পুৰেন্দ্ৰ প্ৰসাদ শইকীয়া


পুৰেন্দ্ৰ প্ৰসাদ শইকীয়া (Purandra Prasad Saikia) অসমৰ এজন উল্লেখযোগ্য শিশু সাহিত্যিক, ঔপন্যাসিক, কবিৰ লগতে ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ ৷ এতিয়ালৈকে দুশখনৰো সৰু বৰ পুথি প্ৰকাশ কৰিছে৷ ক্ৰীড়া আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে অসম চৰকাৰৰ এককালীন ক্ৰীড়া পেন্সন আৰু সাহিত্যক পেন্সন লাভ কৰিছে৷

পূৰেন্দ্ৰ প্ৰসাদ শইকীয়া
জন্ম ১৯৫০
পেচা সাহিত্যিক, খেলুৱৈ

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

তেখেতৰ জন্ম হয় ১৯৫০ চনৰ ২৪ নৱেম্বৰত, লখিমপুৰ জিলাৰ ঢকুৱাখনা অঞ্চলৰ শিঙ্গীয়া গাঁৱত৷ পিতৃৰ নাম গগনচন্দ্ৰ শইকীয়া আৰু মাতৃ লভিতা শইকীয়া৷ তেখেতে ঘিলামৰা হাইস্কুলৰপৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়৷ ১৯৭২ চনত প্ৰাইভেটকৈ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ তেওঁ নৰ্থ বেঙ্ক কলেজত স্নাতক শিক্ষা লাভ কিৰিছিল আৰু ১৯৭৭ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ পৰৱৰ্তী সময়ত ধেমাজি জলসিঞ্চন সংমণ্ডলত চাকৰিত মকৰল হয়৷

প্ৰকাশিত সাহিত্যৰাজি সম্পাদনা কৰক

উপন্যাস সম্পাদনা কৰক

  • দূৰ নক্ষত্ৰৰ পোহৰ, অৰ্পনা ট্ৰেডাচ্‌, নলবাৰী, ১৯৭৬ চন
  • আহত পখীৰ ক’ত, কামাখ্যা বুকষ্টল, গুৱাহাটী, ১৯৭৭ চন
  • জুই জ্বলে হৃদয়ত, গোঁহাই বুক ডিপু, ধেমাজি, ১৯৮৪ চন
  • যুদ্ধযাত্ৰা পৰ্ব, গোঁহাই বুক ডিপু, ধেমাজি, ১৯৮৫ চন
  • পাখিলগা গাভৰুৰ মন, ধেমাজি বুক ষ্টল, ধেমাজি, ১৯৯৬ চন
  • প্ৰতিমাক পালানে পৰাণ, বনলতা, গুৱাহাটী, ১৯৯৭ চন[1]
  • হিয়াৰ পখিলাজনী, ধেমাজি বুকষ্টল, ধেমাজি, ২০০০ চন
  • প্ৰিয়জনৰ পৰশ, কিৰণ প্ৰকাশন, ধেমাজি, ২০০২ চন
  • কামনাৰ ইন্দ্ৰজাল, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৩ চন
  • মৰম নিগৰি বয়, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৪ চন
  • হৃদয় গলে আৰু জ্বলে, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৪ চন
  • দেউতাৰ মিঠা মাতবোৰ, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৫ চন
  • বিস্ময় মানৱ ভলকান, কিৰণ প্ৰকাশন, ধেমাজি, ২০১০ চন
  • প্ৰিয় বান্ধৱী তোমালৈ, বনলতা, পাণবজাৰ, গুৱাহাটী, ২০১০ চন [2]
  • মধুময় জীৱনৰ সঙ্গী, সৰস্বতী প্ৰকাশন, গোলাঘাট, ২০১২ চন

