নৱবিধা ভক্তি হৈছে শ্ৰীমদ্ভাগৱত পুৰাণ আৰু আন আন ভক্তি শাস্ত্ৰত উল্লেখ থকা ন বিধ ভক্তি।[1]

শংকৰদেৱৰ এটি শ্লোকত এই ন বিধ ভক্তিৰ উল্লেখ আছে-

"শ্ৰৱণং কীৰ্তনং বিষ্ণোঃ স্মৰণং পাদ সেৱনম্।
অৰ্চনং বন্দনং দাস্যং সখ্যমাত্মনিৱেদনম্॥"[1]


এই নৱবিধা ভক্তি হৈছে-[1]

  • শ্ৰৱণঃ (ভক্তিৰ প্রথম স্তৰ)

ঈশ্বৰৰ নাম, মহিমা, গুণ, স্বৰূপ আদি সম্পর্কে গুৰু বা সন্ত বা ভক্ত বা ভকত-বৈষ্ণৱৰ মুখেৰে কাণেৰে শুনি কৰা ভক্তিক শ্রৱণ ভক্তি বোলে । শ্রৱণ ভক্তিক মনৰ দুৰ্বাসবা অর্থাৎ বেয়া বাসনাৰ পৰা পৰিত্যাগ পাবৰ বাবে প্রথম উপায় হিচাপে কৰা হয় । নিজ মুখেৰে গাই শুনিলে বা আনে গোৱা কাণেৰে শুনিলে শ্রৱণ ভক্তি সম্পন্ন হয় ।


  • কীৰ্ত্তনঃ (ভক্তিৰ প্রথম স্তৰ)

ঈশ্বৰৰ নাম, মহিমা, গুণ, স্বৰূপ আদি সম্পর্কে নিজ মুখেৰে বা স্বয়ং উচ্চাৰণ কৰি কৰা ভক্তিক কীৰ্ত্তন ভক্তি বোলা হয় । কীৰ্ত্তন ভক্তি পাঁচ ধৰণেৰে বা প্রকাৰে কৰিব পৰা যায়- ভগৱন্তৰ নামোচ্চাৰণ, স্তুতি পাঠ, কথা বা ব্যাখ্যা, গীত আৰু অভিনয় ।


  • স্মৰণঃ (ভক্তিৰ প্রথম স্তৰ)

ভগৱন্তৰ নাম আৰু ৰূপক যেতিয়া কোনোৱে চিন্তা কৰে (চিন্তন), তেতিয়া তাক স্মৰণ ভক্তি বোলে । আন ভক্তিৰ ভাগবোৰ সকলো সময়তে আৰু সকলো ঠাইতে কৰাত অসুবিধাৰ সৃষ্টি হ’লেও ‘স্মৰণ ভক্তি’ আমি সকলোতে আৰু সকলো সময়তে কৰিব পাৰো ।


  • পাদ-সেৱনঃ (ভক্তিৰ দ্বিতীয় স্তৰ)

ভগৱন্তৰ পূজা-অৰ্চনা কৰা ঘৰসমূহ পৰিষ্কাৰ কৰা, মন্দিৰ-নামঘৰ আদিত শৰাই-নৈবদ্য আগবঢ়োৱা, ভগৱানৰ মূৰ্ত্তি স্নান কৰোৱা বা ধোৱা আদি পৰিচৰ্যাসমূহৰ মাধ্যমেৰে কৰা ভক্তিক পাদ-সেৱন বোলে । ‘পাদ’ মানে ‘ভৰি বা চৰণ’ আৰু ‘সেৱন’ মানে “পূজা, সেৱা, বা পৰিচর্যা কৰা’ অর্থাৎ ভগৱানৰ দাস হৈ তেওঁৰ চৰণতে মোৰ থৈ তেওঁৰ হৈ সেৱা-পৰিচৰ্যা কৰা ভক্তিয়েই হৈছে পাদ-সেৱন ।


  • অৰ্চন বা অৰ্চ্চনাঃ (ভক্তিৰ দ্বিতীয় স্তৰ)

