পতঞ্জলি হৈছে এগৰাকী মহামুনি, যোগ সাধক, সংস্কৃত ব্যাকৰণকাৰ। পতঞ্জলিৰ সময় খ্ৰীঃ পূঃ দ্বিতীয় শতাব্দী। তেওঁ ৰজা পুষ্যমিত্ৰৰ সমসাময়িক।

পতঞ্জলিকৃত মহাভাষ্য

সম্পাদনা কৰক

পতঞ্জলিকৃত মহাভাষ্য উত্তৰ-পাণিনীয় যুগৰ সৰ্বশ্ৰেষ্ঠ ৰচনা হিচাপে স্বীকৃত। মূলতঃ পাণিনীয় ব্যাকৰণৰ ভাষ্য হ’লেও, ই মৌলিক গ্ৰন্থৰ তুল্য। বিস্তৃত পৰিসৰৰ হোৱা হেতুকে ইয়াৰ নাম মহাভাষ্য হৈছে। মহাভাষ্য"ত সৰ্বমুঠ ১৭১৩টা পাণিনীয় সূত্ৰৰ ব্যাখ্যা পোৱা যায়। তদুপৰি, ইয়াত পাণিনীয় সূত্ৰৰ বিষয়ে ৰচিত কাত্যায়ন আদিৰ বাৰ্তিকসমূহৰ তুলনামূলক আলোচনাও ইয়াত দাঙি ধৰা হৈছে। আলোচনাও ধৰিছে। নাটকীয় কথোপকথন ৰীতিৰে প্ৰতিপাদ্য বিষয়ৰ উপস্থাপন ব্যাকৰণখনৰ বৌশিষ্ট্য। ইয়াত আচাৰ্য আৰু শিষ্য়ৰ কথোপকথনৰ মাজেৰে বিভিন্ন বৈয়াকৰণ সমস্যা আৰু সিবোৰৰ সমাধানৰ দিয়া হৈছে। দৈনন্দিন জীৱনৰ পৰা আহৰিত বিবিধ উদাহৰণ, সহজ-সৰল ভাষা, আৰু জতুৱা ঠাচেৰে সুসমৃদ্ধ এই ৰীতিৰ মাজেৰে বৈয়াকৰণ বিষয়সমূহৰ উপৰি তৎকালীন ভাৰতৰ সাংস্কৃতিক আৰু ঐতিহাসিক পৰিস্থিতি সুন্দৰকৈ অনুভৱ কৰা যায়। অষ্টাধ্যায়ীৰ দৰে মহাভাষ্য-ও মুঠ আঠোটা অধ্যায়ত বিভক্ত। প্ৰতিটো অধ্যায়ৰ আকৌ চাৰিটাকৈ ‘পাদ’ আছে। ইয়াৰে একোটি ‘পাদ’ একাধিক ‘আহ্নিক'ত (এদিনত সমাপ্য পাঠ) ভগাই বিভিন্ন বৈয়াকৰণ বিষয়ৰ আলোচন। কৰা হৈছে। ফলত পাণিনিৰ ৰচিত অতি সংক্ষিপ্ত তথা দূৰ্বোধ্য গ্ৰন্থখনি পাঠকৰ বাবে সহজবোধ্য হৈ উঠিল।[1]

পতঞ্জলিৰ অৱদান

সম্পাদনা কৰক

যোগ চৰ্চাৰ ক্ষেত্ৰলৈ পতঞ্জলিৰ অৱদান অপৰিসীম। তেওঁ যোগসূত্ৰ যোগসাধনৰ তাত্ত্বিক গ্ৰন্থ। তেওঁৰ পতঞ্জলতন্ত্ৰ (patanjalatantra) আয়ুৰ্বেদ সম্পৰ্কীয় গ্ৰন্থ। তেওঁ হিন্দু সাংখ্য দৰ্শনৰ এগৰাকী প্ৰবক্তা।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. ডেকা, খগেশ সেন (২০০৯). ব্যাকৰণ: প্ৰাচ্য পাশ্চাত্য. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৭৫-৭৬.