পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰ

পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰ বা পৰমাণৱিক বজাৰ (ইংৰাজী: Perfect competition) এনে এক বজাৰ য'ত উৎপাদক আৰু উপভোক্তা দুয়োৱে মূল্য গ্ৰাহক: অৰ্থাৎ দুয়োৱে বজাৰ মূল্যক দিয়া হোৱা বুলি স্বীকাৰ কৰি নিজৰ নিৰ্ণয় গ্ৰহণ কৰে। আন শব্দত, পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰত কোনো নিৰ্ণয় গ্ৰহণকাৰীৰেই বজাৰ শক্তি নাথাকে। এই চৰ্তৰ পূৰ্তিৰ বাবে কেইবাটাও আদৰ্শ চৰ্ত আৰোপ কৰা হয়, যাৰ সমষ্টিকে পূৰ্ণ প্ৰতিযোগিতা বোলা হয়। তাৰে এটি গুৰুত্বপূৰ্ণ ধাৰণা হ'ল যে বজাৰত বৃহৎ সংখ্যক বিক্ৰেতা আৰু বৃহৎ সংখ্যক ক্ৰেতা আছে। এই ধাৰণাই পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰক একচেটীয়া বজাৰৰ বিপৰীত কৰি তুলে।

এই বজাৰৰ সাম্যাৱস্থা, কিছু বহল চৰ্তৰ পূৰ্তিত, সদায় অস্তিত্বত থাকে। তদুপৰি, এই সাম্যাৱস্থা দক্ষ, পাৰেট' ইষ্টত্ব আৰু উৎপাদন দক্ষতা, উভয় ধাৰণাৰে। পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰত উৎপাদন সদায় সেই বিন্দুলৈকে হয় যেতিয়া প্ৰান্তিক ব্যয় মূল্য, বা গড় ৰাজহৰ সমান হয়। এই সত্যই বিক্ৰেতাৰ যোগান ৰেখা নিৰ্ণিত কৰে। ইয়াৰ বিপৰীতে, একচেটীয়া বজাৰত উৎপাদকৰ যোগান বক্ৰ সংজ্ঞায়িত কৰা অসম্ভৱ, কাৰণ তাত উৎপাদকে নিজৰ নিৰ্ণয় গ্ৰহণ কৰোঁতে উপভোক্তাৰ চাহিদাকো উপাদান গণ্য কৰে, আৰু সেয়ে বিশেষ কোনো মূল্যত বিভিন্ন পৰিস্থিতিত ভিন ভিন পৰিমাণ যোগান ধৰিব পৰা যায়। হ্ৰস্বম্যাদত পূৰ্ণ প্ৰতিযোগিতা উৎপাদন দক্ষ নহয়, কাৰণ এনে অৱস্থাত প্ৰান্তিক ব্যয় আৰু গড় ব্যয় সমান নহ'বও পাৰে। দীৰ্ঘম্যাদত পূৰ্ণ প্ৰতিযোগিতাত মুক্ত প্ৰৱেশ আৰু মুক্ত প্ৰস্থান সন্তুষ্ট হয়, সেয়ে নতুন বিক্ৰেতাৰ প্ৰৱেশে মূল্য (আৰু প্ৰান্তিক ব্যয়ক) কমাই নিম্নতম দীৰ্ঘম্যাদী গড় ব্যয়ৰ সমান কৰি তুলে। আন হাতে, যদি মূল্য ইতিমধ্যে গড় ব্যয়তকৈ কম, তেন্তে বিক্ৰেতাৰ প্ৰস্থানে মূল্য বৃদ্ধি কৰি দীৰ্ঘম্যাদী গড় ব্যয়ৰ সমান কৰি তুলে।

উনৈশ শতিকাৰ ফঁৰাচী অৰ্থনীতিবিদ লিয়ন ৱালৰাছে পোণপ্ৰথমে পূৰ্ণ প্ৰতিযোগিতাৰ সংজ্ঞা প্ৰদান কৰিছিল। ১৯৫০ৰ দশকত কেনেথ এৰ' আৰু জেৰাৰ্ড ডিব্ৰিৱে এই বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ কথা প্ৰমাণ কৰিছিল। এডৱাৰ্ড চেম্বাৰ্লিন আৰু জৱান ৰবিনছনে পূৰ্ণ প্ৰতিযোগিতাৰ চৰ্তসমূহৰ আংশিক অপূৰ্তিক অধ্যয়ন কৰিছিল। পূৰ্ণ প্ৰতিযোগিতা আৰু একচেটীয়া বজাৰৰ মাজতে স্বল্প বিক্ৰেতাৰ বজাৰ, একাধিকাৰ প্ৰতিযোগিতা বজাৰ আদি আহে।

চৰ্তসমূহসম্পাদনা কৰক

পুৰ্ণ প্ৰতিযোগিতাৰ মুখ্য যৰ্ত হ'ল মূল্য গ্ৰহণ। এই চৰ্ত পূৰ্তিৰ বাবে কেইবাটাও চৰ্ত পূৰ্ণ হ'ব লাগে। এই চৰ্তসমূহে উমৈহতীয়াকৈ এই কথা নিশ্চিত কৰা যে বজাৰত কোনো নিৰ্ণয় গ্ৰহণকাৰীৰেই মূল্য নিৰ্ধাৰণৰ শক্তি নাই।[1] তলত সততে উদ্ধৃত এনে চৰ্তৰ তালিকা প্ৰদান কৰা হৈছে।

