে। মূৰ চিকাৰত অংশগ্ৰহণ কৰিবলৈ যোৱা ছোৱালীহঁতেও পুৰুষৰ লেখীয়াকৈ উল্কি লয়, যি নিজৰ জীৱন বিপন্ন কৰি যুঁজাৰুহঁতক চুঙাৰ মদ যাচি ফুৰে। নৰমুণ্ড চিকাৰ অভিযানৰ স্মৃতিচিন স্বৰূপে ৱাংচুৰ ‘গালেংপু' উৎসৱৰ প্ৰচলন। গাঁৱৰ প্ৰৱেশদ্বাৰত থকা চেপেটা পথাৰৰ ওপৰত শত্ৰুৰ মুৰ, হাত, ভৰিবোৰ ৰাখে, যত পুৰোহিতে ধৰ্মকাৰ্য সমাপন কৰে। ইয়াৰ অন্তত পানুৰ সন্মুখত সুউচ্চ বাঁহ এডাল পুতি অতীজত নিধন কৰি অনা নমুণ্ডবোৰ স্থিৰাকৃতি কৰে। ইয়াতো পুৰোহিত গামপা নহলেই নহয়, য'ত মুণ্ড তথা হাত, ভৰিবোৰৰ লগত জড়িত থকা ধৰ্মকাৰ্যবোৰ পালন কৰা হয়। যুঁজাৰুহঁতে বন্দুক আৰু দাঠীৰে সুসজ্জিত হৈ বাঁহডালৰ চাৰিওফালে নৃত্য কৰে আৰু চইপাইতে এক প্ৰকাৰৰ গীত গায়। খাছিসকলৰ নংক্ৰেম উৎসৱৰ লগত জড়িত থকা কেতবোৰ নৃত্য বেদীৰ চাৰিওফালে আৰু ৰিশ্চত মেই অথবা পৱিত্ৰ স্তম্ভৰ সন্মুখত নৃত্য কৰা হয়। নৃত্যৰ মাজে মাজে ৰৈ ৰৈ কেতিয়াবা তীব্ৰ গতিৰে খোজ আগবঢ়াই তাণ্ডৱ নৃত্য কৰে। নমনীয়তাৰে আঁঠু লোৱাৰ পাছত জঁপিয়াই যাঠীপাট মূৰৰ চাৰিওফালে ঘূৰায় আৰু শত্ৰুপক্ষক ৰণুৱাবোৰে চিকাৰ কৰি প্ৰত্যাহ্বান জনায়। সমস্বৰে ‘হো হো’ বুলি আটাহ পাৰে। ৱাংচুসকলে বিশ্বাস কৰে যে নৃত্যত যোগ দিয়া ৰণুৱাৰ কোনো ৰোগ-ব্যাধি নহয়। আনকি মৃত্যুসম পথৰপৰাও হাত সাৰি থাকিব পাৰে। অৱশ্যে অধুনা বন্য চিকাৰত বাঘ মৰাৰ পাছতহে গালেংপু উৎসৱ পালন কৰিব পাৰে।

ৱাংচু সমাজত লুপ্ত হ'বলৈ ধৰা গালেংপু উৎসৱৰ নৃতত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী ডেকাসকলে অৰণ্যৰ গছ। কাটি গাৱলৈ অনাৰ ৰীতি আছে। অতীজৰ ৰণুৱাৰ লেখীয়াকৈ তেওঁলোককো গা এৰি মুখত উল্কি দিয়া হয়। নৰমুণ্ড চিকাৰৰ লগত ঘনিষ্ঠ সম্বন্ধ থকা বিৰাট আকাৰৰ কাঠৰ তৈয়াৰী নাৱৰ আকৃতিৰ এবিধ ঢোল আছে, যি মুৰং ঘৰত এখনি আছুতীয়া আসন অধিকাৰ কৰি আছে। বাংচুৱে এনে ঢোল য’তে-ত’তে বজোৱা নিষেধ। ইয়াক এঠাইৰপৰা আন ঠাইলৈ কঢ়িয়াই নিবৰ বাবে দুফালে দুডাল হাতনি মাৰি আছে। ঢোলৰ গা আৰু নালত মানুহ, মানুহৰ মূৰ, সাপ, বাঘ আদিৰ প্ৰতিকৃতি সুন্দৰকৈ খোদিত কৰা হয়। ঢোলৰ দুকাষে প্ৰায় দহোটা মানুহে একেলগে বাদ্য পৰিৱেশন কৰিব পাৰে। ব্ৰিাটাকাৰৰ কাঠৰ খুন্দনাৰে ঢোলৰ খোলনিত খুন্দা দি বিভিন্ন ছেও বজায়। এজন নায়কৰ আদেশত সকলোৱে একেলগে ঢোলত ছেও মাৰে আৰু ছেৱে ছেৱে গীত পৰিৱেশন কৰে। ঢোলৰ প্ৰতি ছেৱত একো একোটা সংকেত নিহিত আছে। মূৰ কটা অভিযানৰ পৰা ঘূৰি আহোঁতে ৰাতি অনুষ্ঠিত হোৱা উৎসৱ আৰু বন্য জন্তু চিকাৰ কৰি ঘূৰি আহোঁতে হোৱা মুৰাঙৰ ঢোলবোৰ এটি নিৰ্দিষ্ট সংকেত বাজি উঠে। কোনো শত্ৰু অহাৰ উমান পালেই মুৰাঙত ঢোলৰ হঠাৎ প্ৰতিধ্বনি শুনা যায়। এনেধৰণৰ ছেও শুনিলেই গাই অস্ত্ৰ-শস্ত্ৰ লৈ ৰণৰ বাবে সাজু হয়। এনে ধৰণৰ বিপদ সংকেত বৈষ্ণৱসকলৰ দবা বাদ্যযন্ত্ৰদ্বাৰাও দিয়া দেখা যায়। এনে ধৰণৰ উত্তেজনা সৃষ্টি কৰিব পৰা আদৰণীয় ঢোলবাদ্য মৰাঙৰ বাহিৰেও গাঁও-প্ৰধানজনৰ ঘৰত ৰখাৰ প্ৰথা আছে। ইয়েই গাঁও প্ৰধানজনক মহান ব্যক্তিৰ কথাৰেই ইঙ্গিত দিয়ে। বুৰঞ্জীয়ে গৰাক এই লেখীয়া দুঃসাহিক নৰমুণ্ড চিকাৰ অভিযানক ৰণনৃত্য আখ্যা দিলেও অত্যুক্তি কৰা নহয়।[4]

তথ্যউৎসসম্পাদনা কৰক

  1. Hutton, JH. "HEAD-HUNTERS OF THE NORTH-EAST FRONTIER". https://www.jstor.org/stable/41360902। আহৰণ কৰা হৈছে: 12 মে' 2021. 
  2. গগৈ, চাও লোকেশ্বৰ. অসমৰ লোক সংস্কৃতি. পৃষ্ঠা. 547-551. 
  3. "The Last Headhunters of Nagaland". https://thediplomat.com/2018/04/the-last-headhunters-of-nagaland/। আহৰণ কৰা হৈছে: 12 মে' 2021. 
  4. গগৈ, চাও লোকেশ্বৰ. অসমৰ লোক সংস্কৃতি. পৃষ্ঠা. 547-551.