পন্থী নৃত্য ছত্তীছগঢ়সৎনামী সম্প্ৰদায়ৰ প্ৰধান নৃত্য।[1] এই লোকনৃত‍্যত গভীৰ আধ‍্যাত্মিকতা আছে আৰু ভক্তৰ ভাৱনাৰ জোৱাৰো আছে।[2] পন্থী সৎনামী জাতিৰ লোকসকলৰ পাৰম্পৰিক নৃত্য, যিসকল সৎনাম পন্থৰ অনুগামী হয়।[2] এই পন্থৰ স্থাপনা ছত্তীছগঢ়ৰ গুৰু ঘাসীদাসে কৰিছিল। পন্থী গীতত গুৰু ঘাসীদাসৰ চৰিত্ৰ বৰ্ণন কৰি গোৱা হয়। ইয়াত আধ‍্যাত্মিক বাৰ্তাৰ লগতে মানৱ জীৱনৰ মহত্ত্ব প্ৰকাশ পায়। প্ৰত‍্যেক বছৰে ১৮ ডিচেম্বৰ তাৰিখে গুৰু ঘাসীদাসৰ জন্ম দিৱসৰ দিনা পন্থী গীত আৰু নৃত্য প্ৰদৰ্শন কৰা হয়। সেই দিনা জৈতখাম (জয় স্তম্ভ)-ৰ স্থাপনা কৰা হয় আৰু পৰম্পৰাগত পদ্ধতিৰে নাচ-গান কৰা হয়। ইয়াৰ মুখ্য বাদ্যযন্ত্ৰ হৈছে মাদল আৰু তাল[1]

পন্থী নৃত্য

এই নৃত্যত এগৰাকী মুখ্য নৰ্তক থাকে, যিজনে প্ৰথমে গীতটি আৰম্ভ কৰে আৰু যাক অন‍্য সমূহ নৰ্তকসকলে পুনৰাবৃত্তি কৰে আৰু নাচে। এই নৃত্য ধীৰ গতিৰে আৰম্ভ হয় আৰু গীত ও মৃদংগৰ লয় বা সুৰৰ সমান্তৰালকৈ গতি বৃদ্ধি পায়। ই মূলতঃ দ্ৰুতগতিৰ নৃত্য।[1] সৎনামৰ স্মৰণ কৰি মণ্ডলাকৃতিত থিয় হৈ থকা পন্থী দলৰ নৰ্তকে সন্ত গুৰু ঘাসীদাস বাবাৰ স্তুতিত পন্থী গীতৰ আৰম্ভ কৰে।[2] গীতৰ তালে তালে নৃত্যৰ মুদ্ৰাও সলনি হয় আৰু মাজে মাজে মানৱ মীনাৰৰ ৰচনা কৰে। এই সময়ছোৱাতো গীত, সংগীত ও নৃত্যৰ প্ৰবাহ চলি থাকে। প্ৰমুখ নৰ্তকজন মাজে মাজে 'অহা, অহা...' শব্দৰ উচ্চাৰণ কৰি নৰ্তকসকলক উৎসাহিত কৰে। গুৰু ঘাসীদাসৰ জয়ধ্বনিও লগোৱা হয়। কিছু কিছু অন্তৰালৰ পিছত প্ৰমুখ নৰ্তকে সুহুৰিও বজায়, যিয়ে নৃত্যৰ মুদ্ৰা সলনি কৰাৰ সংকেত দিয়ে।[2]

বগা ৰঙৰ ধুতি, কমৰবন্দ আৰু ঘুঁঘৰু পিন্ধি নৰ্তকসকলে মৃদংগ আৰু তালৰ লয়ে লয়ে আংগিক চেষ্টা কৰি মন্ত্ৰ মুগ্ধ হৈ পৰে। সময়ৰ লগে লগে বেশভূষাত কিছু পৰিৱৰ্তন আহিছে।[1]

দেৱদাস বনজাৰে এগৰাকী প্ৰতিষ্ঠিত পন্থী নৰ্তক।[1] তেওঁ আৰু তেওঁৰ সহযোগীসকলে দেশ-বিদেশত এই নৃত্য প্ৰদৰ্শন কৰি আহিছে। দেৱদাস বনজাৰেদেৱৰ মৃত্যু হোৱাৰ পিছতো তেওঁৰ সহযোগীসকলে পন্থী নৃত্যক দেশ-বিদেশত প্ৰদৰ্শন কৰি জীয়াই ৰাখিছে।[2] ছত্তীশগঢ়ৰ আন এগৰাকী পন্থী সাধক ড° ৰাধেশ‍্যাম বাৰলেক পন্থী নৃত্যৰ ধাৰাবাহিক বিকাশৰ কাৰণে ভাৰত চৰকাৰে ২০২১ বৰ্ষৰ "পদ্মশ্ৰী সন্মান" প্ৰদান কৰে।[3]

তথ‍্য সংগ্ৰহসম্পাদনা কৰক