  • পূৰ্ণ প্ৰতিযোগিতাত প্ৰত্যেক উৎপাদক আৰু প্ৰত্যেক উপভোক্তা মূল্য গ্ৰাহক: অৰ্থাৎ, প্ৰত্যেকে বজাৰ মূল্য দিয়া হোৱা বুলি ধৰি লয়, সেই মূল্য সলাব পৰা নাযায় বুলি বিশ্বাস কৰে, সেই মূল্য সলাবলৈ যত্ন নকৰে আৰু সেই বিশ্বাস মতেই উৎপাদন বা উপভোগ কৰিবলগীয়া পৰিমাণ নিৰ্ণয় কৰে।[2]
  • বৃহৎ সংখ্যক বিক্ৰেতা আৰু ক্ৰেতা এই বজাৰত থাকে,[3] সেয়ে কোনো বিক্ৰেতা আৰু ক্ৰেতা দামদৰ কৰাৰ অৱস্থাত নাই। যদি বজাৰ মূল্যতকৈ কম কোনো ক্ৰেতাই দিব বিচাৰে, তেন্তে আন ক্ৰেতাই অধিক দাম দি পণ্যটো কিনি ল'ব আৰু সেই ক্ৰেতা খালী হাতেৰে ঘুৰি আহিব লাগিব। ঠিক তেনেদৰে, যদি কোনো বিক্ৰেতাই বজাৰ মূল্যতকৈ অধিক দাম বিচাৰে, সেই বিক্ৰেতা পণ্য বিক্ৰী নকৰাকৈয়ে গুচি আহিব লাগিব কাৰণ আন বিক্ৰেতাই বজাৰ মূল্যত পণ্যটো বিক্ৰী কৰি দিব।
  • এই বজাৰত সকলো বিক্ৰেতাই সমতুল্য পণ্য বিক্ৰী কৰে, অৰ্থাৎ এটি বিক্ৰেতা আৰু আন এটি বিক্ৰেতাই বিক্ৰি কৰা বস্তুৰ মাজত কোনো পাৰ্থক্য নাই। সেইবাবে, কোনো বিক্ৰেতাই অধিক দাম বিচাৰিলে সম্পূৰ্ণ ৰূপে একেই পণ্য আন বিক্ৰেতাৰ পৰা ক্ৰয় কৰিব পৰা যায়।[4]
  • সকলো উৎপাদক আৰু উপভোক্তা যুক্তিসংগত: অৰ্থাৎ তেওঁলোকৰ পচন্দ সঠিকভাৱে সংজ্ঞায়িত আৰু তেওঁলোকে সেই পচন্দৰ মতেই নিৰ্ণয় গ্ৰহণ কৰে।[5]
  • এই বজাৰত কোনো বাহ্যিকতা নাই, অৰ্থাৎ, পণ্যটোৰ উৎপাদনৰ সকলো খৰচ উৎপাদকটোৱেই ভৰে আৰু উপভোগৰ সকলো উপযোগিতা উপভোক্তাজনেই লাভ কৰে।[6] উদাহৰণ স্বৰূপে, যদি চাবোন উৎপাদন কৰোঁতে ওচৰৰ নদীখন প্ৰদূষিত হয়, আৰু তাৰ বাবে নদীখনৰ মাছবোৰ মৰি থাকে, মাছমৰীয়াৰ লোকচান হয়, কিন্তু চাবোন উৎপাদকে তাৰ বাবে কোনো ব্যয় কৰিবলগীয়া নহয়, তেন্তে সেই বজাৰ পূৰ্ণ প্ৰতিযোগিৰাৰ বজাৰ নহয়। আন হাতে, যদি উৎপাদকে মাছমৰীয়াক নদী প্ৰদূষিত কৰিবলৈ, বা মাছমৰীয়াই উৎপাদকক নদী প্ৰদূষিত নকৰিবলৈ দাম দিবলগীয়া হয়, তেন্তে দুয়োখন বজাৰেই পূৰ্ণ প্ৰতিযোগিতা হ'ব পাৰে।
  • এই বজাৰত সম্পত্তিৰ অধিকাৰ সুসংজ্ঞায়িত: অৰ্থাৎ কি বস্তু কাৰ, সেই কথাত কোনো দ্বিমত নাথাকে। ওপৰৰ উদাহৰণত, বাহ্যিকতা আছিল কাৰণ নদীখনত প্ৰদূষণ কৰাৰ অধিকাৰ কাৰ, সেই কথা সুসংজ্ঞায়িত নাছিল। কিন্তু যেতিয়া আমি সম্পত্তিৰ অধিকাৰ সুসংজ্ঞায়িত কৰি দিললোঁ, এই বুলি কৈ যে মাছমৰীয়াৰ প্ৰদূষণবিহীন নদীৰ পানীৰ পূৰ্ণ অধিকাৰ আছে (যাৰ বাবে চাবোন উৎপাদকে প্ৰদূষণ কৰাৰ অধিকাৰ দাম দি মাছমৰীয়াৰ পৰা কিনিবলগীয়া হয়) বা এই বুলি কৈ যে চাবোন উৎপাদকৰ নদীখন প্ৰদূষিত কৰাৰ পূৰ্ণ অধিকাৰ আছে (যাৰ বাবে মাছমৰীয়াই উৎপাদকক প্ৰদূষণ নকৰিবলৈ দাম দিবলগীয়া হয়), দুয়ো ক্ষেত্ৰতে আমি পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰ পাওঁ।
  • এই বজাৰত প্ৰৱেশ আৰু প্ৰস্থানত কোনো বাধা নাই।[7]
  • ক্ৰয়-বিক্ৰয় বিনামূল্যে কৰিব পৰা যায়।[8] উদাহৰণ স্বৰূপে, যদি প্ৰত্যেক একক চাবোন কিনিবলৈ ডেবিট কাৰ্ডত ১০% মাচুল দিবলগীয়া হয়, তেন্তে সেই বজাৰ পূৰ্ণ প্ৰতিযোগিতা নহয়। কিন্তু ০% মাচুল দিবলগীয়া হ'লে ই পূৰ্ণ প্ৰতিযোগিতা হ'ব পাৰে।
  • উৎপাদনৰ উপাদান বিনা খৰচত এটি প্ৰয়োগৰ পৰা আন প্ৰয়োগলৈ লৈ যাব পৰা যায়। উদাহৰণ স্বৰূপে, শ্ৰমে নতুন কাম বিচাৰিবলৈ নগণ্য সময় লাগে। আন হাতে, যদি চাকৰি এৰাৰ পাছত ৩ মাহৰ পাছতহে শ্ৰমে নতুন চাকৰি পাব পাৰে, তেন্তে ই পূৰ্ণ প্ৰতিযোগিতা নহয়।

আংশিক সাম্যাৱস্থাসম্পাদনা কৰক

পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰত বিক্ৰেতা আৰু ক্ৰেতা দুয়োৱে বৃহৎ সংখ্যাত উপস্থিত, সেয়ে প্ৰত্যেক নিৰ্ণয়কৰ্তাই মূল্যক দিয়া হোৱা বুলি জ্ঞান কৰে আৰু সেই বিশ্বাসেৰেই নিৰ্ণয় গ্ৰহণ কৰে।

