ব্যাপক অৰ্থত প্ৰকৃতি (ইংৰাজী: Nature) বুলিলে প্ৰাকৃতিক, ভৌতিক বা বস্তুতাত্বিক পৃথিৱী বা বিশ্বব্ৰহ্মাণ্ডক বুজায়। "প্ৰকৃতি" শব্দই ভৌতিক পৃথিৱীত ঘটি থকা পৰিঘটনাবোৰ, লগতে জীৱনক নিৰ্দেশ কৰে। প্ৰকৃতিৰ অধ্যয়ন বিজ্ঞানৰ এটা বৃহৎ অধ্যায়। যদিও মানুহৰ কামবোৰ প্ৰাকৃতিক পৰিঘটনাৰ পৰা পৃথক বুলি ভবা হয়, তথাপি মানুহো প্ৰকৃতিৰে এটা অংগ।

ছাকি জলপ্ৰপাত, আৰ্মেনিয়া
গুলুংগুং আগ্নেয়গিৰিৰ উদগীৰণৰ সময়ত বিজুলিৰ চমকনি, পশ্চিম জাভা
সাগৰ তলিৰ জীৱন

প্ৰকৃতিৰ ইংৰাজী nature শব্দটো লেটিন শব্দnaturaৰ পৰা আহৰণ কৰা হৈছে, ইয়াৰ অৰ্থ হৈছে "essential qualities, innate disposition", আৰু অতীজতে ইয়াৰ আক্ষৰিক অৰ্থ আছিল "জন্ম (birth)"। Natura হৈছে গ্ৰীক শব্দ physis (φύσις)ৰ লেটিন অনুবাদ। ই প্ৰকৃততে উদ্ভিদ, প্ৰাণী আদিৰ অন্তৰ্নিহিত বৈশিষ্ট্য আৰু পৃথিৱীৰ অন্য বৈশিষ্টৰ সৈতে সম্পৰ্কীত আছিল।[1][2] সামগ্ৰকভাবে প্ৰকৃতিৰ ধাৰণাটোত, ভৌতিক বিশ্বব্ৰহ্মাণ্ডক বুজায়।[3] "ভৌতিক" শব্দৰ ক্ষেত্ৰত দেখা যায় যে ১৫ শতিকাৰ মাজভাগত ইয়াৰ সমাৰ্থক হিচাপে "প্ৰাকৃতিক" শব্দটো ব্যৱহাৰ কৰা হৈছিল।

বৰ্তমান প্ৰকৃতি শব্দ বিশেষকৈ ভূগোল আৰু বন্য জীৱন বুজাবলৈ ব্যৱহাৰ কৰা হয়। জীৱিত উদ্ভিদ আৰু প্ৰাণীৰ সাধাৰণ বৈশিষ্ট্য বুজাবলৈও প্ৰকৃতি শব্দৰ ব্যৱহাৰ কৰা হয়। কেতিয়াবা পৃথিৱীৰ কোনো বস্তুৰ স্থিতি অথবা পৰিবৰ্তন বুজাবলৈও ইয়াক ব্যৱহাৰ কৰা হয়, যেনে- বতৰ, পৃথিৱীৰ ভূগোল আদি। ইয়াক প্ৰায়ে "প্ৰাকৃতিক পৰিৱেশ" বা বন্য জীৱন—বন্য প্ৰাণী, শিল, হাবি−বননি, আৰু সাধাৰণতে মানুহৰ হস্তক্ষেপ নথকা সকলো বস্তুকে বুজায়। উদাহৰণ স্বৰূপে উদ্যোগত উৎপাদিত সামগ্ৰীসমূহ আৰু মানুহৰ অৰিহনা থকা বস্তুসমূহক প্ৰকৃতিৰ অংশ হিচাপে ধৰা নহয়। পৰম্পৰাগত ধাৰণাত প্ৰাকৃতিক বস্তু আৰু কৃত্ৰিম বস্তুৰ স্পষ্ট পাৰ্থক্যৰ ব্যখ্যা দেখিবলৈ পোৱা যায়, মানুহৰ দ্বাৰা নিৰ্মিত বা উৎপাদিত বস্তু সমূহক কৃত্ৰিম বুলি গণ্য কৰা হয়। কিছুমান বিশেষ পৰিস্থিতিত প্ৰাকৃতিক শব্দটো অপ্ৰাকৃতিক বা অতিপ্ৰাকৃতিকৰ পৰা পাৰ্থক্য দেখুৱাবলৈও ব্যৱহাৰ কৰা হয়।