জীৱনী পুথি সম্পাদনা কৰক

  • কুণ্ডিল জীয়াৰী, অমৃত প্ৰকাশ, ১৯৮৭ চন
  • ৰাণী সাধনীৰ কাহিনী, চন্দ্ৰ চুতীয়া, ধেমাজি, ১৯৮৮ চন
  • নোবেল বিজয়ী ভাৰতীয়, ধেমাজী বুক ষ্টল, ধেমাজি, ১৯৯৯ চন
  • ভাৰতৰ ৰাষ্ট্ৰপতি, ধেমাজী বুক ষ্টল, ধেমাজি, ১৯৯৯ চন
  • সুন্দৰ জীৱন সাধনাৰ ফল, কিতাপ সমলয়, গুৱাহাটী, ২০১৭ চন
  • কোনে কেনেকৈ খ্যাতি লভিলে, কিতাপ সমলয়, গুৱাহাটী, ২০১৮ চন
  • সৌভাগ্য জনা আৰু লাভৰ উপায়,কুঞ্জলতা প্ৰকাশন, গুৱাহাটী, ২০১৮ চন
  • শাক পাচলিত ঔষধি গুণ, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৯ চন

ইতিহাসমূলক গ্ৰন্থ সম্পাদনা কৰক

  • চুতীয়াৰ ইতিহাস আৰু সংস্কৃতি, কিৰণ প্ৰকাশন, ধেমাজি, ২০১১ চন
  • ৰাজকুমাৰী সাধনী, কিতাপ সমলয়, গুৱাহাটী, ২০১৮ চন
  • বৃহৎ চুতীয়া বুৰঞ্জী, কুঞ্জলতা প্ৰকাশন, গুৱাহাটী, ২০১৮ চন

কবিতা পুথি সম্পাদনা কৰক

  • ৰথৰ চকৰি ঘূৰে, চিৰিলুইত প্ৰকাশন, ধেনুখনা, ১৯৮১ চন
  • চতুৰঙ্গী খোজৰ শব্দ, জননী প্ৰকাশন, ধেমাজী, ১৯৮১ চন

