স্থানাংক: 37°58′17″N 23°43′36″E / 37.9715°N 23.7267°E / 37.9715; 23.7267

পাৰ্থেনন মন্দিৰ গ্ৰীচএথেন্সৰ দুৰ্গ-নগৰীত অৱস্থিত৷ এসময়ত এই মন্দিৰত দেৱী এথেনাৰ পূজা কৰা হৈছিল৷ এথেন্স নগৰখনৰ নামো দেৱী এথেনাৰ নামেৰেই নামাকৰণ কৰা হৈছে৷ আগতে গ্ৰীচৰ একো একোখন নগৰ একো একোগৰাকী দেৱ-দেৱীৰ নামেৰে নামকৰণ কৰাৰ ৰীতি আছিল৷ ভাৰতৰ দেৱী সৰস্বতীৰ দৰে এথেনা গ্ৰীকসকলৰ বাবে জ্ঞান আৰু বিদ্যাৰ দেৱী৷ কুমাৰী দেৱী এথেনা পাৰ্থেনছৰ নামৰপৰাই মন্দিৰটোৰ নাম পাৰ্থেনন হ'ল বুলি বিশ্বাস প্ৰচলিত৷ ১৯৮৭ চনত ইউনেস্কৱে ইয়াক বিশ্ব ঐতিহ্যবাহী স্থান ক্ষেত্ৰৰূপে ঘোষনা কৰে৷ [3]

পাৰ্থেনন মন্দিৰ
Παρθενών গ্ৰীক

The Parthenon
সাধাৰণ তথ্য
প্ৰকাৰ Greek temple
স্থাপত্য শৈলী Classical
অৱস্থিতি Athens, Greece
Current tenants Museum
নিৰ্মাণ আৰম্ভ 447 BC[1][2]
সম্পূৰ্ণ 438 BC[1][2]
Destroyed Partly on 26 September 1687
উচ্চতা 13.72 মিটাৰ (45.0 ফুট)
প্ৰযুক্তিৰ বিৱৰণ
Size সাঁচ:Convert/by
Other dimensions Cella: সাঁচ:Convert/by
নক্সা আৰু নিৰ্মাণ
গৰাকী Greek government
স্থাপত্যবিদ Iktinos, Kallikrates
Other designers Phidias (sculptor)


নিৰ্মাণ শৈলী সম্পাদনা কৰক

পাহাৰ কাটি বিস্তীৰ্ণ শিলাময় সমতলৰ ওপৰত মাৰ্বল শিলেৰে নিৰ্মিত পাৰ্থেনন মন্দিৰৰ নিৰ্মাণ আৰম্ভ হয় খ্ৰিষ্টপূৰ্ব ৪৪৭ ত আৰু খ্ৰিষ্টপূৰ্ব ৪৩২ ত ই সম্পূৰ্ণ হৈ উঠে৷ প্ৰসিদ্ধ স্থপতি ইকটিনাছ (Ictinus) আৰু কেলিক্ৰাটেছৰ(Callicrates) তত্ত্বাৱধানত আৰু সমসাময়িক ৰাজনীতিবিদ কিমন (Cimon) আৰু পেৰিক্লেছৰ (Pericles) উদ্যোগত মন্দিৰটো নিৰ্মাণ হয়৷ তৎকালীন গ্ৰীচৰ প্ৰসিদ্ধ স্থপতি ফিডিয়াছে (Phidias)এই মন্দিৰৰ স্থাপত্যশৈলীৰ আৰ্হি প্ৰস্ত্তত কৰিছিল বুলি জনা যায়৷ অপূৰ্ব অলংকৰণেৰে সমৃদ্ধ এই মন্দিৰত এসময়ত দেৱী এথেনাৰ সোণ আৰু হাতী দাঁতৰ দুটা মূৰ্তি আছিল বুলি জানিব পৰা গৈছে৷ পাৰ্থেনন গ্ৰীছৰ ডৰিক(Doric) স্থাপত্যশৈলীৰ অনন্য নিদৰ্শন৷[3]

ভাস্কৰ্যশৈলী সম্পাদনা কৰক

৭৬.২ মিটাৰ দীঘল,৩০.৪৮ মিটাৰ বহল এটা শিলাময় সমতলৰ ওপৰত এই মন্দিৰ অৱস্থিত৷ আয়তাকাৰ প্ৰসাদোপম মন্দিৰটোৰ ভেটিৰ উচ্চতা ৯.১৪ মিটাৰ,মন্দিৰটোৰ ভিতৰে-বাহিৰে আছে শাৰী-শাৰী দৃষ্টিনন্দন স্তম্ভ৷ মন্দিৰটোৰ চতুৰ্দিশ স্তম্ভৰে আৱৰা ৷ ইয়াত সন্মুখৰ ফালে আৰু পিছত ৮টাকৈ আৰু দুয়োকাষত ১৭টাকৈ স্তম্ভ আছে৷ প্ৰতিটো স্তম্ভৰ মাজৰ ব্যৱধান সমান৷ এই স্তম্ভশাৰীয়ে পাৰ্থেনন মন্দিৰক এটা সুকীয়া বিশেষত্ব প্ৰদান কৰিছে৷ পাৰ্থেনন মন্দিৰটো দুভাগত ভাগ কৰিব পাৰি,মন্দিৰটোৰ এটা ভাগ ওপৰত আৰু আনটো ভাগ দহ ফুট তলত অৱস্থিত৷ পাৰ্থেনন মন্দিৰৰ কেইটামান স্তম্ভ অতি বিখ্যাত৷ এইকেইটা দৰাচলতে দেৱীমূৰ্তি৷ ভাস্কৰ্য হিচাপেও এইবোৰ মনোমুগ্ধকৰ৷ সময়ৰ লগে লগে পাৰ্থেনন মন্দিৰৰ বহু স্থাপত্য-ভাস্কৰ্য ধ্বংস হৈ গৈছে যদিও মূল মন্দিৰটো প্ৰায় অক্ষত অৱস্থাত আছে৷[3]


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 Parthenon. Academic.reed.edu. Retrieved on 2013-09-04.
  2. 2.0 2.1 The Parthenon. Ancientgreece.com. Retrieved on 2013-09-04.
  3. 3.0 3.1 3.2 "জ্ঞানাঞ্জন". প্ৰান্তিক খণ্ড ৩১শ বছৰ (১৩ শ সংখ্যা): ২৩. ১ - ১৫ জুন ২০১২. 

বাহ্যিক সংযোগ সম্পাদনা কৰক

দৃশ্যশ্ৰাৱ্য সম্পাদনা কৰক