উপভোক্তাসম্পাদনা কৰক

পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰত উপভোক্তা পৰমাণৱিক আৰু সেয়েহে বজাৰ মূল্যক অচল জ্ঞান কৰি নিজৰ উপযোগিতা বৃহদায়িত কৰিবলৈ নিৰ্ণয় গ্ৰহণ কৰে।[9] আংশিক সাম্যাৱস্থা বিশ্লেষণৰ বাবে আমি কেৱল এটি পণ্যৰ বজাৰক অধ্যয়ন কৰোঁ।[10] সেয়ে, ধৰি লওক যে উপভোক্তাৰ উপযোগিতা ফলন  , য'ত   পণ্যটোৰ পৰিমাণ আৰু   "ধন"ৰ পৰিমাণ: ই যিকোনো পণ্য যাৰ তুলনাত আন পণ্য়ৰ মূল্য নিৰ্ধাৰণ কৰা হয়। ইয়াক numeraire বোলা হয়।[11] ধৰি লওক পণ্যটোৰ মূল্য   আৰু উপভোক্তাৰ আয়  । তেন্তে, উপভোক্তাৰ বাজেট বাধ্যবাধকতা হ'ল:  । সাধাৰণতে ধৰি লোৱা হয় যে   কঠোৰভাৱে বৰ্ধমান আৰু অৱতল। সেয়ে উপযোগিতা বৃহদায়ন তেতিয়াহে হ'ব যেতিয়া  । সেয়ে উপভোক্তাৰ লাগ্ৰাঞ্জিয়ান হ'ল:

 
ইয়াক বৃহদায়িত কৰি আমি পাওঁ:

 
 
 
সেয়ে, সাম্যাৱস্থাত যদি   পৰিমাণৰ চাহিদা আছে, তেন্তে:[12]

 
অৰ্থাৎ, উপভোক্তাই সেই পৰিমাণ উপভোগ কৰে যি পৰিমাণৰ প্ৰান্তিক উপযোগিতা পণ্যটোৰ বজাৰ মূল্যৰ সমান। এই অৱস্থাক উপভোক্তাৰ সাম্যাৱস্থা বোলা হয়। ওপৰৰ সমীকৰণৰ দুয়ো ফাল  ৰে অৱকলিত কৰি আমি পাওঁ:

 
সেয়ে, মূল্য বৃদ্ধি হ'লে চাহিদাৰ পৰিমাণ হ্ৰাস পায়।  ক চাহিদা ফলন বোলা হয়, আৰু ওপৰৰ ফলৰ বাবে, ই কঠোৰভাৱে হ্ৰাসমান।

উৎপাদক (হ্ৰস্বম্যাদী)সম্পাদনা কৰক

 
হ্ৰস্বম্যাদত উৎপাদকৰ লাভৰ চিত্ৰ

হ্ৰস্বম্যাদী পৰ্যবেক্ষণত আমি দেখিম যে বিক্ৰেতাৰ সংখ্যা স্থায়ী, কাৰণ কম সময়ত বেপাৰ বন্ধ কৰা বা আৰম্ভ কৰা সম্ভৱ নহয়। এনে হয় সেই কাৰ্যৰ স্থায়ী ব্যয়ৰ বাবে। ধৰি লওক উৎপাদকৰ ব্যয় ফলন  , যি কঠোৰভাৱে বৰ্ধমান আৰু উত্তল।   স্থায়ী ব্যয় আৰু   চলক ব্যয়। তেন্তে, যদি পণ্যটোৰ বজাৰ মূল্য  , উৎপাদকৰ লাভ ফলন:

 
বৃহদায়িত কৰিলে আমি পাওঁ:[13]

 
তদুপৰি, যদি গড় ব্যয় পণ্যটোৰ বজাৰ মূল্যতকৈ কম হয়, তেন্তে ০ পৰিমাণ উৎপাদন কৰা অধিক লাভদায়ক হ'ব। সেয়ে, তেনে অৱস্থাক বাদ দিলে ওপৰৰ সমীকৰণে বৃহদায়নৰ চৰ্ত প্ৰদান অৰ্থাৎ, উৎপাদকে সেই পৰিমাণ যোগান ধৰে যি পৰিমাণৰ প্ৰান্তিক চলক ব্যয় সেই পণ্যৰ বজাৰ মূল্যৰ সমান। এই অৱস্থাক উৎপাদকৰ হ্ৰস্বম্যাদী সাম্যাৱস্থা বোলা হয়। ওপৰৰ সমীকৰণৰ দুয়ো ভাগ  ৰে অৱকলিত কৰি আমি পাওঁ:

 
 ক যোগান ফলন বোলা হয়। ওপৰৰ অসমতাৰ বাবে, ই কঠোৰভাৱে বৰ্ধমান। অৰ্থাৎ, বজাৰ মূল্য বৃদ্ধি পালে যোগানৰ পৰিমাণ বৃদ্ধি পায়। এই সত্যক যোগানৰ বিধানো বোলা হয়।

সাম্যাৱস্থা (হ্ৰস্বম্যাদী)সম্পাদনা কৰক

 
যোগান আৰু চাহিদাৰ সমতাই বজাৰ সাম্যাৱস্থা নিৰ্ণয় কৰে। চিত্ৰত মূল্যৰ বাহিৰে আন কোনো কাৰণত চাহিদা বৃদ্ধি পোৱাত এই সমতাৰ বিন্দু সলনি হৈছে: মূল্য আৰু বিক্ৰী হোৱা পৰিমাণ দুয়োৱে বাঢ়িছে

যেতিয়া বজাৰৰ সকলো উপভোক্তা সাম্যাৱস্থাত আছে, আৰু সকলো উৎপাদক হ্ৰস্বম্যাদী সাম্যাৱস্থাত আছে, তেতিয়া বজাৰ হ্ৰস্বম্যাদী সাম্যাৱস্থাত আছে। এনে সেই বজাৰ মূল্যতহে সম্ভৱ য'ত যোগান আৰু চাহিদা সমান। সেয়ে। ওপৰ্যুক্ত সাম্যাৱস্থাৰ সমূকৰণকেইটা ব্যৱহাৰ কৰি, বজাৰৰ হ্ৰস্বম্যাদী সাম্যাৱস্থাৰ চৰ্ত হ'ল:[14]

 

তুলনাত্মক স্থায়িত্বসম্পাদনা কৰক

যোগান আৰু চাহিদাৰ পৰিমাণ নিশ্চয়েই কেৱল বজাৰ মূল্যৰ ওপৰত নিৰ্ভৰ নকৰে। বিভিন্ন কাৰণত এই ফলনকেইটা সলনি হ'ব পাৰে: যেনে, বানে পথাৰ নষ্ট কৰিলে ধানৰ যোগান কম হ'ব, গ্ৰীষ্ম কালত আইচ ক্ৰীমৰ চাহিদা বৃদ্ধি পাব ইত্যাদি। চাহিদাক প্ৰভাৱিত এনে সকলো চলকক একত্ৰিত কৰি আমি চলক   সংজ্ঞায়িত কৰিছোঁ, যাতে  । ঠিক তেনেদৰে, যোগানক প্ৰভাৱিত কৰা সকলো চলকক একত্ৰিত কৰি আমি চলক   সংজ্ঞায়িত কৰিছোঁ, যাতে  । সেয়ে, হ্ৰস্বম্যাদী সাম্যাৱস্থাত:

 
তুলনাত্মক স্থায়িত্বত (comparative statics) এই বিশ্লেষণ কৰা হয় যে অচলসমূহৰ মান সলনি হ'লে, আভ্যন্তৰীণ চলকসমূহৰ সাম্যাৱস্থাৰ মান কিহলৈ সলনি হয়, সেই সলনিৰ প্ৰক্ৰিয়া কি সেই কথালৈ মন নকৰাকৈ।[15] তেনে কৰিবলৈ, ওপৰৰ সমীকৰণৰ দুয়ো ফাল  ৰে অৱকলিত কৰি আমি পাওঁ:

 
তদুপৰি,
 

একে ধৰণেৰে দুয়ো ফাল  ৰে অৱকলিত কৰি আমি পাওঁ

 
আৰু

 
সেয়েহে, বজাৰ মূল্যৰ বাহিৰে আন যিকোনো কাৰণত যদি চাহিদা বৃদ্ধি পায়, তেন্তে বিক্ৰী হোৱা পৰিমাণ আৰু বজাৰ মূল্য দুয়োৱে বৃদ্ধি পাব।[16] কিন্তু বজাৰ মূল্যৰ বাহিৰে আন যিকোনো কাৰণত যদি যোগান বৃদ্ধি পায়, তেন্তে বিক্ৰী হোৱা পৰিমাণ বৃদ্ধি পাব কিন্তু বজাৰ মূল্য হ্ৰাস পাব।[17]

উৎপাদক (দীৰ্ঘম্যাদী)সম্পাদনা কৰক

দীৰ্ঘম্যাদত উৎপাদকৰ কোনো স্থায়ী ব্যয় নাথাকে: উৎপাদকে দীঘল সময়ৰ বাবে লোকচানজনক কাৰখানা চলাই নাথাকিলেও হ'ব, পৰ্যাপ্ত সময় পালে তেওঁ কাৰখানা বিক্ৰী কৰি বজাৰ ত্যাগ কৰিব।[18] সেয়ে   আৰু  [19] সেই বাবে উৎপাদকে নিজ ইশ্চা মতে বজাৰত প্ৰৱেশ বা বজাৰৰ পৰা প্ৰস্থান কৰিব পাৰে। অৰ্থনৈতিক লাভ ঋণাত্মক হ'লে তেওঁলোকে বেপাৰ বন্ধ কতি প্ৰস্থান কৰে আৰু যোগাত্মক হ'লে প্ৰৱেশ কৰে। এই পৰিস্থিতিতেই উৎপাদকে নিৰ্ণয় গ্ৰহণ কৰে: বজাৰত থাকিব নে নাথাকিব, আৰু যদি থাকে, তেন্তে কিমান উৎপাদন কৰিব।

সাম্যাৱস্থা (দীৰ্ঘম্যাদী)সম্পাদনা কৰক

 
দীৰ্ঘম্যাদত উৎপাদকৰ অৰ্থনৈতিক লাভ ০ হৈ পৰে

দীৰ্ঘম্যাদী সাম্যাৱস্থা এনে এক পৰিস্থিতি য'ত সকলো উৎপাদকে লাভ বৃহদায়িত কৰিছে (য'ত স্থায়ী ব্যয় নাই), সকলো উপভোক্তাই উপযোগিতা বৃহদায়িত কৰিছে আৰু কোনো উৎপাদকৰ বজাৰৰ পৰা ওলাই যোৱাৰ বা বজাৰত সোমোৱাৰ কাৰণ নাই। দীৰ্ঘম্যাদী পৰ্যবেক্ষণত বজাৰখনত হোৱা লাভালাভৰ ভিত্তিত বিক্ৰেতাই বজাৰত সোমাব বা বজাৰ ত্যাগ কৰিব পাৰে। যদি লাভ যোগাত্মক, তেন্তে নতুন বিক্ৰেতা বজাৰত সোমাব আৰু যদি ই ঋণাত্মক, তেন্তে বৰ্তমানে বজাৰত থকা বিক্ৰেতা ওলাই যাব। দুয়ো পৰিস্থিতিয়েই স্থৱিৰ নহয়। সেয়ে দীৰ্ঘম্যাদী সাম্যাৱস্থাত অৰ্থনৈতিক লাভ ০। এটি প্ৰতিনিধি উৎপাদক গণ্য কৰক যাৰ ব্যয় ফলন ওপৰত আলোচনা কৰাৰ দৰে। উপভোক্তাৰ ফলনসমূহো ওপৰত আলোচনা কৰাৰ দৰে। তেন্তে তলৰ ৩টা চৰ্ত পূৰ্ণ হ'লে আমি দীৰ্ঘম্যাদী সাম্য়াৱস্থা পাওঁ সাম্যাৱস্থাৰ বজাৰ মূল্য  , সাম্যাৱস্থাৰ পৰিমাণ   আৰু সাম্যাৱস্থাত বিক্ৰেতাৰ সংখ্যা  :[20]

 
 
 
ওপৰৰ চৰ্তত্ৰয়ক একেলগ কৰি এনে কল্পনা কৰিব পৰা যায় যে দীৰ্ঘম্যাদী সাম্যাৱস্থাত চাহিদা   দীৰ্ঘম্যাদী যোগান   সমান হয়, য'ত

 
সেয়ে, দীৰ্ঘম্যাদী সাম্যাৱস্থাত আমি পাওঁ:[21]

 
দীৰ্ঘম্যাদী সাম্যাৱস্থা সকলো পৰিস্থিতিত অস্তিত্বত নাথাকিবও পাৰে। উদাহৰণ স্বৰূপে, যদি ব্যয়ে মাত্ৰাৰ বৰ্ধমান অৰ্থনীতি প্ৰদৰ্শন কৰে, তেন্তে কোনো দীৰ্ঘম্যাদী সাম্যাৱস্থা নাথাকে।[22] মাত্ৰাৰ স্থায়ী অৰ্থনীতিৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সাম্যাৱস্থাৰ মুঠ পৰিমাণ নিৰ্ণয় কৰিব পৰা যায়, কিন্তু সেই পৰিমাণ কিমানটা উৎপাদকে উৎপাদন কৰিব, সেই কথা নিশ্চিত কৰিব পৰা নাযায়। সেই কথা নিশ্চিত কৰিবলৈ এটি অনন্য দক্ষতা বৃহদায়িত কৰা স্তৰৰ প্ৰয়োজন।[23]