শিশু সাহিত্য সম্পাদনা কৰক

  • আই তুমি হাঁহি থাকিবা, গগণ পৰিয়াল, ঢকুৱাখানা, ২০১২ চন
  • মহাভাৰতৰ সাধু, ডি, ডি, পাব্লিকেচন, গুৱাহাটী, ২০১২ চন
  • বিহু কুঁৱৰী সাধু, ডি, ডি, পাব্লিকেচন, গুৱাহাটী, ২০১২ চন
  • হাঁহিচম্পা অপেশ্বৰীৰ সাধু, ডি, ডি, পাব্লিকেচন, গুৱাহাটী, ২০১২ চন
  • ময়ুৰ পক্ষীৰ সাধু, ডি, ডি, পাব্লিকেচন, গুৱাহাটী , ২০১৩ চন
  • জল কুঁৱৰীৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১২ চন
  • ঈছপৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১২ চন
  • জ্ঞানৰ গুপুত সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৩ চন
  • ভিন্ন ৰসৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৩ চন
  • মৌ কুঁৱৰীৰ সাধু, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৩ চন
  • বিনন্দীয়া পক্ষীৰ বিচিত্ৰতা, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৩ চন
  • অকণিৰ ৰামায়ণ, ডি, ডি, পাব্লিকেচন, গুৱাহাটী, ২০১৩ চন
  • হাবুঙীয়া সাধু, ডি, ডি, পাব্লিকেচন, গুৱাহাটী, ২০১৪ চন
  • বুঢ়া আৰু বান্দৰ, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৪ চন
  • সফল সাধনা লাভ, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৪ চন
  • পিতৃ-মাতৃৰ গৌৰৱ, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৪ চন
  • ৰুক্মিণী আখ্যান, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৫ চন
  • ৰাজকুমাৰ এণ্ডাৰচনৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৫ চন
  • দুষ্মন্ত-শকুন্তলা কাহিনী, কিতাপ সমলয়, গুৱাহাটী, ২০১৫ চন
  • টিপচী চৰাইৰ সাধু (বঁটা প্ৰাপক), কিতাপ সমলয়, গুৱাহাটী, ২০১৬ চন
  • বনে বনে বনৰজাৰ সাধু, স্বাগতা প্ৰকাশন,গুৱাহাটী, ২০১৬ চন
  • ভূত ঐ ভূত, কুঞ্জলতা প্ৰকাশন, গুৱাহাটী, ২০১৭ চন
  • মুনমুনৰ সাধু, কিতাপ সমলয়, গুৱাহাটী, ২০১৭ চন
  • ৰঘুমলা ফুলৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৭ চন
  • মাছমৰীয়া আৰু নাগকন্যাৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৭ চন
  • জলকন্যাৰ সাধু, কিতাপ সমলয়, গুৱাহাটী, ২০১৮ চন
  • পুৰস্কাৰ বিজয়ী ৰজা-ৰাণীৰ সাধু, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৯ চন
  • সাধুৰ টোপোলা, ধেমাজি বুকষ্টল, ধেমাজি, ১৯৯৩ চন
  • মইনাৰ সাধু, ধেমাজি বুকষ্টল, ধেমাজি, ১৯৯৪ চন
  • অৰুণাচলৰ সাধু, ধেমাজি বুকষ্টল, ধেমাজি, ১৯৯৫ চন
  • বেজালি সাধুৰ সোৱা, ভট্টাচাৰ্য এজেন্সি, ডিব্ৰুগড়, ১৯৯৭ চন
  • হৰি ভক্তিৰ সাধু, ধেমাজি বুকষ্টল, ধেমাজি, ১৯৯৮ চন
  • ধুনীয়া ধুনীয়া সাধু, বনলতা, পাণবজাৰ, গুৱাহাটী, ১৯৯৯ চন
  • ভূত-ভূতনীৰ সাধু, বনলতা, পাণবজাৰ, গুৱাহাটী, ১৯৯৯ চন
  • কুণ্ডিলৰ সাধু, ধেমাজি বুক ষ্টল, ১৯৯৯ চন
  • মৎস্য আৰু পক্ষীৰাজৰ সাধু, ধেমাজি বুক ষ্টল,১৯৯৯ চন
  • সোণমাহীৰ সাধু, ধেমাজি বুক ষ্টল, ১৯৯৯ চন
  • সোণ-জানৰ সাধু, ধেমাজি বুক ষ্টল, ১৯৯৯ চন
  • বনকুঁৱৰী কৰ্ছনদেৱীৰ সাধু, ধেমাজি বুক ষ্টল, ২০০২ চন
  • আজো ককা দিনৰ সাধু, ধেমাজি বুক ষ্টল, ২০০২ চন
  • দুষ্টৰ সঙ্গ নলবা, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৬ চন
  • সাতভনীৰ ৰূপ কথা, বনলতা, পাণবজাৰ, ২০০৭ চন
  • সৎ উপদেশৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০০৮ চন
  • মহৰ্ষি টলষ্টয়ৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০০৮ চন
  • বগীবিলৰ সাধু, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৮ চন
  • ৰামায়ণৰ ৰসাল সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০০৯ চন
  • বিষ্ণু অৱতাৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০০৯ চন
  • ভূতৰ সাধু, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০০৯ চন
  • মহাভাৰতৰ আদি কথা, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১০ চন
