পুষ্পৰাম দাস (ইংৰাজী: Pushparam Das) কামৰূপ জিলাৰ হাজো অঞ্চলৰ এজন মুক্তি যুঁজাৰু৷ তেখেতে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশ লৈ কাৰাবাস পৰ্যন্ত খাটিছিল৷

পৰিচয় সম্পাদনা কৰক

তেখেতৰ জন্ম হয় ১৯০৪ চনত কামৰূপ জিলাৰ হাজোৰ মনাহকুছি অঞ্চলত৷৷ পিতৃৰ নাম ৰজত দাস আৰু মাতৃৰ নাম বানশ্বৰী দাস ৷ দাসৰ ভাতৃৰ নাম নন্দৰাম দাস আৰু পত্নীৰ নাম লাভেশ্বৰী দাস৷ লাভেশ্বৰী দাসৰ সৈতে তেখতেৰ বিবাহ সম্পন্ন হয় ১৯৫২ চনৰ ২৬ মাৰ্চ তাৰিখে৷ ১৯৪২ চনত দাসৰ সৈতে কাৰাবাস খটা এজন বন্ধুৰ নাম আছিল বলোৰাম দাস৷

স্বাধীনতা যুঁজ সম্পাদনা কৰক

তেখেতে ১৯৪২ চনৰ স্বাধীনতা সংগ্ৰামৰ ‘ভাৰত ত্যাগ আন্দোলৰ সময়ছোৱাত কাৰাবাস খাটিছিল৷ তেখেতে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ নিজৰ উচ্চ শিক্ষা পৰ্যন্ত বাদ দিছিল৷ বিষ্ণুৰাম মেধি দাসৰ মোমায়েক আছিল আৰু তেখেতেই দাসক কটন কলেজিয়েট স্কুল, বি. বৰুৱা কলেজ আদিত পঢ়ুৱাইছিল৷ তেখেত কংগ্ৰেছ দলৰ সেৱক ৰূপে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিবলগা হৈছিল৷ আইন অমান্য আন্দোলনৰ সময়ছোৱাত কাৰাগাৰত থাকোতে দাসে চৰকাৰী আইন অমান্য কৰিবলৈকে কাৰাগাৰৰ ভিতৰত থকা এজোপা বেলগছত উঠি আইন অমান্য কৰিছিল৷ মুক্তি যুজাৰু ৰূপে তেখেতে পোৱা তাম্ৰপত্ৰ পায়ো সেয়া প্ৰত্যাখ্যান কৰিছিল৷[1]

সামাজিক কৰ্ম সম্পাদনা কৰক

তেখেতে গাঁৱত পানীৰ অসুবিধা হোৱাত নিজৰ মাটি দি পুখুৰী খন্দাই দিছিল৷ এখন এম.ভি স্কুল প্ৰতিষ্ঠা কৰিছিল৷ শিক্ষক ৰূপে সেৱা আগবঢ়াইছিল৷ শেষলৈ তেখেতে গুৱাহাটীৰ যোগান বিভাগত চাকৰি কৰিছিল৷[1]

মৃত্যু সম্পাদনা কৰক

১৯৯২ চনৰ ২১ জুন তাৰিখে ৪.৩০ বজাত ছাত্ৰীবাৰী মিছন হাস্পতালত তেখেতৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেখেতে তিনিজন পুত্ৰ, একমাত্ৰ কন্যা আৰু পত্নীক এৰি থৈ যায়৷[1]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 সম্পাদকঃ মহেশ মেধি (১৯৯৫). পুষ্পাৰ্ঘ. মুক্তিযোদ্ধা পুষ্পৰাম দাস সোঁৱৰণী সমিতি. পৃষ্ঠা. ৮.