পাকস্থলীটো খাদ্যনলীৰ আটাইতকৈ বহল অংশ আৰু ই মধ্যচ্ছদাৰ ঠিক তলতে বাওঁফালে অৱস্থিত। পাকস্থলীটো পেশীযুক্ত আৰু আকৃতিত ইংৰাজী J আখৰটোৰ দৰে। পূৰ্ণবয়স্ক মানুহৰ পাকস্থলীৰ আয়তন প্ৰায় 1500 মি. লি.। ই ওপৰৰ পিনে ইছ’ফেগাছৰ লগত আৰু তলৰ পিনে ডুৱ’ডেনামৰ লগত সংযুক্ত হৈ থাকে। ইছ’ফেগাছ আৰু পাকস্থলীৰ সংযোগস্থলৰ ৰন্ধ্ৰটোক হৃদৰন্ধ্ৰ (Cardiac orifice) আৰু এই অঞ্চলত থকা পেশীবলয়ক হৃদবলয় (Cardiac sphincter) বোলে। আকৌ পাকস্থলী আৰু ডুৱ’ডেনামৰ সংযোগ ৰন্ধ্ৰটোক নিৰ্গম ৰন্ধ্ৰ (Pyloric orifice) আৰু ইয়াত থকা পেশীবলয়ক নিৰ্গমবলয় (Pyloric sphincter) বোলে। পাকস্থলীটোৰ ওপৰ ফালে কম বক্ৰতা (Curvature) আৰু তলফালে অধিক বক্ৰতা থাকে।

পাকস্থলীটোৰ 4 টা অংশ থাকে, যেনে – হৃদপ্ৰান্ত (Cardiac end), ফাণ্ডাছ (Fundus), দেহাংশ (Body) আৰু জঠৰ নিৰ্গম (Pyloric end)।  

1. হৃদপ্ৰান্তীয় অংশ (Cardiac end): পাকস্থলীৰ এই অংশটো হৃদপিণ্ডৰ ওচৰতে থাকে বাবে ইয়াক হৃদপ্ৰান্ত বোলা হয়। পাকস্থলীৰ এই অংশটোত অন্ননলীডাল (Oesophagus) মুক্ত হৈছে। পাকস্থলীৰ হৃদপ্ৰান্তত মুক্ত হোৱা অন্ননলীৰ ছিদ্ৰটো এখন পেশীয় অৱৰোধিনীৰ (Sphincter) দ্বাৰা নিয়ন্ত্ৰিত হয়। ইয়াক জঠৰান্ননলী অৱৰোধিনী (Gastroesophageal sphincter) বোলা হয়।

            2. ফাণ্ডাচ বা ঘূৰণীয়া অংশ (Fundus): পাকস্থলীৰ হৃদপ্ৰান্তৰ ঠিক পাছৰ অংশখিনি ঘূৰণীয়া। ইয়াকে ফাণ্ডাচ বা ঘূৰণীয়া অংশ বোলে। সাধাৰণতে এই অংশখিনিত বায়ু বা গেছ জমা হৈ থাকে।

            3. দেহাংশ (Body): পাকস্থলীৰ মাজৰ মুখ্য অংশখিনিকে দেহ (Body) বুলি কোৱা হয়।

            4. জঠৰ নিৰ্গম (Pyloric end or Pylorus): পাকস্থলীৰ তলফালৰ অংশটোক জঠৰ নিৰ্গম বোলা হয়। ইয়াক আকৌ দুটা ভাগত ভগোৱা হৈছে, যেনে – জঠৰ নিৰ্গম কোটৰ (Pyloric antrum) আৰু জঠৰ নিৰ্গম নলী (Pyloric canal)। জঠৰ নিৰ্গন নলীডাল ডুৱ’ডেনামত মুক্ত হৈছে। জঠৰ নিৰ্গম নলী আৰু ডুৱডেনামৰ সংযোগ অঞ্চলত থকা অৱৰোধিনী এখনে পাকস্থলীত আংশিক ভাবে পাচিত হোৱা খাদ্য  নিয়ন্ত্ৰিত ভাবে ডুৱডেনামত প্ৰৱেশ কৰিবলৈ দিয়ে।

            পাকস্থলীৰ কাৰ্য (Functions of the stomach): পাকস্থলীত প্ৰৱেশ কৰা খাদ্য বস্তুবোৰ সাময়িক ভাবে জমা হৈ থাকে। পাকস্থলীত খাদ্য বস্তুবোৰ মন্থিত হৈ জঠৰ ৰসৰ (Gastrict juice) লগত মিহলি হয়। ইয়াত প্ৰ’টিন আৰু স্নেহ পদাৰ্থবোৰৰ আংশিক ভাবে পাচন হয়। ইয়াতে কাষ্টলৰ আভ্যন্তৰিক কাৰক (Castle’s intrinsic factor) নামৰ এবিধ গ্লাইক’প্ৰটিনৰ উৎপত্তি হয়। ক্ষুদ্ৰান্তৰ পৰা ভিটামিন B12 অৱশোষণৰ বাবে এই কাৰকৰ প্ৰয়োজন হয়। ইয়াৰ পৰা পেপ্‌চিনোজেন আৰু প্ৰ’ৰেনিন নামৰ প্ৰ’এনযাইম উপৰিও জঠৰ লাইপেজ আৰু জঠৰ এমাইলেজ নামৰ এনযাইম ক্ষৰণ হয়। পাকস্থলৰ বেৰৰ পৰা ক্ষৰণ হোৱা HCl য়ে খাদ্যৰ লগত গৃহীত বেক্টেৰিয়া, বীজাণু আদি ধ্বংস কৰে। পাকস্থলীৰ পৰা গেষ্ট্ৰিন (Gastrin) নামৰ এবিধ হৰমনো নিঃসৰণ হয়। ইয়াৰ উপৰিও পাকস্থলীৰ বেৰখনে এলকহ’ল, এচ্‌পিৰিণ, কিছুমান স্নেহ পদাৰ্থত দ্ৰবণীয় ঔষধ, পানী, গ্লুক’জ আদি শোষণ কৰে।