সাধাৰণ সাম্যাৱস্থাসম্পাদনা কৰক

আংশিক সাম্যাৱস্থাত কেৱল এখন বজাৰক অৰ্থব্যৱস্থাৰ আন আন ভাগৰ পৰা পৃথক কৰি চোৱা হৈছিল। সাধাৰণ সাম্যাৱস্থাত সমগ্ৰ অৰ্থব্যৱস্থাক একেলগ কৰি অধ্যয়ন কৰা হয়। ধৰি লওক অৰ্থব্যৱস্থাত   উপভোক্তা আৰু   উৎপাদক আছে। অৰ্থন্যৱস্থাত   পণ্য আছে। প্ৰত্যেক উপভোক্তা  ৰ নিজৰ উপভোগ সমষ্টি   আছে আৰু সেই সমষ্টিৰ ওপৰত যুক্তিসংগত পচন্দ   আছে। প্ৰত্যেক উৎপাদক  ৰ নিজৰ প্ৰযুক্তি বা উৎপাদন সমষ্টি   আছে, যাৰ অন্ততঃ এটা সদস্য আছে আৰু যি বদ্ধ। তদুপৰি, ধৰি লওক যে আৰম্ভণিতে অৰ্থব্যৱস্থাত উপলব্ধ পণ্যৰ নিধি সদিশ  । এটি আবণ্টন হ'ল প্ৰত্যেক উপভোক্তাৰ উপভোগৰ পৰিমাণসমূহ আৰু প্ৰত্যেক উৎপাদকৰ উৎপাদনৰ পৰিমাণসমূহ দৰ্শোৱা সদিশ:  । কোনো আবণ্টনক "সম্ভৱপৰ" বোলা হয় যদিহে  । এনে সকলো সদিশৰ সমষ্টিকে সম্ভৱপৰ সমষ্টি   বোলা হয়।[24]

এটি ব্যক্তিগত মালিকানাৰ অৰ্থব্যৱস্থা এনে এক অৰ্থব্যৱস্থা য'ত প্ৰত্যেক উপভোক্তাৰ নিজা প্ৰাৰম্ভিক নিধি   আৰু প্ৰত্যেক ব্যৱসায়ৰ লাভৰ ভাগৰ (shares) সদিশ   থাকে।

সেই অৰ্থনীতিৰ ৱাল্ৰাছীয়, প্ৰতিযোগিতামূলক বা মূল্য-গ্ৰাহক সাম্যাৱস্থাৰ চৰ্তসমূহ হ'ল:[24][25][26]

 
 
 
প্ৰথম চৰ্তই কয় যে উৎপাদকে সেই পৰিমাণ উৎপাদন কৰে যিয়ে তাৰ লাভ বৃহদায়িত কৰে, দিয়া হোৱা প্ৰযুক্তি ব্যৱহাৰ কৰি। দ্বিতীয় চৰ্তই কয় যে উপভোক্তাই সেই পৰিমাণ উপভোগ কৰি যি তেওঁৰ সৰ্বাধিক পচন্দ, সেই বাণ্ডলসমূহৰ ভিতৰত যাৰ দাম তেওঁৰ আয়তকৈ কম। অৱশেষত, তৃতীয় চৰ্তই কয় যে উপভোগ কৰা বাণ্ডলৰ পৰিমাণসমূহ সিমানেই যিমান অৰ্থব্যৱস্থাত উপলব্ধ, অৰ্থাৎ আৰম্ভণিতে থকা নিধি আৰু নতুনকৈ উৎপাদন কৰা পৰিমাণৰ যোগফল।

এই কথা প্ৰমাণ কৰিব পৰা যায় যে যদি কোনো নিভাঁজ বিনিময় অৰ্থনীতিত প্ৰত্যেক উপভোক্তাৰ উপযোগিতা ফলন নিৰন্তৰ, কঠোৰভাৱে উত্তল আৰু কঠোৰভাৱে একলয়ী (monotone) আৰু  , তেন্তে সেই অৰ্থনীতিৰ ৱালৰাছীয় সাম্য়াৱস্থাৰ অস্তিত্ব আছে।[27]

সামাজিক কল্যাণত প্ৰভাৱসম্পাদনা কৰক

আংশিক সাম্যাৱস্থাতসম্পাদনা কৰক

কোনো পৰিমাণ  ৰ বাবে, বজাৰখনৰ মাৰ্ছেলীয় উদ্বৃত্তক এনেদৰে সংজ্ঞায়িত কৰা হয়:[28]

 
এই উদ্বৃত্তই বজাৰত ক্ৰয়-বিক্ৰয়ৰ পৰা হোৱা কল্যাণৰ বৃদ্ধি মাপ কৰে। এই কল্যাণক বৃহদায়িত কৰাৰ চৰ্ত হ'ল:

 
মন কৰক যে এই চৰ্ত আৰু পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰৰ সাম্যাৱস্থাৰ চৰ্ত একেই। সেয়ে, পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰত সদায় সামাজিক কল্যাণ বৃহদায়িত হয়।[29]

সাধাৰণ সাম্যাৱস্থাতসম্পাদনা কৰক

কল্যাণ অৰ্থনীতিৰ মৌলিক উপপাদ্য দুটা আছে, যিয়ে পূৰ্ণ প্ৰতিযোগিতামূলক সাধাৰণ সাম্যাৱস্থাৰ কল্যাণমূলক গুণাগুণ প্ৰতিষ্ঠিত কৰে। প্ৰথম মৌলিক উপপাদ্যৰ মতে, কোনো কোনো বহল চৰ্তৰ পূৰ্তিত, পূৰ্ণ প্ৰতিযোগিতামূলক সাধাৰণ সাম্যাৱস্থা সদায় পাৰেট' ইষ্ট হ'ব: অৰ্থাৎ, বজাৰত পূৰ্ণ দক্ষতা লাভ হ'ব এই অৰ্থত যে কাৰোবাৰ ভাল কৰিবলৈ আন কাৰোবাৰ লোকচান কৰিবলগীয়া হ'ব। দ্বিতীয় মৌলিক উপপাদ্যৰ মতে, পাৰেট' ইষ্ট আবণ্টনসমূহৰ মাজত প্ৰত্যেক আবণ্টনেই কোনোবা নহয় কোনোবা অৰ্থব্যৱস্থাৰ পূৰ্ণ প্ৰতিযোগিতামূলক সাম্যাৱস্থা।

চৰকাৰী নীতিসম্পাদনা কৰক

প্ৰতিযোগিতা নীতিসম্পাদনা কৰক

 
ভাৰতৰ প্ৰতিযোগিতা আয়োগ সৃষ্টি কৰা হৈছিল একাধিকাৰিক প্ৰবৃত্তিক নিয়ন্ত্ৰণ কৰিবলৈ, ২০০২ চনত।

