পক্ষীজ্বৰ
এই প্ৰবন্ধটো শেহতীয়াভাৱে এজন নবাগত সদস্যই সৃষ্টি কৰিছে। প্ৰবন্ধটোৰ গুণগত মান উন্নত কৰিবৰ বাবে অধিক সম্পাদনাৰ প্ৰয়োজন আছে, কিন্তু অনুগ্ৰহ কৰি বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভাল ভাব পোষণ কৰি এটা গঠনমূলক পৰামৰ্শ সৃষ্টিকৰ্তা সদস্যজনৰ বাৰ্তা পৃষ্ঠাত প্ৰেৰণ কৰক। এই প্ৰবন্ধ কোনোবা এজন অভিজ্ঞ ৱিকিপিডিয়ানে (প্ৰবন্ধৰ লিখকজনৰ বাহিৰে) নিৰীক্ষণ কৰাৰ পাছত এই সাঁচটো আঁতৰাই দিব পাৰে। |
বাৰ্ড-ফ্লু (ইংৰাজী: Bird flu) এবিধ ভাইৰাছজনিত সংক্ৰামক বেমাৰ। চৰাই-চিৰিকটিক মুখ্যতঃ আক্ৰমণ কৰা এই ভাইৰাছ (Asianinfluenza Virus) বিধ হৈছে অৰ্থ’মিক্স’ভাইৰাছ (Orthomyxovirus)৷ ই এবিধ RNA ভাইৰাছ৷ [1]
পক্ষীজ্বৰ ভাইৰাছৰ প্ৰকাৰ
সম্পাদনা কৰক‘এ’, ‘বি’ ‘ছি’ (influenza type A,type B and type C ) –এই তিনিটা ভাগত বিভক্ত এইবিধ ভাইৰাছৰ আৰ্হিকেইটাৰ মাজত কোনো ধৰনৰ ওপৰা-উপৰি অসংক্ৰাম্যতা (cross –immunity) নাই৷ ‘এ’ আৰু ‘বি’ ইনফ্লুৱেঞ্জা ভাইৰাছ দুয়োবিধে সমগ্ৰ বিশ্বতে সংক্ৰামক ব্যাধি বিয়পাব পাৰে ৷ দুয়োবিধৰে ‘হিমএগ্লুটিনিন (এইচ )[ Haemagglutinin (H)] আৰু নিউৰ ’ এমাইনিডেজ (এন) [ Neuroaminidase ( N) ] নামৰ দুবিধ পৃষ্ঠপ্ৰতিৰোধী বিশেষ কাৰক (surface antigen)আছে ৷ H এণ্টিজেনে প্ৰাণীদেহৰ অনুভৱক্ষম কোষবোৰত ভাইৰাছবিধে আক্ৰমণ কৰাৰ পাছত ৰোগ আৰম্ভ কৰাত সহায় কৰে আৰু N এণ্টিজেনে আক্ৰান্ত কোষবোৰৰপৰা ভাইৰাছ নিৰ্গমন কৰাত সহায় কৰে৷[1]
বৰ্তমান বিশ্বত তিনিবিধ ইনফ্লুৱেঞ্জা ভাইৰাছ আছে-
- A(H N )
- A(H N ) আৰু
- B ভাইৰাছ ৷
১৯৯৭ চনৰ মাজভাগত হংকঙত বিশ্ব্ স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধায়ক গোটে মানুহক আক্ৰমণ কৰিব পৰা এবিধ ইনফ্লুৱেঞ্জা ভাইৰাছ ধৰা পেলাইছিল৷ এইবিধ ভাইৰাছেই হৈছে বৰ্তমান বিশ্বৰ পক্ষীজগতলৈ ভাবুকি কঢ়িয়াই অনা H N ভাইৰাছ ৷ সমগ্ৰ ভাইৰাছ শ্ৰেণীটোৰ ভিতৰত সঘনে এণ্টিজেন পৰিবৰ্তন কৰিব পৰা ভাইৰাছবিধেই হৈছে- ‘এ’ ইনফ্লুৱেঞ্জা ভাইৰাছ ৷ ১৯৩৩ চনত আবিষ্কৃত এইবিধ ভাইৰাছে ১৯৫৭ চনত প্ৰথমবাৰ এণ্টিজেনৰ পৰিবৰ্তন ঘটাই (H2N2) এছিয়ান ইনফ্লুৱেঞ্জা আৰু ১৯৬৮ চনত দ্বিতীয়বাৰ পৰিবৰ্তন ঘটাই (H2N2) হংকং ইনফ্লুৱেঞ্জা হিচাপে আত্মপ্ৰকাশ কৰিছিল ৷ দুয়োবাৰতে ‘H’ এণ্টিজেনৰ পৰিবৰ্তন হৈছিল ৷ ১৯৪৬ চনৰ পৰা ১৯৫৭ চনলৈকে আৱিষ্কৃত ইয়াৰ বিকৃতিসমূহক সামগ্ৰিকভাৱে ‘Hj Nj’ ত অন্তৰ্ভুক্ত কৰা হৈছে৷ [1]
সংক্ৰমণ
সম্পাদনা কৰকপক্ষীজ্বৰ ঘটাব পৰা ইনফ্লুৱেঞ্জা ভাইৰাছবিধে কাচিৎহে আন প্ৰাণীক আক্ৰমন কৰে ৷গাহৰি আৰু মানু্হকো আক্ৰমণ কৰিব পৰা ক্ষমতা থকা এইবিধ ভা্ইৰাছে মানুহৰ ক্ষেত্ৰত লিংগভেদে সকলো শ্ৰেণীৰ আৰু যিকোনো বয়সৰ লোককে আক্ৰমণ কৰিব পাৰে ৷ সাধাৰণতে ল’ৰা-ছোৱালীৰ(শিশু ) যোগেদি এইবিধ বেমাৰ দ্ৰুতভাৱে সংক্ৰমিত হয় ৷মহামাৰী ৰূপ ধৰাৰ সময়ত ৬৫বছৰৰ ওপৰৰ বৃদ্ধ ,১৮ মাহৰ তলৰ শিশু আৰু হাঁওফাওঁ, বৃক্ক অথবা হৃৎযন্ত্ৰৰ বেমাৰ থকা লোক আৰু বহুমূত্ৰ থকা লোকৰ মৃত্যুৰ হাৰ বেছি হয় ৷ জ্বৰ,মূৰৰ বিষ,কাহ,ডিঙিৰ চেৰচেৰণি,দেহৰ দুৰ্বলতা আদি লক্ষণেৰে পৰিস্ফুট এই বেমাৰৰ ভাইৰাছক তেজৰ নমুনা বা দেহৰপৰা নিসৃত জুলীয়া পদাৰ্থ কিছুমানত পৰীক্ষাগাৰত ধৰা পেলাব পাৰি ৷ বাৰ্ড ফ্লু ভাইৰাছ অতি উচ্চ উষ্ণতাত জীয়াই থাকিব নোৱাৰে ৷ সেয়েহে ১২০ ডিগ্ৰীৰ পৰা ২০০ ডিগ্ৰী ছেলছিয়াছলৈকে সেকা মাংস আদিত এই ভাইৰাছ জীৱিত অৱস্থাত নাথাকে ৷[1]