অসমীয়া সমাজব্যৱস্থাত অতীজৰে পৰাই পীৰাৰ বহুল ব্যৱহাৰ দেখিবলৈ পোৱা যায়। এচলা গোটা কাঠৰ পৰাই কাটি-চাঁচি,চাৰিটা খুৰা লগাই পীৰা সজোৱা হয়। সেই পীৰাৰে আধুনিক সংস্কৰণ হৈছে- টুল (stool)। কাৰুকলা,চাৰুকলা,গৃহসজ্জা,অসমীয়া সমাজৰ বিভিন্ন প্ৰথা,পৰম্পৰা,গীতৰ পৰা সাধুকথালৈকে পীৰাৰ স্থান আছে।[1]

পীৰা বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। সেইয়া যথাক্ৰমে-তামোলী পীৰা,ডুখৰি পীৰা,চাকলি পীৰা,চাল পীৰা ইত্যাদি। প্ৰতিবিধ পীৰাৰ আকৃতি সুকীয়া সুকীয়া। সাধাৰণতে বৰপীৰা, তামোলী-পীৰা আৰু ডুখৰি পীৰাবোৰ আয়তাকাৰ, বৰ্গক্ষেত্ৰাকাৰ নতুবা ছয়কোণীয়া হোৱা পৰিলক্ষিত হয়। চাকলি পীৰাবোৰ ঘূৰণীয়া আৰু চালপীৰাবোৰ খুৰা লগোৱা আহল-বহল শুব পৰা ধৰণেৰে নিৰ্মাণ কৰা হয়।[1]

আগৰ দিনত ঘৰলৈ আলহী অতিথি অহাৰ লগে-লগেই পীৰা এখন পাৰি বহুৱাই তামোলৰ বঁটা আগবঢ়াই দিয়া হয়। অসমীয়া সমাজৰ পৰিয়ালসমূহত দৈনন্দিন ভোজন পৰ্বত ঘৰৰ মুৰব্বীয়ে বৰপীৰাত আৰু ঘৰৰ অন্যান্য সদস্যসকলে চাপৰ পীৰাত বহি ভাত খোৱাৰ নিয়ম দেখা যায়। দৈনন্দিন জীৱনৰ বিভিন্ন কামৰ আহিলা হিচাপে 'পীৰা' ব্যৱহিত হৈ আহিছে। উদাহৰণস্বৰূপে:মাছ-শাক বাছোঁতে,যঁতৰত মহুৰা ফুৰাওঁতে,টাকুৰীৰে সূতা কাটোতে,জুহালত ৰন্ধা-বঢ়া কৰোঁতে, কেঁচুৱাক কোলাত লৈ পিয়াহ খুৱাওঁতে, মূৰৰ ওকণি চাওঁতে পীৰাত বহি লোৱা পৰিলক্ষিত হয়।[2]

লোকসংস্কৃতিত ভূমিকা

সম্পাদনা কৰক

অসমীয়া সমাজৰ লোক-বিশ্বাস অনুসৰি জন্মৰ পাঁচ বা ছদিনৰ দিনাখন বিধাতাই শিশুৰ ভাগ্যলিপি লিখিবলৈ আহে বুলি এক ধাৰণা প্ৰচলিত হৈ আহিছে। সেই নিৰ্দিষ্ট দিনৰ ৰাতিৰ ভাগত প্ৰসূতিৰ কোঠাত ধূপ-দীপ-নৈবেদ্য আগবঢ়াই উকা কাকত এখিলা, মহীচুঙা এটি, পাখিকলম এডালেৰে এখন তামোলী পীৰা নতুন গামোচাৰে ঢাকি পূবমুৱাকৈ প্ৰতিষ্ঠা কৰা হয়,আৰু সেই পীৰাত বহিয়েই বিধাতাই বহি অদৃশ্য হাতেৰে ভাল ভাগ্যলিপি লিখি থৈ যায় বুলি বিশ্বাস কৰা হয়। ঠিক তেনেদৰেই সন্তান জন্ম হোৱাৰ এঘাৰ দিনৰ দিনাখন চোতালত তুলসী গছৰ তলত পীৰা এখনত ন গামোচা পাৰি নৱজাতক শিশুটিৰ মাতৃয়ে শিশুটিক 'সূৰ্য দৰ্শন' কৰাই পীৰাখনত শুৱাই থয়। তাৰ পাছত 'জলভয়' আৰু 'অগ্নিভয়' দূৰ কৰাই পীৰাত শুৱাই ৰখা কেঁচুৱাটোৰ ভৰিৰ তলেদি বগৰী জেং তিনিবাৰ সৰকাই জীৱনপথ কাঁইট বিহীন কৰাৰ লোকাচাৰ আজিও প্ৰচলিত হৈ আছে।[1]

তোলনি বিয়া সমূহতো অসমীয়া লোক সংস্কৃতিৰ অন্যতম উপাদান পীৰাৰ গুৰুত্ব আছে। প্ৰথম ঋতুমতী হোৱা কন্যাগৰাকীক মাহ-হালধিৰে নোৱাই, গা ধুৱাবৰ বাবে বেই খনৰ তলতে তামোলী পীৰা পাৰি লোৱাৰ নিয়ম ঠায়ে ঠায়ে প্ৰচলন হৈ আছে। জোৰোণৰ দিনা চাৰি জোপা কলপুলিৰে সজা বেইত মাকে সাতবাৰ প্ৰদক্ষিণ কৰাই চামৰ পীৰাৰ কাষৰ আগলি কলপাত এখিলাত খেৰৰ জুমুঠি দুটা, শিলগুটি এটাত ভৰি দি পূবমুৱাকৈ কইনাক বহুওৱা হয়। দৈয়ন দিয়া পৰ্বতো,শোৱা-কোঠাৰ দুৱাৰমুখতে বৌৱেকহঁতে পীৰা এখনত বহুৱাই কইনা ননন্দেকক পাণখিলাৰে দৈ সানি আনন্দ কৰাৰ নিয়ম প্ৰচলিত হৈ আছে। দৈয়ন দিয়া পৰ্বতো পীৰাৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। দৰা বা কইনাৰ শোৱা কোঠাৰ দুৱাৰমুখত পীৰা এখন পাৰি দৰা বা কইনাক বহিবলৈ দিয়া হয়। কোনো কোনোৱে কইনাক ডাংকোলাকৈ ডাঙি আনি পীৰাত বহুৱাৰ নিয়ম প্ৰচলিত হৈ থকা ঠায়ে ঠায়ে দেখা যায়। আই সবাহটো এখন সৰু তামোলী পীৰা বগা কাপোৰেৰে সজাই আসন প্ৰতিষ্ঠা কৰি এটা ঘটত এঁৱাসূতা আৰু সেন্দূৰৰ ফোট দি থোৱা নিয়ম দেখিবলৈ পোৱা যায়।[3]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 হাকাচাম,ৰাভা,উপেন,ড° :অসমৰ জনজাতীয় সংস্কৃতি
  2. গগৈ, লীলা: অসমৰ সংস্কৃতি, ১৯৮৬
  3. বৰদলৈ, নিৰ্মলপ্ৰভা: অসমৰ লোক-সংস্কৃতি, ১৯৭২