পিয়েৰী ভাৰ্ণিয়াৰ (ইংৰাজী: Pierre Vernier) আছিল এজন ফৰাচী গণিতজ্ঞ আৰু সঁজুলি উদ্ভাৱক। জোখমাখৰ বাবে ব্যৱহাৰ কৰা ভাৰ্ণিয়াৰ স্কেল তেখেতেই আৱিষ্কাৰ কৰিছিল, সেয়েহে তেওঁৰ নামেৰেই স্কেলডালৰ নামকৰণ কৰা হৈছিল।

পিয়েৰী ভাৰ্ণিয়াৰে আৱিষ্কাৰ কৰা ভাৰ্ণিয়াৰ কেলিপাৰ স্কেল

জীৱনী সম্পাদনা কৰক

১৫৮০ চনৰ ১৯ আগষ্টত ফ্ৰান্সৰ অ'ৰনান্সত পিয়েৰী ভাৰ্ণিয়াৰৰ জন্ম হৈছিল। তেখেতে নিজৰ পিতৃৰ পৰা বিজ্ঞান শিক্ষা গ্ৰহণ কৰিছিল। পাছলৈ তেওঁ স্পেইনৰ ৰজাৰ বাবে অ'ৰনান্সৰ অধিপতি আৰু দুৰ্গৰ দুৰ্গাধিপতি হয়।

১৬৩১ চনত ব্ৰুছেলছত তেখেতে তেওঁৰ গ্ৰন্থ "La construction, l'usage, et les propriétés du quadrant nouveau de mathématique" প্ৰকাশ কৰিছিল আৰু শিশুসকলক উৎসৰ্গা কৰিছিল। এই গ্ৰন্থখনত তেখেতে ভাৰ্ণিয়াৰ স্কেলৰ বিষয়ে বৰ্ণনা কৰিছে।[1]

টোকা সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বহিঃসংযোগ সম্পাদনা কৰক