প্ৰতিযোগিতা আইন এনে আইন যিয়ে উৎপাদকৰ প্ৰতিযোগিতা বিৰোধী ব্যৱহাৰ ৰোধ কৰিব বিচাৰে।[30][31] আধুনিক প্ৰতিযোগিতা আইনৰ ভেটি এই ধাৰণা যে পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰৰ চৰ্তসমূহ পূৰ্ণ নহ'লে অৰ্থনৈতিক কল্যাণ বৃহদায়িত নহয়। ভিন ভিন দেশৰ ৰাষ্ট্ৰীয় স্তৰত নিজা প্ৰতিযোগিতা আইন আছে, যি সাধাৰণতে সেই দেশৰ সীমাৰ ভিতৰত হোৱা কাৰ্যকহে সামৰে।[31] কোনো কোনো ক্ষেত্ৰত "প্ৰভাৱ মতবাদ"ৰ ভিত্তিত সীমাৰ বাহিৰৰ কাৰ্যকো সামৰি লোৱা হয়।[32] আন্তৰ্জাতিক প্ৰতিযোগিতাৰ বাবে কেইবাখনো আন্তৰ্জাতিক চুক্তি স্বাক্ষৰিত হৈছে, যেনে বাণিজ্য আৰু শুল্কৰ সাধাৰণ চুক্তিত (GATT) প্ৰতিযোগিতা ৰক্ষাৰ কথা কোৱা হৈছে আৰু ইয়াৰ সম্বন্ধতে বিশ্ব বাণিজ্য সংস্থা স্থাপিত হৈছে।[33]

ভাৰতএকচেটীয়া আৰু নিষিদ্ধ বাণিজ্যক পদ্ধতি আইন, ১৯৬৯ পোণপ্ৰথমবাৰৰ বাবে প্ৰতিযোগিতা বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ১৯৯১ৰ অৰ্থনৈতিক সংস্কাৰৰ পাছত ভাৰত বাহ্যিক প্ৰতিযোগিতালৈ মুকলি হ'ল। তাৰ পাছত দেখা হ'ল যে পূৰ্বৰ প্ৰতিযোগিতা আইন নতুন সময়ৰ সৈতে খাপ নাখায়। সেয়ে, প্ৰতিযোগিতা আইন, ২০০২ সংসদে পাৰিত কৰিলে।[34] তাৰ লগতে ভাৰতৰ প্ৰতিযোগিতা আয়োগো প্ৰতিষ্ঠা কৰা হ'ল।[35] আমেৰিকা যুক্তৰাষ্ট্ৰশ্বেৰ্মান আইন, ১৮৯০এ ডাঙৰ কোম্পানীৰ দ্বাৰা প্ৰতিযোগিতাৰ বিৰোধী কাৰ্য নিষিদ্ধ কৰে।[36] যুক্তৰাষ্ট্ৰৰ চৰকাৰে তেতিয়াৰে পৰা বিভিন্ন স্বীকৃত অৰ্থনৈতিক তত্ত্বৰ ভিত্তিত প্ৰতিযোগিতাক সমৰ্থন জনাই আহিছে।[37] ১৯১৫ৰ আগলৈকে এই প্ৰয়োগ অসংগত আছিল। তাৰ পাছত হাৰ্ভাৰ্ডৰ গঠন-আচৰণ-কাৰ্যক্ষমতা মতবাদ মানি লোৱা হৈছিল, "যুক্তিৰ ৰাজত্ব"ৰ আইনী মতবাদৰ অন্তৰ্গত। ১৯৭৩ৰ পৰা ১৯৯১লৈকে শ্বিকাগো অৰ্থনৈতিক নীতি মানি চলা হৈছিল। ১৯৯২ৰ পৰা ঘাইকৈ খেল তাত্ত্বিক বিশ্লেষণেৰে প্ৰতিযোগিতা আইন ফলপ্ৰসু কৰা হৈছে।[38] ইউৰোপজাৰ্মানীয়ে ১৯২৩, স্বীডেনে ১৯২৫ আৰু নৰ্ৱেয়ে ১৯২৬ত প্ৰতিযোগিতা আইন পাৰিত কৰিছিল। ১৯২৯ৰ মহামন্দাৰ কালত এই আইন প্ৰায় নোহোৱা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দাবীত যুক্তৰাজ্য এনে প্ৰথম ইউৰোপীয় দেশ হ'ল যিয়ে এক সম্পূৰ্ণ প্ৰতিযোগিতামুখী আইন পাৰিত কৰিলে। ইউৰোপীয় কৈলা আৰু ষ্টীল সম্প্ৰদায়, ৰোম চুক্তি আদি সমগ্ৰ ইউৰোপীয় সংঘৰ স্তৰত প্ৰতিযোগিতা আইন প্ৰৱৰ্তনৰ ক্ষেত্ৰত মহত্বপূৰ্ণ আছিল। বৰ্তমানে লিবচন চুক্তিয়ে ইউৰোপীয় সংঘত প্ৰতিযোগিতা নিশ্চিত কৰে।[39] ১৯৮৮ৰ পৰা ২০০৮ৰ ভিতৰত ৮০খন দেশে প্ৰতিযোগিতা আইন পাৰিত কৰিলে। ২০০৮ চনত ১১১খন দেশত প্ৰতিযোগিতা আইন অস্তিত্বত আছিল।[40]

কৰ নীতিসম্পাদনা কৰক

 
কৰ আৰোপ কৰাৰ বাবে মুঠ কল্যাণৰ ক্ষতি হৈছে।

ধৰি লওক বজাৰত এটি প্ৰতি একক পৰিমাণ কৰ   আৰোপ কৰা হৈছে উৎপাদকৰ ওপৰত। তেন্তে সাম্যাৱস্থাত উৎপাদকৰ লাভ ফলন হ'ব:

 
ইয়াক বৃহদায়িত কৰি আমি পাম:

 
যেতিয়া   আমি পূৰ্ণ প্ৰতিযোগিতামূলক সাম্যাৱস্থাৰ চৰ্তই পাওঁ। বজাৰ সাম্যাৱস্থাত উৎপাদকৰ সাম্যাৱস্থাৰ লগতে উপভোক্তাৰ সাম্যাৱস্থা দেখা যাব, সেয়ে ধৰি লওক উপভোক্তাৰ বিলোম চাহিদা ফলন  , যি সাম্যাৱস্থাত  ৰ সমান। তেন্তে বজাৰ সাম্যাৱস্থাৰ চৰ্ত:

 
এই সমীকৰণক  ৰে অৱকলিত কৰি আমি পাওঁ:

 
সেয়ে, কৰৰ দৰ বৃদ্ধি কৰিলে সাম্যাৱস্থাৰ পৰিমাণ হ্ৰাস পায়। তদুপৰি, বজাৰ মূল্য   আৰু  , সেয়ে উৎপাদকৰ ওৰত কৰ লগালে মূল্য বৃদ্ধি পায়।[41]