  • কণমানিহঁতৰ সাধু, শিৰামণি প্ৰকাশন, গুৱাহাটী, ২০১০ চন
  • সোৱাদ লগা সাধু, জাৰ্ণেল এম্পৰিয়াম, গুৱাহাটী, ২০১০ চন
  • অসমৰ বীৰ-বীৰাঙ্গনী, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০০ চন
  • শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু প্ৰতিভা, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০১ চন
  • সৰ্বোত্তম বঁটা বিজয়ী অসমীয়া, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০৬ চন
  • মহাত্মা গান্ধীৰ জীৱনী, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০০৯ চন
  • জৱাহৰলাল নেহৰুৰ জীৱনী, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০০৯ চন
  • বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনালেখ্য, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৯ চন
  • অৰ্জুন ভোগেশ্বৰ বৰুৱা, কিৰণ প্ৰকাশন, ধেমাজি , ২০০৯ চন
  • জ্যোতিপ্ৰসাদ আগৰৱালা জীৱন-প্ৰতিভা, কিৰণ প্ৰকাশন, ধেমাজি, ২০১০ চন
  • মহৎ লোকৰ জীৱনী, জাৰ্ণেল এম্পৰিয়াম, গুৱাহাটী, ২০১০ চন
  • ভাৰতৰ প্ৰধানমন্ত্ৰী, কিৰণ প্ৰকাশন, ধেমাজি, ২০১১ চন
  • বৰেণ্য ব্যক্তিসকল, কিৰণ প্ৰকাশন, ধেমাজি, ২০১১ চন
  • মাধৱদেৱৰ জীৱন আৰু কৃতী, জাগৰণ সাহিত্য প্ৰকাশ, গুৱাহাটী, ২০১১ চন
  • শংকৰদেৱৰ জীৱনী, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১১ চন
  • অসম বীৰৰ চানেকি, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১২ চন
  • লাচিত বৰফুকন, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১২ চন
  • আনন্দৰাম বৰুৱা, সৰস্বতী প্ৰকাশন, গোলাঘাট, ২০১২ চন
  • ভূপেন হাজৰিকা, সৰস্বতী প্ৰকাশন, গোলাঘাট, ২০১২ চন
  • মাধৱদেবৰ জীৱনী, দত্ত প্ৰকাশন, উত্তৰ লক্ষীমপুৰ, ২০১২ চন
  • বিংশ শতিকাৰ বিশিষ্ট সাহিত্যিকৰ জীৱনী, কিৰণ প্ৰকাশন, ধেমাজি, ২০১২ চন
  • একবিংশ শতিকাৰ প্ৰসিদ্ধ অসমীয়া সাহিত্যিক কিৰণ প্ৰকাশন, ধেমাজি, ২০১৩ চন
  • বিশ্বশ্ৰেষ্ঠা ভাৰতীয় মহিয়সী, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৩ চন
  • বিশ্ব বিশ্ৰুত গণিতজ্ঞসকল, বি.এচ.কে. প্ৰকাশন, গুৱাহাটী, ২০১৩ চন
  • বিশ্ববিখ্যাত সাহিত্যিকৰ জীৱনী, বি.এচ.কে. প্ৰকাশন, গুৱাহাটী, ২০১৩ চন
  • লক্ষ্মীনাথ বেজবৰুৱা, কিতাপ সমলয়, গুৱাহাটী, ২০১৩ চন
  • ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৪ চন
  • শংকৰদেৱ, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৪ চন
  • বিশ্ববিখ্যাত বিজ্ঞানী, কিৰণ প্ৰকাশন, ধেমাজি, ২০১৪ চন
  • মহামানৱৰ মহা জীৱনী , সৰস্বতী প্ৰকাশন, গোলাঘাট, ২০১৪ চন
  • মহাকবি কালিদাস, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০১৫ চন
  • অসমৰ মুখ্যমন্ত্ৰীসকল, এম, আৰ প্ৰকাশন, গুৱাহাটী, ২০১৫ চন
  • স্বামী বিবেকানন্দ, কিতাপ সমলয়, গুৱাহাটী, ২০১৫ চন
  • বিশ্ববৰেণ্য ব্যক্তি, কিতাপ সমলয়, গুৱাহাটী, ২০১৬ চন
  • মাদাৰ টেৰেছা, কিতাপ সমলয়, গুৱাহাটী, ২০১৬ চন
  • ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ, কিতাপ সমলয়, গুৱাহাটী, ২০১৬ চন
  • মহীয়সী অসমীয়া ৰমণী, কিতাপ সমলয়, গুৱাহাটী, ২০১৬ চন
  • অসম সাহিত্যসভাৰ সভাপতিসকল এম.আৰ প্ৰকাশন, গুৱাহাটী, ২০১৭ চন
  • অসম সাহিত্যসভাৰ প্ৰধান সম্পাদকসকল, কলিতা বুক ষ্টল, গোগামুখ, ২০১৭ চন
  • পদ্মনাথ গোহাঞিবৰুৱা, কিতাপ সমলয়, গুৱাহাটী, ২০১৭ চন
  • ড॰ ৰাজেন্দ্ৰ প্ৰসাদ, কিতাপ সমলয়, গুৱাহাটী, ২০১৭ চন
  • কৃষ্ণকান্ত সন্দিকৈ, কিতাপ সমলয়, গুৱাহাটী, ২০১৭ চন
  • নেতাজী সুভাষ চন্দ্ৰ বসু, কুঞ্জলতা প্ৰকাশন, গুৱাহাটী, ২০১৮ চন
  • মৌলানা আবুল কালাম আজাদ, কিতাপ সমলয়, গুৱাহাটী, ২০১৮ চন
  • মহৎ ব্যক্তিৰ জীৱনী, স্বাগতা প্ৰকাশন, ২০১৮ চন
  • ভাৰতৰ ৰাষ্ট্ৰপতি, কিতাপ সমলয়, গুৱাহাটী, ২০১৭ চন
  • ভাৰতৰ প্ৰধানমন্ত্ৰী, গুৱাহাটী, ২০১৮ চন

