দ্বিতীয় বিশ্ব যুদ্ধত জাৰ্মানীৰ পতন ঘটাত সেই দেশখন দখল আৰু শাসনৰ প্ৰশ্ন লৈ মিত্ৰ শক্তিৰ তিনি প্ৰধান আমেৰিকা, ৰাছিয়া আৰু বৃটেইনৰ নেতৃত্বৰ মাজত পটছডামত এক শীৰ্ষ সন্মিলন অনুস্থিত হৈছিল। কিন্তু এই বৈঠকত তিনি শক্তিৰ মাজত বিষেশ সদভাৱ দেখা পোৱা নগৈছিল। বিশেষকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰুমেনে ৰাচিয়াৰ প্ৰতি বিদ্দ্বেষী ভাৱ লৈহে এই সন্মিলনত অংশগ্ৰহণ কৰিছিল, কিয়নো ছোভিয়েট প্ৰভাৱাধীন ৰুমানিয়া আৰু পোলেণ্ডত ইতিমধ্যে কমিউনিষ্ট চৰকাৰ স্থাপিত হৈছিল। সেইবাবে প্ৰথমৰে পৰা পটছডাম বৈঠকত মতভেদ দেখা পোৱা গৈছিল।

পটচডাম চুক্তি
পটচডাম চুক্তি
The "Big Three" at the Potsdam Conference, Winston Churchill, Harry S. Truman and Joseph Stalin
Host country Soviet-occupied Germany
Date 17 July – 2 August 1945
Venue(s) Cecilienhof
Cities Potsdam, Germany
Participants Joseph StalinWinston ChurchillClement AttleeHarry S. Truman
Follows Yalta Conference

পটছডাম বৈঠকৰ সিদ্ধান্ত সমূহ এনেধৰণৰ,-

১) মিত্ৰশক্তিৰ বৈদেশিক মন্ত্ৰীসভাই শান্তিচুক্তিৰ খচৰা প্ৰস্তুত কৰিৱ।

২) শান্তিচুক্তিৰ দ্বাৰা জাৰ্মানীৰ স্বাধীনতা ৰক্ষাৰ বাবে আশ্বাস প্ৰদান কৰা।

৩) জাৰ্মানীৰ অ-নাজীকৰণ, অ-সামৰিকীকৰণ, গণতান্ত্ৰিকৰণ, আৰু গধুৰ শিল্পৰ কাৰখানা সমূহৰ উচ্ছেদ কৰণ।

৪) জাৰ্মানীৰ নিৰস্ত্ৰীকৰণ।

৫) জাৰ্মানীৰ ৰুচ অধিকৃত অঞ্চল সমূহৰ শিল্পকেন্দ্ৰ, যন্ত্ৰ পাতি আদি চোভিয়েট ৰুছিয়াক প্ৰদান কৰা আৰু যুদ্ধৰ ক্ষতিপূৰণ প্ৰদান কৰা।

৬) পূৱ প্ৰুচিয়াৰ একাংশ আৰু ডেনজিগ বন্দৰ পোলেণ্ডলৈ আৰু জাৰ্মানিৰ কেনিগগ্ৰাতচ ৰুচিয়ালৈ হস্তান্তৰ কৰা।

পটছডাম বৈঠকৰ পাচৰ পৰ্যায়-
সম্পাদনা কৰক

পটছডাম বৈঠক চলি থকাৰ মাজতে ট্ৰুমেনে নিজ দেশৰ পৰা বাৰ্তা লাভ কৰে যে আণৱিক বোমা ইতিমধ্যে তৈয়াৰ হৈ গৈছে। গতিকে ৰুচিয়াৰ সহায় অৱিহনে জাপানক পৰাজিত কৰিৱ পৰা যাৱ। সেয়েহে তেওঁ সুৰ সলাই কলে যে জাপনক পৰাজিত কৰিৱৰ বাবে ৰাচিয়াৰ সহায়ৰ প্ৰয়োজন নাই। আৰু হিৰোচিমা আৰু নাগাচাকিত আণৱিক বোমা নিক্ষেপ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিলে।

এনেদৰেই এক অস্বস্তিকৰ পৰিৱেশত পটছডাম বৈঠকৰ সামৰণি ঘটে। যদিও মিত্ৰ শক্তিয়ে বিশ্ব শান্তিৰ বাবে এই বৈঠকখন এক উল্লেখনীয় পদক্ষেপ বুলি জাহিৰ কৰে, কিন্তু বাস্তৱিক ক্ষেত্ৰত এই বৈঠকেই পৰৱৰ্তী সময়ত হ'ৱলগীয়া শীতল যুদ্ধৰ আৰম্ভনি বুলি কৱ পৰা যায়।