মন কৰক যে উৎপাদকৰ ঠাইত উপভোক্তাৰ ওপৰত কৰ লগালেও সাম্যাৱস্থাৰ চৰ্তৰ সমীকৰণ একেই থাকিব, সেয়ে পৰিমাণ সমান পৰিমাণেই হ্ৰাস পাব। কিন্তু এইবাৰ মূল্য হ'ব   আৰু  , সেয়ে বজাৰ মূল্য হ্ৰাস পাব।

কৰৰ ভাৰসম্পাদনা কৰক

উৎপাদকৰ ওপৰত কৰ লগালে উৎপাদকে দাম বৃদ্ধি কৰি কৰৰ ভাৰৰ একাংশ উপভোক্তালৈ ঠেলি দিয়ে। ঠিক তেনেদৰে, উপভোক্তাৰ ওপৰত কৰ লগালে মূল্য হ্ৰাস পায় আৰু তাৰ বাবে কৰৰ ভাৰৰ একাংশ উৎপাদকেও ভৰিবলগীয়া হয়। আইনীভাৱে কৰ যাৰ ওপৰতেই আৰোপ কৰা নহওক কিয়, উপভোক্তা আৰু উৎপাদক উভয়েই কৰৰ ভাৰ গ্ৰহণ কৰিবলগীয়া হয়। এই কথা প্ৰমাণ কৰিব পৰা যায় যে যাৰ ওপৰতেই কৰ আৰোপ কৰা নহওক কিয়, কোনে কৰৰ কিমান ভৰ ল'ব লাগিব সেয়া বজাৰেহে নিৰ্ণয় কৰে, আইনী ব্যৱস্থাই নহয়। এই কথা চাবলৈ ধৰি লওক এটা অতিলঘু কৰ   আৰোপ কৰা হৈছে। তাৰ বাবে পৰিমাণ  ৰে হ্ৰাস পাইছে। তাৰ ফলত বিলোম চাহিদা  ৰে হ্ৰাস পাইছে আৰু বিলোম যোগান  ৰে। প্ৰথমক দ্বিতীয়ৰে ভাগ কৰি আমি পাওঁ  । দ্বিতীয় সমতা পাওঁ কাৰণ সাম্যাৱস্থাত   আৰু   ক্ৰমে বিলোম চাহিদা, বিলোম যোগা, যোগান আৰু চাহিদাৰ স্থিতিস্থাপকতা। সেয়ে, যাৰ স্থিতিস্থাপকতা কম, তেওঁ কৰৰ অধিক ভাৰ বহন কৰিবলগীয়া হয়।

ওপৰৰ বিশ্লেষণ হ্ৰস্বম্যাদতহে খাটে। দীৰ্ঘম্যাদত প্ৰত্যেক উৎপাদকৰ অৰ্থনৈতিক লাভ ০, সেয়ে কৰৰ সম্পূৰ্ণ ভাৰ উপভোক্তাৰ ওপৰত।

কল্যাণৰ ক্ষতিসম্পাদনা কৰক

কৰে মুঠ উৎপাদন পূৰ্ণ প্ৰতিযোগিতাৰ সাম্যাৱস্থাৰ উৎপাদনতকৈ কমাই দিয়ে। ধৰি লওক কৰৰ আগৰ সাম্যাৱস্থাৰ পৰিমাণ   আৰু কৰৰ পাছৰ পৰিমাণ  । পৰিমাণ  লৈকে উপভোক্তাৰ কল্যাণ  , উৎপাদকৰ কল্যাণ   আৰু চৰকাৰৰ ৰাজহ  । আটাইকে যোগ কৰি আমি মুঠ কল্যাণ পাওঁ:

 
ইয়াক বৃহদায়িত কৰি আমি পাওঁ:

 
ই পূৰ্ণ প্ৰতিযোগিতাৰ কৰবিহীন সাম্যাৱস্থা। সেয়ে, কৰ যোগাত্মকেই হওক বা ঋণাত্মকেই (ঋণাত্মক কৰ ৰাজসায্যৰ সমতুল্য), মুঠ কল্যাণত ক্ষতি হয়। এই ক্ষতিক কৰৰ deadweight loss বোলা হয়। এই কথা দেখাব পৰা যায় যে যদি যোগান আৰু চাহিদাৰ স্থিতিস্থাপকতা কম হয়, তেন্তে deadweight lossও কম হয়। সেয়ে, আভিজাত্যৰ পণ্যৰ ঠাইত প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰিলে কল্যাণৰ মুঠ ক্ষতি কম হ'ব।[42]

