পাঞ্চালী গুপ্তা

ভাৰতীয় অভিনেত্ৰী, মডেল

পাঞ্চালী গুপ্তা (ইংৰাজী: Panchali Gupta) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ বহুকেইখন অসমীয়া আৰু হিন্দী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। বাতৰি কাকতৰ স্তম্ভলেখক হোৱাৰ উপৰিও তেওঁ এগৰাকী স্ব-নিয়োজিত ৱৰড্ৰ’ব কনচাল্টেণ্ট[1][2]

পাঞ্চালী গুপ্তা

পাঞ্চালী গুপ্তা
শিক্ষানুষ্ঠান আৰ্য মহাবিদ্যালয়, গুৱাহাটী
পেচা অভিনেত্ৰী, মডেন, ফেচন ষ্টাইলিচ
উল্লেখযোগ্য কৰ্ম আই কিলড্ হিম চাৰ
মনচুন ৱেডিং
দাম্পত্যসঙ্গী বিজয় বব্বৰ

জীৱনী সম্পাদনা কৰক

শৈশৱ আৰু কৈশোৰৰ কালছোৱা পাঞ্চালীয়ে গুৱাহাটীত কটায়। তেওঁ গুৱাহাটীৰ চেইণ্ট মেৰীজ কনভেণ্ট স্কুল আৰু আৰ্য মহাবিদ্যালয়ত পঢ়া-শুনা কৰে। তেওঁ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ জিমনাষ্টো আছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু খেলত তেওঁ অসমক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯২ চনত তেওঁ মিচ গুৱাহাটী খিতাপ অৰ্জন কৰে। পৰৱৰ্তী সময়ত তেওঁ মিচ নৰ্থইষ্ট আৰু মিচ আছাম খিতাপ অৰ্জন কৰে। ২০০২ চনত তেওঁ গ্লেডৰেজ মেগা মডেল টাইটেলত বিজয়ী হয়।[1]

মাত্ৰ চৈধ্য বছৰ বয়সতে তেওঁ এগৰাকী মডেল হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰে। তেওঁ বহুকেইখন চলচ্চিত্ৰৰ উপৰিও মিউজিক ভিডিঅ’ত অৱতীৰ্ণ হয়। আই কিলড্ হিম চাৰ (১৯৯৫),মনচুন ৱেডিং (২০০১),ৰকিন মীৰা (২০০৬) আদি তেওঁৰ উল্লেখযোগ্য ছবি। তেওঁ টেলিগ্ৰাফ কাকতৰ সাপ্তাহিক স্তম্ভ লিখিছিল। পিছত টেলিগ্ৰাফৰ কাম এৰি ইষ্টাৰ্ণ ক্ৰণিক’ল কাকতত যোগ দিয়ে।[1] পাঞ্চালী সকলোতকৈ ফেচনৰ জগতখনতে বেছিকৈ জড়িত। তেওঁ ডুবাই ভিত্তিক আইকনিক গ্ৰুপৰ ইন-হাউচ মডেল। তাৰোপৰি তেওঁ এগৰাকী এগৰাকী স্ব-নিয়োজিত ৱৰড্ৰ’ব কনচাল্টেণ্ট[1]

চলচ্চিত্ৰপঞ্জী সম্পাদনা কৰক

ক্ৰমিক নং চলচ্চিত্ৰ মুক্তিৰ চন ভাষা ভূমিকা
আই কিলড্ হিম চাৰ ১৯৯৫ অসমীয়া
মনচুন ৱেডিং ২০০১ হিন্দী
মা তুমি অনন্যা ২০০৪ অসমীয়া
ৰকিন মীৰা ২০০৬ হিন্দী
শিৱাজী- দ্য বচ ২০০৭
লংকেশ পত্ৰিকা
মাই লাইফ [1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 "Movie-actress Panchali Gupta". nettv4u.com. https://nettv4u.com/celebrity/hindi/movie-actress/panchali-gupta। আহৰণ কৰা হৈছে: 4 July 2021. 
  2. "Panchali Gupta Babber Pageant . Movies . Success". theglossmag.net. https://theglossmag.net/2019/01/15/panchali-gupta-babber/। আহৰণ কৰা হৈছে: 4 July 2021.