সম্পাদনা আৰু সংগ্ৰহ সম্পাদনা কৰক

  • ‘এনবিয়ান’ নৰ্থবেঙ্গ কলেজ মুখপত্ৰ, একাদশ সংখ্যা, ১৯৭৬-৭৭ চন
  • এপলক [কবিতা পুথি], জননী প্ৰকাশন, ধেমাজি , ১৯৮২ চন
  • মিৰি মিগাৰ, জননী প্ৰকাশন, ধেমাজি, ১৯৮২ চন
  • আগন্তুক ভূমিকম্প সংঘাট আৰু সংশয়, অনুসন্ধান প্ৰকাশন, ১৯৮৭ চন
  • মি মিমাক, জননী প্ৰকাশন, ধেমাজি, ১৯৮৭ চন
  • অকণিৰ নিৰ্বাচিত কুইজ, ধেমাজি বুক ষ্টল, ধেমাজি, ১৯৯৪ চন
  • মহাপ্ৰলয়, জননী প্ৰকাশন, ধেমাজি, ১৯৯৫ চন
  • এনবিয়ান-নৰ্থবেঙ্ক কলেজৰ একাদশ সংখ্যা মুখপত্ৰ সম্পাদনা, ১৯৭৭ চন
  • বিহু বিহু লাগিছে গাত, বনলতা, পাণবজাৰ, গুৱাহাটী, ১৯৯৭ চন
  • হাঁহি আৰু হাঁহক (বিহুগীত সংগ্ৰহ),বনলতা, পাণবজাৰ, গুৱাহাটী, ১৯৯৭ চন
  • বুনিয়াদী ধাৰাপাত(প্ৰথম), ধেমাজি বুক ষ্টল, ধেমাজি, ১৯৯৯ চন
  • সোণসিৰি (স্মৃতি গ্ৰন্থ), ধেমাজি জিলা চুতীয়া জাতি সন্মিলন, ১৯৮৪ চন
  • কোনে কেনেকৈ খ্যাতি লভিছিল, কিতাপ সমলয়, ২০১৮ চন
  • ৰাজকুমাৰী সাধনী, কিতাপ সমলয়, ২০১৮ চন
  • চৰ্দাৰ বল্লভ ভাই পেটেল, কিতাপ সমলয়, ২০১৮ চন
  • গোপীনাথ বৰদলৈ, কিতাপ সমলয়, ২০১৮ চন
  • অটল বিহাৰী বাজপেয়ী, কিতাপ সমলয়, ২০১৮ চন
  • স্বহীদ কনকলতা বৰুৱা, কিতাপ সমলয়, ২০১৮ চন
  • তৰুণৰাম ফুকন, কিতাপ সমলয়, ২০১৮ চন
  • ৰজা ৰত্নধ্বজ, কিতাপ সমলয়, ২০১৮ চন
  • বিশ্বৰ মহান ব্যক্তি, স্বাগতা পাব্লিকেচন, ২০২০ চন