ভাগৱত ৰূপী বিষ্ণু বা কৃষ্ণ বা বিষ্ণুৰ যিকোনো ৰূপ বিশেষৰ বিধিমতে যথাসাধ্যে কৰা পূজা বা ভক্তিকে, অৰ্চন ভক্তি বোলে । অৰ্চন হৈছে- ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য ।

অৰ্চন বা অৰ্চ্চনা দুবিধ,  ফলৰূপ অৰ্চন বা অৰ্চ্চনা আৰু সাধনৰূপ অৰ্চন বা অৰ্চ্চনা |

বিষ্ণু বা আন ভগৱ্ন্তৰ বাহ্যিক মূৰ্ত্তি/মূৰ্তি আদিৰ পূজা কৰাক, ফলৰূপ অৰ্চন/অৰ্চ্চনা বা বাহ্যিক পূজা বোলে আৰু মানসিক সাধনাৰে বিষ্ণু বা আন ভগৱ্ন্ত বা ইষ্টজনক হৃদয়ত থাপি ভক্তি কৰাক, সাধনৰূপ অৰ্চন/অৰ্চ্চনা বা মানসিক পূজা বোলে |

 মানসিক পূজাত অভিজ্ঞ হলেহে বাহ্যিক পূজাকৰণ সিদ্ধ হয় | যি জন প্ৰকৃত সেৱক, তেওঁ মানসিক পূজাত সম্পূৰ্ণ অভিজ্ঞ | মানসিক পূজা বিধি নজনা,  কেৱল বাহ্যিক মূৰ্ত্তি আদিৰ পূজকক শাস্ত্ৰই অজ্ঞ বুলিছে | 


  • বন্দনঃ (ভক্তিৰ দ্বিতীয় স্তৰ)

ভক্তিৰ যিটো ভাগত ভাগৱত ৰূপী বিষ্ণু বা কৃষ্ণ বা বিষ্ণুৰ বা আন ভগৱ্ন্ত বা ইষ্টজনৰ স্তৱ, স্তোত্রাদি, প্রাৰ্থনা, ঘোষা আদি গাই ভগৱন্তক কাকুতি, মিনতি, আদি কৰি সেৱা কৰা হয়, সেই ভক্তিকে বন্দন বোলে ।


  • দাস বা দাস্যঃ (ভক্তিৰ তৃতীয় স্তৰ)

ভক্তিৰ যিটো ভাগত এজন লোকে বা ভক্তই তেওঁৰ জীৱনৰ সকলো কাম-কাজ, ইয়াৰ ফলাফল, আদি সমস্ত ভগৱানৰ চৰণত অৰ্পণ কৰিব আৰু তেওঁৰ দাসত্ব স্বীকাৰ কৰি ভগৱানৰ দাসৰো দাস বা ভৃত্য বুলি ভাবিব, তেতিয়া সেই ভক্তিক দাস্য ভক্তি বোলে ।


  • সখ্য বা সখীত্বঃ (ভক্তিৰ তৃতীয় স্তৰ)

‘সখ্য বা সখীত্ব’ৰ অর্থ সখা বা সখী । ভক্তিৰ যিটো ভাগত এজন লোকে বা ভক্তই ভগৱন্তক নিজৰ সখী বা লগৰীয়া বা মিত্র হিচাপে ধৰি জীৱনৰ সকলো সুখ-দুখৰ সমভাগী কৰি ভক্তি কৰিব, তেতিয়া সেই ভক্তিকে সখ্য বা সখীত্ব ভক্তি বোলে । বহু শাস্ত্র আৰু শাস্ত্রাজ্ঞ পণ্ডিতৰ মতে, আমি যেতিয়া ভগৱানক নিজৰ সখা আৰু তেওঁৰ ওচৰত আমি দাস বুলি জ্ঞান কৰি যাম তেতিয়া আমি সখ্য-ভক্তিৰ স্বৰূপ উপলব্ধি কৰিব পাৰিম ।


