নৱবৈঞ্চৱৰ আদৰ্শগত প্ৰভাৱৰ পৰা দূৰত থাকি মনসা-গীত ৰচয়িতা মনকৰৰ ৰচনাত অসমীয়া সংগীতৰ বিস্ময়কৰ নিদৰ্শন ৰক্ষিত হৈছে। মনকৰে কাব্য ৰচনা কৰা বুলি কোৱা নাই; 'পদুমাইৰ-গীত' বা 'পাঞ্চালী-গীত'‌ বা 'শ্ৰাৱণেৰগিত' ৰচনা কৰা বুলিহে কোৱা হৈছে। যেনে-

(ক)মনকৰে ৰচিলেক পদুমাইৰ গীত। ১।

(খ) মনকৰে ৰচিলেক বিহাৰ পাঞ্চালি। ২।

(গ) মনকৰে ৰচিলেক শ্ৰাৱনেৰ গীত। ৩।

মনকৰৰ দ্বাৰা ৰচিত খণ্ডিত ছপা পুথি সন্নিৱিষ্ট গীত-পদখিনিৰ পৰা দেখা যায় যে, কবিয়ে তেওঁৰ নিৰ্মিতি বিশেষক পুৰাণ বা কাব্য আখ্যা নিদি গীত স্বৰূপে হে আখ্য দিছে; যিহেতু 'গীত' পদটোৰ পৌন:পুনিকতা আটাইতকৈ বেছি; কাৰণ এই পদটো পুথিখনত অতি কমেও আঠবাৰ উল্লেখ কৰা হৈছে। এইফালৰ পৰা মনকৰৰ নিৰ্মিতি বিশেষক মনসা বা পদ্মাৱতীৰ গীত আখ্যা দিয়াহে সমীচীন। মনকৰৰ গীতখিনি লোকগীতৰ শৈলীত ৰচিত। প্ৰত্যেকটো গীতৰ আৰম্ভণিতে ৰাগ-ৰাগিণী উল্লেখ নাথাকিলেও দিহাৰ উল্লেখ আছে। পাঞ্চালী গীতত সাধাৰণতে ৰাগৰ উল্লেখ থাকে। এইফালৰ পৰা অনুমান কৰিব পাৰি যে, মনকৰৰ মূল পুথিত প্ৰত্যেকটো গীতৰ লগত বিশেষ একোটি ৰাগৰূপ সংযোজিত হৈছিল। কামাখ্যা ধাম আৰু বামুণশুৱালকুছিত সংৰক্ষিত মনকৰৰ মনসা গীতৰ প্ৰত্যেকটো গীতৰ লগত ৰাগ-ৰূপৰ উল্লেখ কৰা হৈছে।

মনকৰৰ সমসাময়িক কিন্তু তেওঁতকৈ বয়সত সৰু কবি দুৰ্গাবৰ কায়স্থই পাঞ্চালী গীতৰ শৈলীত মনসা গীত আৰু দুৰ্গাবৰী বা গীতিৰামায়ণ ৰচনা কৰে। মনকৰৰ দৰে দুৰ্গাবৰো আছিল সুগায়ক। পৰম্পৰাগত ভাৰতীয় শাস্ত্ৰীয় সংগীতত থকা তেওঁৰ গভীৰ দখলৰ নিদৰ্শন পোৱা যায় তেওঁৰ দুয়োখনি গীতৰ পুথিত সংযোজন কৰা বিভিন্ন ৰাগ-ৰাগিণী বোৰৰ জৰিয়তে। পঞ্চ অংগ বিশিষ্ট পাঞ্চালী গীতত ৰাগ-ৰাগিণীৰ প্ৰয়োগ অপৰিহাৰ্য্য অংগ। দুৰ্গাবৰে গীতিৰামায়ণত পটমঞ্জৰি(৪), ভৈৰৱী (১),ধনশ্ৰী (৪),বেলোয়াৰ(৩),বৰাড়ি(৩),গুঞ্জৰি(৪),ৰামগিৰী (৬),কম্বাৰ (১),আহিল(১০),ভাঠিয়ালি (১),বসন্ত(৪),সুয়াই(৩),মঞ্জৰি (১),চালনী(৩),শ্ৰীগান্ধাৰ(১),মালতী(২),মেঘমণ্ডল(১),দেৱমোহন(৩),শ্ৰীগন্ধকালি(২), মাৰোৱাৰ(১),দেৱজিনি(১) আৰু আকাশমণ্ডলি(১) ৰাগ প্ৰয়োগ কৰিছে।

মনসা গীতত দুৰ্গাবৰে ব্যৱহাৰ কৰা ৰাগ-ৰূপবোৰ হ'ল- ৰামগিৰি(২),সুৱাই(৪),ভাটিয়ালি(২) আৰু পটমঞ্জৰি (২)।

মনকৰ আৰু দুৰ্গাবৰৰ নিচিনাকৈ পীতাম্বৰ দ্বিজেও তেওঁৰ নিৰ্মিতি বিশেষক (ঊষা-পৰিণয়) কাব্য আখ্যা নিদি গীত আখ্যাহে দিছে। যেনে:

(ক)এমনেসে ৰচিলো শ্ৰৱণৰ সুখগীতে। ৪।

(খ)ঊষাপৰিণয় গীত কৈলা সমাপতি। ৫।

(গ)এহি গীত শুনিলেসে শুদ্ধমতি হই। ৬।

পাঞ্চালী গীতৰ শৈলীত ৰচনা কৰাৰ বাবেই গ্ৰন্থখনক 'গীত' আখ্যা দিয়া হৈছে। ঊষা-পৰিণয়-ত ৩৭টা গীত সন্নিবিষ্ট হৈছে আৰু এই গীতবোৰ অভ্ৰান্তভাৱে বিভিন্ন ৰাগ-ৰাগিণী প্ৰযুক্ত। ১৪টা ৰগ-ৰূপৰ আধাৰত ৩৭টা গীত ৰচনা কৰা হৈছে। এই ৰাগ-ৰাগিণীবোৰ আৰু ইয়াৰ পৌন:পুনিকতা তলত দেখুওৱা হ'ল:: অহিৰ(৭),গুঞ্জৰি (২),গোণ্ডগিৰি(২), ধনশ্ৰী (৪),নাগ (১),নট(২),পাহাড়ি(৪),বৰাড়ি(৪), বসন্ত (১),ভাঠিয়ালি (৩), ভৈৰৱী (২),মল্লাৰ(২) আৰু সুআই (১)।

পীতাম্বৰ দ্বিজৰ পৰৱৰ্তী কালৰ আন এগৰাকী কবি নাৰায়ণ দেৱে পাঞ্চালী গীতৰ আদৰ্শত মনসা-পদ্মাৱতী-বিষহৰী-গৌৰৱ-গৰিমা বিষয়ক এখনি পুৰাণ সদৃশ গ্ৰন্থ প্ৰণয়ন কৰে। এই গ্ৰন্থখনক তেওঁ পদ্মা-পুৰাণো আখ্যা দিয়া নাই,মনসা-কাব্যও আখ্যা দিয়া নাই; গীত' আৰু 'পুৰাণ-গীত' বুলিহে আখ্যা দিছে;

(ক) নৰসিংহ সুত কবি দেৱ নাৰায়ণ। ৰচিলা পাঞ্চালি গীত পদ্মাৰ চৰণ॥৭।

(খ) নৰসিংহ সুত কবি নাম নাৰায়নে

ৰচিল পুৰাণ গীত পদ্মাৰ চৰণে॥৮।

ওপৰোক্ত উদ্বৃতিসমূহৰ পৰা সহজে অৱগত হ'ব পাৰি যে,পদ্মা-পুৰাণ পাঞ্চালী গীতৰ শৈলীত ৰচিত। গীতবোৰৰ সাংগীতিক বৈশিষ্ট্য অব্যাহত ৰাখিবৰ বাবে প্ৰতিটো গীতত ৰাগ-ৰাগিণী বান্ধি দিয়াৰ বাহিৰেও গীতবোৰৰ সাংগীতিক লয় ঐশ্বৰ্য্যময়ী কৰিবলৈ দিহা আৰু পদত সঘনে '- আৰে', '-হে','-ভালহে','-নাৰে','-ৰে', আদি শব্দাংশ প্ৰয়োগ কৰা দেখা যায়। এই পুৰাণত প্ৰয়োগ হোৱা ৰাগ-ৰাগিণীবোৰ হ'ল- শ্ৰী(৫),ঝুলুনা(৪),মল্লাৰ (৪),উৰ্চ্চিস্বৰ(৩), ভৈৰৱী (১০),মালগৰা (৮), পটমঞ্জৰি (৩২), ধনশ্ৰী (১০),ভাঠিয়ালি (১০),কৰুণ ভাঠায়ালি (৮),কান্ধৰ(৩),কেদাৰ (৮),পাহাড়ি (৮),কাৰুণ্য(১০),কমোদ (৩),অহিৰ (৮),বৰাড়ি (১২),ৰামগিৰি (৫),পাসজ(২),চই(৩), বসন্ত (৫),শ্ৰীবসন্ত (৮),তুৰ বসন্ত(৮),কৈবলু(৩),বৈনেতা(২) আৰু নাট(৪)। এই ৰাগ-ৰাগিণী সমূহৰ ভিতৰত প্ৰায়বিলাকেই সুকনন্নি আৰু বিয়াহৰ ওজাপালিৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত। সত্ৰীয়া-সংগীততো এই ৰাগ-ৰাগিণী সমূহৰ ভিতৰত কেইবাটাও ৰাগৰ প্ৰচলন দেখা যায়।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা,ড° নবীন চন্দ্ৰ শৰ্মা।
  2. ড° বিৰিঞ্চি কুমাৰ বৰুৱা, ড°সত্যেন্দ্ৰনাথ শৰ্মা,সম্পা:মনসা কাব্য,পৃ:১৯, ৫১, ৭০,
  3. ঊষাপৰিণয়,পদ:১৩৮৮, ১৩৮১, ১৩৯৩,
  4. নবীন চন্দ্ৰ শৰ্মা; সম্পা:পদ্মা-পুৰাণ,পদ:৪৮৮৮, ১০৩৯