দ্বিতীয় শ্ৰেষ্ঠৰ তত্ত্বসম্পাদনা কৰক

পূৰ্ণ প্ৰতিযোগিতাৰ চৰ্তসমূহ পূৰ্ণ নহ'লে বজাৰ ব্যৱস্থাৰ ফলাফল দক্ষ নহ'বও পাৰে। সেয়ে নীতিনিৰ্ধাৰকসকলে প্ৰায় সেই চৰ্তসমূহ পূৰ্ণ কৰিব বিচাৰে। কিন্তু দ্বিতীয় শ্ৰেষ্ঠৰ তত্ত্বৰ মতে, যদি পূৰ্ণ প্ৰতিযোগিতাৰ কোনো চৰ্ত পূৰ্ণ কৰা অসম্ভৱ, তেন্তে আন কিছু চৰ্তৰ পূৰ্তিৰ পৰা অপূৰ্তিৰ দিশে গমনে কল্যাণ বৃদ্ধিও কৰিব পাৰে।[43] ৰাজনৈতিকভাৱে, ই এই কথা বুজায় যে এনে পৰিস্থিতিত য'ত পূৰ্ণ প্ৰতিযোগিতাৰ কিছু চৰ্ত ইতিমধ্যে অপূৰ্ত, অতিৰিক্ত অপূৰ্তিৰ দিশে লৈ যোৱা নীতিয়ে ভালো কৰিব পাৰে।[44] এই ক্ষেত্ৰত অৰ্থনীতিবিদ ৰিচাৰ্ড লিপ্সি আৰু কেল্ভিন লেনকেষ্টাৰে ভালেমান কাম কৰিছে।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. UMN. Principles of Economics. https://open.lib.umn.edu/principleseconomics/chapter/9-1-perfect-competition-a-model/#:~:text=The%20assumptions%20of%20the%20perfectly,any%20impact%20on%20that%20price.
  2. Investopedia. Price taker definition. https://www.investopedia.com/terms/p/pricetaker.asp
  3. IMF. Supply and demand: Why markets tick. https://www.imf.org/external/pubs/ft/fandd/basics/suppdem.htm
  4. Investopedia. Perfect vs. imperfect competition. https://www.investopedia.com/ask/answers/032515/what-difference-between-perfect-and-imperfect-competition.asp
  5. DiRita. Economic rationality assumption. https://link.springer.com/referenceworkentry/10.1007/978-94-007-0753-5_822#:~:text=Definition,%2C%20moral%2C%20or%20psychological%20elements.
  6. Investopedia. Externality: What it means. https://www.investopedia.com/terms/e/externality.asp#:~:text=An%20externality%20is%20a%20cost,of%20a%20good%20or%20service.
  7. Investopedia. Barriers to entry. https://www.investopedia.com/terms/b/barrierstoentry.asp
  8. Investopedia. Coase theorem. https://www.investopedia.com/terms/c/coase-theorem.asp
  9. Lumen learning. Consumer choice and utility. https://courses.lumenlearning.com/wm-microeconomics/chapter/consumer-choice-and-utility/
  10. Gilbert. UNESCAP. Partial Equilibrium Analysis Part I A Basic Partial Equilibrium Model Capacity Building Workshop “Enhancing Capacity on Trade Policies and Negotiations in Laos” May 8-10, 2017 Vientienne, Lao PDR. https://www.unescap.org/sites/default/files/09_PE_I.pdf
  11. Investopedia. Numeraire definition. https://www.investopedia.com/terms/n/numeraire.asp#:~:text=Numeraire%20is%20an%20economic%20term%20that%20represents%20a%20unit%20in,of%20goods%20against%20one%20another.
  12. Investopedia. Marginal Utilities: Definition, Types, Examples, and History. https://www.investopedia.com/terms/m/marginalutility.asp#:~:text=Marginal%20utility%20is%20useful%20in,price%20equals%20the%20marginal%20cost.
  13. Economics discussion net. Equilibrium of the Firm: Short-Run and Long-Run. https://www.economicsdiscussion.net/equilibrium/equilibrium-of-the-firm-short-run-and-long-run/21729
  14. saylor.org. Market Equilibrium and the Perfect Competition Model. https://saylordotorg.github.io/text_principles-of-managerial-economics/s06-market-equilibrium-and-the-per.html
  15. Economics discussion net. Comparative Static Economics: A Study Note. https://www.economicsdiscussion.net/economics-2/static-economics/comparative-static-economics-a-study-note/14313
  16. Corporate finance institute. Demand shock. https://corporatefinanceinstitute.com/resources/knowledge/economics/demand-shock/
  17. Investopedia. Why Do Supply Shocks Occur and Who Do They Affect? https://www.investopedia.com/ask/answers/041015/why-do-supply-shocks-occur-and-who-do-they-negatively-affect-most.asp
  18. Your article library. The Long-Run Equilibrium of the Firm under Perfect Competition. https://www.yourarticlelibrary.com/economics/perfect-competition/the-long-run-equilibrium-of-the-firm-under-perfect-competition/37115
  19. Mas-Colell, Winston and Green. Microeconomic Theory. 3rd edition. Page 334.
  20. Mas-Colell, Winston and Green. Microeconomic Theory. 3rd edition. Page 335.
  21. Mas-Colell, Winston and Green. Microeconomic Theory. 3rd edition. Page 336.
  22. Mas-Colell, Winston and Green. Microeconomic Theory. 3rd edition. Page 337.
  23. Mas-Colell, Winston and Green. Microeconomic Theory. 3rd edition. Page 338.
  24. 24.0 24.1 Mas-Colell, Winston and Green. Microeconomic Theory. 3rd edition. Page 546.
  25. Mas-Colell, Winston and Green. Microeconomic Theory. 3rd edition. Page 547.
  26. Mas-Colell, Winston and Green. Microeconomic Theory. 3rd edition. Page 579.
  27. Mas-Colell, Winston and Green. Microeconomic Theory. 3rd edition. Page 585.
  28. Mas-Colell, Winston and Green. Microeconomic Theory. 3rd edition. Page 330.
  29. Mas-Colell, Winston and Green. Microeconomic Theory. 3rd edition. Page 331.
  30. Li, Rita Yi Man; Li, Yi Lut (1 June 2013). "The Role of Competition Law(Act): An Asian Perspective". SSRN 2281756.
  31. 31.0 31.1 Taylor, Martyn D. (2006). International competition law: a new dimension for the WTO?. Cambridge University Press. p. 1. ISBN 978-0-521-86389-6.
  32. JG Castel, 'The Extraterritorial Effects of Antitrust Laws' (1983) 179 Recueil des Cours 9
  33. Taylor, Martyn D. (2006). International competition law: a new dimension for the WTO?. Cambridge University Press. p. 2. ISBN 978-0-521-86389-6.
  34. "CCI will be in full operation next year". The Hindu. 11 September 2007. ISSN 0971-751X. Retrieved 19 November 2015.
  35. CCI. https://www.cci.gov.in/index.php?option=com_content&task=view&id=18
  36. Officially re-designated as the "Sherman Act" by Congress in the Hart–Scott–Rodino Antitrust Improvements Act of 1976, (Public Law 94-435, Title 3, Sec. 305(a), 90 Stat. 1383 at p. 1397).
  37. Papadopoulos, Anestis S (2010). The International Dimension of EU Competition Law and Policy. Cambridge University Press. p. 12. ISBN 978-0-521-19646-8.
  38. Papadopoulos, Anestis S (2010). The International Dimension of EU Competition Law and Policy. Cambridge University Press. pp. 11–12. ISBN 978-0-521-19646-8.
  39. Vandenborre, Ingrid; Goetz, Thorsten; Dionnet, Stephane. "EU Nonmerger Antitrust Enforcement Gets Stricter". Transaction Advisors. ISSN 2329-9134.
  40. Papadopoulos, Anestis S (2010). The International Dimension of EU Competition Law and Policy. Cambridge University Press. p. 15. ISBN 978-0-521-19646-8.
  41. Saylor.org. Effect of taxes. https://saylordotorg.github.io/text_introduction-to-economic-analysis/s16-03-effect-of-taxes.html#:~:text=Key%20Takeaways-,A%20perfectly%20competitive%20industry%20must%20pass%20on%20all%20of%20a,price%20and%20reduce%20its%20quantity.
  42. Polinomics. Perfect competition II: Taxes. https://policonomics.com/lp-perfect-competition2-tax/
  43. Lipsey, R. G.; Lancaster, Kelvin (1956). "The General Theory of Second Best". Review of Economic Studies. 24 (1): 11–32. doi:10.2307/2296233. JSTOR 2296233.
  44. Krugman, Paul (June 22, 2014). "The Big Green Test - Conservatives and Climate Change". The New York Times. Retrieved 27 June 2014.