 
১৯৭২ চনত এপল' ১৭ মহাকাশ যানে তোলা পৃথিৱীৰ চিত্ৰ।

পৃথিৱী হৈছে জীৱন সম্ভৱ হোৱা বৰ্তমানলৈকে জনা একমাত্ৰ গ্ৰহ, আৰু ইয়াৰ প্ৰাকৃতিক বৈশিষ্টবোৰ বহুতো বৈজ্ঞানিক অনুসন্ধানৰ গুৰুত্বপূৰ্ণ বিষয়। ই সৌৰজগতত তৃতীয় গ্ৰহ; ই আটাইতকৈ ডাঙৰ ভূত্বকীয় গ্ৰহ (terrestrial planet) আৰু ই পঞ্চম বৃহৎ গ্ৰহ। ইয়াৰ আটাইতকৈ বৈশিষ্টপূৰ্ণ জলবায়ু হৈছে ইয়াৰ দুই মেৰু অঞ্চল, দুটা তুলনামূলক ভাবে শীতোষ্ণ অঞ্চল, আৰু এটা বহল অক্ষীয় নাতিশীতোষ্ণ আৰু অৰ্ধ নাতিশীতোষ্ণ অঞ্চল।[4] পৃথিৱী হৈছে মানুহ সহ কোটি কোটি প্ৰজাতি জীৱৰ আবাসস্থল। ৪৫৪ কোটি বছৰ আগে পৃথিৱী গঠিত হৈছিল। এক বিলিয়ন বছৰৰ ভিতৰত পৃথিৱীৰ বুকুত প্ৰাণৰ আৱিৰ্ভাব ঘটে।[5] পৃথিৱীৰ জৈবমণ্ডল এই গ্ৰহৰ বায়ুমণ্ডল আৰু অন্যান্য অজৈৱিক অৱস্থাবোৰৰ গুৰুত্বপূৰ্ণ পৰিবৰ্তন আহিছে। ইয়াৰ ফলত এফালে যেনেকৈ বায়ুজীবী জীবজগতৰ বংশবৃদ্ধি ঘটিছে, আনফালে তেনেকৈ অ'জন স্তৰ গঠিত হৈছে। পৃথিৱীৰ চুম্বক ক্ষেত্ৰৰ লগত একেলগে এই অ'জন স্তৰে ক্ষতিকৰ সৌৰ বিকিৰণৰ গতিৰোধ কৰি গ্ৰহৰ বুকুত প্ৰাণৰ বিকাশ ঘটাৰ পথ প্ৰশস্ত কৰে।[6] পৃথিৱীৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ ভূতাত্ত্বিক ইতিহাস আৰু কক্ষপথ প্ৰাণৰ অস্তিত্ব ৰক্ষাৰ সহায়ক হৈছে। মনে কৰা হৈছে, আৰু ৫০ কোটি বছৰ পৃথিৱী প্ৰাণধাৰণৰ সহায়ক অৱস্থাত থাকিব।[7]

পৃথিৱীৰ উপৰিভাগ একাধিক কঠিন স্তৰত বিভক্ত। এইবোৰক ভূত্বকীয় পাত বোলা হয়। কোটি কোটি বছৰ ধৰি এইবোৰ পৃথিৱীৰ উপৰিভাগত আছে। পৃথিৱীতলৰ প্ৰায় ৭১% লৱণযুক্ত জলৰ মহাসাগৰৰ দ্বাৰা আবৃত।[8] অৱশিষ্টাংশ গঠিত হৈছে মহাদেশ আৰু অসংখ্য দ্বীপৰ দ্বাৰা। স্থলভাগতো আছে অজস্ৰ হ্ৰদ আৰু পানীৰ অন্যান্য উৎস। এইবোৰৰ দ্বাৰাই গঠিত হৈছে বিশ্বৰ জলভাগ। জীৱনধাৰণৰ বাবে অত্যাৱশ্যকীয় তৰল পানী এই গ্ৰহৰ ভূত্বকৰ কোনো ঠাইতে সমভাৰ অৱস্থাত পোৱা নাযায়। পৃথিৱীৰ ভৌগোলিক মেৰু সদায়ে কঠিন বৰফ বা সামুদ্ৰিক বৰফেৰে আবৃত থাকে। পৃথিৱীৰ অভ্যন্তৰভাগ সৰ্বদা ক্ৰিয়াশীল। এই অংশ এক আপেক্ষিকভাবে কঠিন মেণ্টেলৰ শকত স্তৰ, এক তৰল বহিঃকেন্দ্ৰ আৰু এক কঠিন লৌহ অন্তঃকেন্দ্ৰৰ দ্বাৰা গঠিত।

