নৰেন কলিতা

অসমীয়া গৱেষক


ড° নৰেন কলিতা (ইংৰাজী: Dr. Naren Kalita) অসমৰ এগৰাকী শিক্ষাবিদ আৰু গৱেষক। ২০২২ চনত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় বিভাগে তেওঁক ২০২১ চনৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা প্ৰদান কৰে। তেওঁৰ ৰচিত গ্ৰন্থসমূহ হৈছে Descriptive Catalogue of Manuscripts, The Kathabhagavata Paintings of Punia Sattra, Manuscripts Paintings from Kamrupa Anusandhan Samiti আদি।[1]

ড° নৰেন কলিতা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা শিক্ষাবিদ, গৱেষক
উল্লেখযোগ্য কৰ্ম Descriptive Catalogue of Manuscripts
The Kathabhagavata Paintings of Punia Sattra
Manuscripts Paintings from Kamrupa Anusandhan Samiti
বঁটা, সন্মান, পুৰস্কাৰ আদি কৃষ্ণকান্ত সন্দিকৈ বঁটা ২০২১[1]

সাহিত্য কৰ্ম সম্পাদনা কৰক

অসমৰ পুথিচিত্ৰৰ গৱেষক, অসমৰ ঐতিহ্যময় কলাৰ নন্দনতাত্ত্বিক অধ্যয়নকাৰী, বৈষ্ণৱ সাহিত্যৰ অধ্যয়নকাৰী তথা এগৰাকী সাংস্কৃতিক কৰ্মী। তেখেতৰ জন্ম হয় ১৯৪০ চনত। ১৯৬২ চনত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰে। ড° নৰেন কলিতাৰ প্ৰকাশিত গ্ৰন্থসমূহ হ'ল—

  • অনেক আকৃতি (উপন্যাস, ১৯৬২)
  • বৰদোৱাৰ শিল্পবস্তু (১৯৮৫)
  • কপিলীপাৰ কছাৰীপাৰ (১৯৮৫)
  • Descriptive Catalogue Manuscripts
  • অসমৰ পুথিচিত্ৰ (১৯৯৬)
  • Report on the Sunvey of old and Rane Manuscripts in the Districts of Nagaon and Morigaon (2008)
  • Alphabetical Index of Illustrated Manuscripts of Assam (2008)
  • The Katha -Bhagabata Paintings of Puniya Satra (2010),
  • বিল্ব-মংগল কাব্য বিল্বমংগল স্তোত্ৰ (2008)
  • Manuscript Paintings from Kamrupa Anusandhana Samity (2011)
  • An Illustrated Anadi Patana of Kuji Satra (18th Century A.D.) ২০১৩।

‘অনেক আকৃতি’ উপন্যাসখন তেওঁৰ প্ৰথম প্ৰকাশিত পুথি। উপন্যাসখন প্ৰথমে পদ্ম বৰকটকীৰ সম্পাদনাত প্ৰকাশিত ‘আমাৰ প্ৰতিনিধি’ আলোচনীত প্ৰকাশ পায়। পাছত শ্ৰীভূমি পাব্লিকেশ্বনে ইয়াক কিতাপ আকাৰে প্ৰকাশ কৰে।

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • অসম সাহিত্য সভাৰ হৰিপ্ৰসাদ নেওগ মুদ্ৰণ অলংকৰণ বঁটা,
  • জগদ্ধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা,
  • চিত্ৰপট সন্মান
  • আনন্দৰাম বৰুৱা বঁটা
  • মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱ বঁটা [2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক