পদুমী গগৈ
পদুমী গগৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী শ্বহীদ৷ বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনত ২০ ছেপ্তেম্বৰৰ দিনা ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলত অংশগ্ৰহণ কৰি পুলিচৰ লাঠিচালনাত আঘাত পাইছিল আৰু আঘাতপ্ৰাপ্ত অৱস্থাতে তেওঁক গ্ৰেপ্তাৰ কৰি ছয় মাহৰ কাৰাদণ্ড দিছিল৷ পিছত মুকলি হৈছিল যদিও লাঠিৰ আঘাতৰ বাবেই তেওঁৰ মৃত্যু হৈছিল৷[1]