অন্যান্য সম্পাদনা কৰক

  • সপোনৰ ফলাফল বিচাৰ আৰু অন্যান্য, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০০ চন
  • সাঁথৰ টোপোলা, ভট্টাচাৰ্য এজেঞ্চি, ডিব্ৰুগড়, ২০০১ চন
  • নিৰ্বাচিত কুইজ, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০৩ চন
  • মহৎ লোকৰ অমৰবাণী, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০৬ চন
  • ফকৰা যোজনাত মানুহৰ চৰিত্ৰ বিচাৰ, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০৬ চন
  • স্যমন্তক হৰণ, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০৬ চন
  • গুপ্তমণি, ধেমাজি বুক ষ্টল, ধেমাজি, ২০০৬ চন
  • সাঁথৰ ভাঙো আহা, বনলতা, পাণবজাৰ, গুৱাহাটী, ২০০৭ চন
  • জানানে (২) স্মৰণীয় দিনবোৰ, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৭ চন
  • কিৰণ প্ৰকাশনৰ অমূল্য গ্ৰন্থ, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৭ চন
  • বৰগীত, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৮ চন
  • ক্ৰিকেট, খেল-খেলুৱৈ আৰু কুইজ, বনলতা, পাণবজাৰ, গুৱাহাটী, ২০০৮ চন
  • সুবলিত গ্ৰন্থ কানন, কিৰণ প্ৰকাশন, ধেমাজি, ২০০৯ চন
  • গুণমালা, ৰেখা প্ৰকাশন, গুৱাহাটী, ২০০৯ চন
  • ‘চুমা’ তিনিমহীয়া কবিতা আলোচনী সম্পাদনা কৰা হয়, পিছত ‘ফিৰিঙতি’ নামেৰে প্ৰকাশ পায়, ১৯৮১-৮৩ চন
  • ‘সীমান্ত সংবাদ’ ধেমাজিৰ পৰা প্ৰকাশ পোৱা পষেকীয়া, কাকতখনৰ দুটা সংখ্যা সম্পাদনা কৰা হয়, ১৯৯১-৯২ চন
  • বিহুগীত সম্ভাৰ[বিহুগীত সংগ্ৰহ পুথি], এম,আৰ পাব্লিকেচন, গুৱাহাটী, ২০১৭ চন
  • সপোনৰ ফলাফল বিচাৰ[৪১্থঃযপ্তমযষষ্ঠ প্ৰকাশ], কিতাপ সমলয়, গুৱাহাটী, ২০১৭ চন
  • সৌভাগ্য জনা আৰু লাভৰ উপায় কুঞ্জলতা প্ৰকাশন, গুৱাহাটী, ২০১৮ চন
  • শাক পাচলিৰ ঔষধি গুণ, ৰেখা প্ৰকাশন,২০১৯ চন

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • ২০১৪ চনত সুৰেন্দ্ৰ নাথ গগৈ সোঁৱৰণী বঁটা
  • ২০১৫ চনত অনন্তধন বঁটা (বৰপেটা)
  • অসম চৰকাৰৰ সাহিত্যিক পেন্সন

তথ্যসূত্ৰ সম্পাদনা কৰক