  • আত্মনিবেদনঃ (ভক্তিৰ তৃতীয় স্তৰ)

যেতিয়া কোনো লোকে বা ভক্তই দেহ, মন, আশা-ভৰসা, ইন্দ্রিয়-বাসনা আদি ভগৱন্তৰ ওচৰত অৰ্পণ কৰি, নিজস্ব স্বাতন্ত্র অনুভৱ দূৰ কৰি, নিৰ্বিকাৰ ভগৱানৰ গুণময় হৈ একান্ত ভকতি কৰে আৰু ভগৱানৰ শৰণাগতি হয়, তেতিয়া তাক আত্মনিবেদন ভক্তি বোলে । এনে ভক্তিত ‘মই’, ‘মোৰ’, ‘মোক’ আদি নিজত্ব আৰু আত্মভাৱ দূৰ কৰি, সকলো সৃষ্টি-স্থিতি-প্রলয়ৰ গৰাকীৰে মান্য কৰি ভক্তি কৰা হয় ।


ভাব অনুসৰিও ভক্তিৰ শ্ৰেণী বিভাজন-

  • বাৎসল্য,
  • সখ্য,
  • দাস্য আৰু
  • মাধুৰ্য্য।

ভক্তি শব্দৰ অৰ্থসম্পাদনা কৰক

'ভক্তি' শব্দৰ সাধাৰণ অৰ্থ ঈশ্বৰ সেৱা। ঈশ্বৰৰ উপৰিও দেশভক্তি, মাতৃভক্তি, পিতৃভক্তি আদি উল্লেখযোগ্য। আধাত্মিক ক্ষেত্ৰত ঈশ্বৰৰ সৈতে বা ভজনীয় দেৱতাৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু প্ৰীতিয়েই ভক্তি।[2][3] ভক্তি এক মানসিক অৱস্থা। ভক্তিৰ স্তৰ তিনিটা শ্ৰদ্ধা, ৰতি আৰু ভক্তি। গীতাত চাৰি প্ৰকাৰ ভক্তিৰ কথা উল্লেখ কৰা হৈছে—[1]

  • আৰ্ত,
  • জিজ্ঞাসু,
  • অৰ্থাৰ্থী আৰু
  • জ্ঞানী।

ভক্তিৰ শ্ৰেণী বিভাজনসম্পাদনা কৰক

বহল অৰ্থত ভক্তিৰ শ্ৰেণী দুটা-

  1. গৌণীভক্তি আৰু
  2. পৰাভক্তি।

(অ) গৌণী ভক্তিঃ গৌণীভক্তি হৈছে ‘সাধনা ভক্তি’। গৌণী ভক্তি পাঁচটা অংশৰে সু-সজ্জিত হৈ আছে, সেয়া হৈছে- উপাসক(উপাসনাকাৰী, সাধনাকাৰী, ভক্ত আদি), উপাস্য (উপাসনাৰ যোগ্য, আৰাধ্য, আৰাধিত, পূজিত, উপাস্য দেৱতা, ভগৱান আদি), পূজা-দ্ৰব্য(ধূপ, দীপ, নবদ্য, আদি), পূজা-বিধি(পূজাৰ নীতি-নিয়ম) আৰু মন্ত্ৰ-জপ।

(আ) পৰাভক্তিঃ পৰাভক্তি হৈছে ‘সাধ্য ভক্তি’। যেতিয়া ব্যক্তিয়ে সকলো কামনা-বাসনা শূন্য হৈ একান্ত মনে পূৰ্ণ শান্ত লাভ কৰি ঈশ্বৰৰ পৰম প্ৰেমত নিমগ্ন হৈ ভক্তি কৰে, তাক পৰাভক্তি বোলে।

তথ্যসূত্ৰসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 শৰ্মা, তীৰ্থনাথ. ভক্তিবাদ. 
  2. See Monier-Williams, Sanskrit Dictionary, 1899.
  3. Bhakti, Encyclopædia Britannica (2009)