পেনেলোপে ক্ৰুজ

স্পেনিছ অভিনেত্ৰী

পেনেলোপে ক্ৰুজ ছানচেজ ( (স্পেনিছ: Penélope Cruz Sánchez)  ; বিকল্প উচ্চাৰণ: পেনেলোপি ক্ৰুজ, জন্ম: ২৮ এপ্ৰিল, ১৯৭৪) [1] এগৰাকী স্পেনিছ অভিনেত্ৰী। ১৫ বছৰ বয়সৰ পৰাই তাই অভিনয় আৰম্ভ কৰে। কম বয়সতে জামন, জামন, দ্য গাৰ্ল অৱ ইউৰ ড্ৰিমছ, বেলা ইপক আদি ছবিত অভিনয় কৰি সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷ আমেৰিকাৰ বিভিন্ন ছবিতো তাইক দেখা যায়। এই ছবিসমূহৰ ভিতৰত আছে ব্ল, ভেনিলা স্কাই, ভিকি ক্ৰীষ্টিনা বাৰ্চিলোনা আৰু নাইন ৷ তাই স্পেনিছ চলচ্চিত্ৰ পৰিচালক পেড্ৰ' আলমোড'ভাৰৰ সৈতে ব্ৰকেন এম্ব্ৰেছ, ভলভাৰ, অল এবাউট মাই মাদাৰ আৰু পাইৰেটছ অৱ দ্য কেৰিবিয়ান: অন ষ্ট্ৰেঞ্জাৰ টাইডছ ছবিত কাম কৰাৰ বাবেও পৰিচিত। তাই একাডেমী বঁটা (শ্ৰেষ্ঠ অভিনেত্ৰী) লাভ কৰা প্ৰথমগৰাকী স্পেনিছ অভিনেত্ৰী হিচাপে পৰিগণিত হয় আৰু হলিউডৰ ৱাক অৱ ফেমত লিপিবদ্ধ হয়।

Penélope Cruz
A photograph of Penélope Cruz at the 32nd Annual Goya Awards in 2018
২০১৮ চনত ক্ৰুজ
জন্ম Penélope Cruz Sánchez
২৮ এপ্ৰিল, ১৯৭৪ (৫০ বছৰ)
Alcobendas, স্পেইন
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৮৮–বৰ্তমান
দাম্পত্যসঙ্গী Javier Bardem (বি. ২০১০)
সন্তান
আত্মীয়-স্বজন Mónica Cruz (ভগ্নী)


২০১২ চনৰ টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ক্ৰুজ।

ক্ৰুজে তিনিবাৰকৈ গয়া বঁটা, দুবাৰকৈ ইউৰোপীয় চলচ্চিত্ৰ বঁটা আৰু ২০০৬ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে। [2] ২০০৯ চনত ভিকি ক্ৰীষ্টিনা বাৰ্চিলোনা ছবিখনত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ একাডেমী বঁটা লাভ কৰে। এই ছবিখনত অভিনয় কৰি তেওঁ বাফটা আৰু গয়া বঁটাও লাভ কৰে। তাই অস্কাৰ বঁটা বিজয়ী প্ৰথম স্পেনিছ মহিলা [3] [4], আৰু ষষ্ঠ হিস্পানিক ব্যক্তি। ইয়াৰ পূৰ্বে অস্কাৰ বিজয়ীসকলৰ ভিতৰত জোচে ফেৰেৰ, ৰীটা মৰেনো, বেনিচিঅ' ডেল ট'ৰো (প'ৰ্ট' ৰিকো), এন্থনী কুইন (মেক্সিকো), আৰু স্পেনিছ জেভিয়াৰ বাৰ্ডেম [3] [4] ক্ৰুজে ২০১০ চনত নাইনত কাৰ্লা আলবানিজৰ চৰিত্ৰত অভিনয় কৰি তৃতীয়টো একাডেমী বঁটা লাভৰ বাবে মনোনীত হয়।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Penélope Cruz Biography". Biography.com. http://www.biography.com/people/penelope-cruz-9262753। আহৰণ কৰা হৈছে: 15 July 2014. 
  2. "Festival de Cannes: Volver". festival-cannes.com. Archived from the original on ২০১১-০৮-২২. https://web.archive.org/web/20110822190432/http://www.festival-cannes.com/en/archives/ficheFilm/id/4332959/year/2006.html। আহৰণ কৰা হৈছে: 2009-12-13. 
  3. 3.0 3.1 Hollywood loves foreigners, so long as they're not the stars
  4. 4.0 4.1 Penelope Cruz: Hollywood learns a new film language