মহাবিশ্বৰ অন্যান্য বস্তুৰ সৈতে পৃথিৱীৰ সম্পৰ্ক বিদ্যমান। বিশেষকৈ সূৰ্য আৰু চন্দ্ৰৰ সৈতে এই গ্ৰহৰ বিশেষ সম্পৰ্ক আছে। বৰ্তমানে পৃথিৱী নিজ কক্ষপথত প্ৰায় ৩৬৫.২৬ সৌৰদিনত বা এক নক্ষত্ৰ বৰ্ষত সূৰ্যক প্ৰদক্ষিণ কৰে।[9] পৃথিৱী নিজ অক্ষৰ ৬৬.১/২ ডিগ্ৰি কোণত হালি আছে। ইয়াৰ ফলত এক বিষুৱীয় বছৰ (৩৬৫.২৪ সৌৰদিন) সময়কালৰ ভিতৰত এই বিশ্বৰ বুকুত ঋতুপৰিবৰ্তন ঘটি থাকে।[10] পৃথিৱীৰ একমাত্ৰ বিদিত প্ৰাকৃতিক উপগ্ৰহ হ'ল চন্দ্ৰ। ৪.৩৫ বিলিয়ন বছৰ আগত ই পৃথিৱীক প্ৰদক্ষিণ কৰা আৰম্ভ কৰিছিল। চন্দ্ৰৰ গতিৰ ফলতেই পৃথিৱীত সামুদ্ৰিক জোৱাৰ−ভাঁটা হয় আৰু পৃথিৱীৰ কক্ষৰ ঢাল সুস্থিত থাকে। চন্দ্ৰৰ গতিয়ে ধীৰে ধীৰে পৃথিৱীৰ গতিক কমাই আনিছে। ৩.৮ বিলিয়নৰ পৰা ৪.১ বিলিয়ন বছৰৰ ভিতৰত পৰবৰ্তী মহাসংঘৰ্ষৰ সময়ত একাধিক গ্ৰহাণুৰ সৈতে পৃথিৱীৰ সংঘৰ্ষত গ্ৰহৰ উপৰিভাগৰ পৰিৱেশৰ উল্লেখযোগ্য পৰিবৰ্তন সাধিত হৈছিল।

গ্ৰহৰ খনিজ সম্পদ আৰু জৈৱ সম্পদ উভয়ই মানৱজাতিৰ জীৱনধাৰণৰ বাবে অপৰিহাৰ্য।


তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. An account of the pre-Socratic use of the concept of φύσις may be found in Naddaf, Gerard (2006) The Greek Concept of Nature, SUNY Press. The word φύσις, while first used in connection with a plant in Homer, occurs very early in Greek philosophy, and in several senses. Generally, these senses match rather well the current senses in which the English word nature is used, as confirmed by Guthrie, W.K.C. Presocratic Tradition from Parmenides to Democritus (volume 2 of his History of Greek Philosophy), Cambridge UP, 1965.
  2. The first known use of physis was by Homer in reference to the intrinsic qualities of a plant: ὣς ἄρα φωνήσας πόρε φάρμακον ἀργεϊφόντης ἐκ γαίης ἐρύσας, καί μοι φύσιν αὐτοῦ ἔδειξε. (So saying, Argeiphontes [=Hermes] gave me the herb, drawing it from the ground, and showed me its nature.) Odyssey 10.302–03 (ed. A.T. Murray). (The word is dealt with thoroughly in Liddell and Scott's Greek Lexicon Archived March 5, 2011, at the Wayback Machine.) For later but still very early Greek uses of the term, see earlier note.
  3. Isaac Newton's Philosophiae Naturalis Principia Mathematica (1687), for example, is translated "Mathematical Principles of Natural Philosophy", and reflects the then-current use of the words "natural philosophy", akin to "systematic study of nature"
  4. "World Climates". Blue Planet Biomes. http://www.blueplanetbiomes.org/climate.htm। আহৰণ কৰা হৈছে: September 21, 2006. 
  5. Dalrymple, G. Brent (2001). "The age of the Earth in the twentieth century: a problem (mostly) solved". Special Publications, Geological Society of London. 190 (1): 205–221. Bibcode:2001GSLSP.190..205D. doi:10.1144/GSL.SP.2001.190.01.14.
  6. Burton, Kathleen (2002-11-29). "Astrobiologists Find Evidence of Early Life on Land"
  7. Kunin, W.E.; Gaston, Kevin, eds. (31 December 1996). The Biology of Rarity: Causes and consequences of rare—common differences.
  8. National Oceanic and Atmospheric Administration. "Ocean". NOAA.gov.
  9. Yoder, Charles F. (1995). T. J. Ahrens, ed. Global Earth Physics: A Handbook of Physical Constants. Washington: American Geophysical Union. p. 8.
  10. Williams, David R. (2004-09-01). "Earth Fact Sheet".